About: http://data.cimple.eu/claim-review/a99a204ac5cd102a057d8e61d62b981a110f6438f72b49c4c07517d0     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • লেখক: প্ৰভানু দাস অক্টোবৰ 10 2024 ভিডিঅ'টোত দেখা লোকজনৰ নাম হানিফ মিয়া, মুছলমান সম্প্ৰদায়ৰ লোকজনক তেওঁৰ পৰিয়ালৰ সদস্যই হত্যা কৰিছিল। এইটো সাম্প্ৰদায়িক কাৰণত সংঘটিত হত্যাকাণ্ড নহয়। কি দাবী কৰা হৈছে? এক্স (পূৰ্বৰ টুইটাৰ)ত ভাইৰেল পোষ্টত ১০ ছেকেণ্ডৰ এটা ভিডিঅ’ প্ৰচাৰ হৈছে, য’ত এটা মৃতদেহৰ চাৰিওফালে মানুহৰ এটা ভিৰ দেখা পোৱা গৈছে, মৃতদেহটোৰ কাষত এগৰাকী বৃদ্ধা মহিলাক বহি কান্দি থকা দেখা যায়। একাধিক লোকে ভিডিঅ’টো শ্বেয়াৰ কৰি বাংলাদেশত "এজন হিন্দুক" হত্যা কৰা হয় বুলি দাবী কৰি এই ঘটনা দেশখনৰ নৰসিংদী জিলাৰ ঈদগাহ গেট কৌৰিয়া পাৰাৰ সন্মুখত সংঘটিত হৈছিল বুলি উল্লেখ কৰে। উক্ত পোষ্টসমূহে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ক টেগ কৰি সংস্থাটোৰ নিষ্ক্ৰিয়তাক সমালোচনা কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক বাংলাদেশী হিন্দুসকলৰ হৈ মাত মাতিবলৈ আহ্বান জনায়। এনে পোষ্টৰ আৰ্কাইভ কৰা লিংক ইয়াত, ইয়াত, আৰু ইয়াত উপলব্ধ। ভাইৰেল ভিডিঅ'টো শ্বেয়াপ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) অৱশ্যে, ভিডিঅ’টোত দেখা মৃত লোকজন নাম হানিফ মিয়া, আৰু আমাৰ অনুসন্ধানত ইন্টাৰনেটত প্ৰচাৰিত সাম্প্ৰদায়িক দাবীসমূহৰ বিপৰীতে তেওঁ পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ফলত সম্পৰ্কীয় ভাতৃৰ হাতত নিহত হোৱা বুলি জানিব পৰা গৈছে। আমি কি বিচাৰি পালোঁ? ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৮ চনৰ ১ অক্টোবৰত আপলোড কৰা বাংলাদেশী নিউজ চেনেল চৰজমিন বাৰ্তাৰ এটা ভিডিঅ’ প্ৰতিবেদন (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। বেলেগ দিশৰ পৰা বন্দী কৰা এই ফুটেজটোত একেধৰণৰ ভিজুৱেল দেখুওৱা হৈছে আৰু ভুক্তভোগীক হানিফ মিয়া বুলি চিনাক্ত কৰা হৈছে। প্ৰতিবেদনটোত উল্লেখ কৰা মতে মিয়াৰ বিৰুদ্ধে হত্যাকে ধৰি একাধিক অভিযোগ আছিল। প্ৰতিবেদনত উল্লেখ কৰা আৰক্ষী আৰু আত্মীয়ৰ বক্তব্য অনুসৰি পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে লোকজনক হত্যা কৰা হয়। অভিযোগ অনুসৰি উক্ত হত্যাকাণ্ডৰ তিনি মাহ পূৰ্বে হানিফ মিয়াই তেওঁৰ মোমায়েক হাবু মিয়াক হত্যা কৰিছিল। হনিফৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত কেইজন হৈছে হাবু মিয়াৰ পুত্ৰ তথা তেওঁ সম্পৰ্কীয় ভাতৃ নইম আৰু নাডিম। আমি ভাইৰেল ভিডিঅ’ আৰু ইউটিউবৰ প্ৰতিবেদন দুয়োটাতে দেখা তোৰণখন তুলনা কৰি দুয়োটাতে একেখিনি স্থান দেখুওৱা হৈছে বুলি নিশ্চিত হওঁ। ভাইৰেল ভিডিঅ’ আৰু নিউজ ৰিপ’ৰ্টত থকা ভিজুৱেলৰ তুলনা কৰিলে বেকগ্ৰাউণ্ডত একেখন গেট দেখা যায়। (উৎস: এক্স/চৰজমিন বাৰ্তা/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ভাইৰেল ভিডিঅ’ আৰু নিউজ ৰিপ’ৰ্টত থকা ভিজুৱেলৰ তুলনা কৰিলে বেকগ্ৰাউণ্ডত একেখন গেট দেখা যায়। (উৎস: এক্স/চৰজমিন বাৰ্তা/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ইয়াৰ উপৰিও, কীৱৰ্ড চাৰ্চ কৰি আমি বাংলাদেশৰ টিভি চেনেল ইণ্ডিপেণ্ডেণ্ট টিভিৰ এটা ভিডিঅ' প্ৰতিবেদন লাভ কৰোঁ য’ত একেখিনি তথ্য উল্লেখ কৰা হৈছে (ইয়াত আৰ্কাইভ কৰা হৈছে)। আমি বাংলাদেশ বুলেটিন, বিডিনিউজ২৪, আৰু সংবাদ পৰিক্ৰমাতো উক্ত ঘটনাৰ প্ৰতিবেদন লাভ কৰোঁ৷ এইসমূহ প্ৰতিবেদনৰ দ্বাৰা এয়া নিশ্চিত হোৱা যায় যে পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবেই হানিফ মিয়াক হত্যা কৰা হৈছিল। ঘটনাৰ তদন্ত চলি আছে, আৰু অভিযুক্তসকল বৰ্তমান পলাতক অৱস্থাত আছে। সিদ্ধান্ত ভাইৰেল ভিডিঅ’টোত কোনো হিন্দু লোকক হত্যা কৰা দেখুওৱা হোৱা নাই, বৰঞ্চ বাংলাদেশৰ নৰসিংদী জিলাত পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে হানিফ মিয়া নামৰ এজন মুছলমান লোকক তেওঁৰ সম্পৰ্কীয় দুজন সম্পৰ্কীয় ভাতৃয়ে হত্যা কৰিছিল। (অনুবাদ: চন্দন বৰগোহাঁই)
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 2 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software