Facets (new session)
Description
Metadata
Settings
owl:sameAs
Inference Rule:
asEquivalent
b3s
b3sifp
facets
http://www.w3.org/2002/07/owl#
ldp
oplweb
skos-trans
virtrdf-label
virtrdf-url
None
About:
http://data.cimple.eu/claim-review/aedec188b0fb6c1a85156cc5d628b43753839c7a819c72a11ee7ebf5
Goto
Sponge
NotDistinct
Permalink
An Entity of Type :
schema:ClaimReview
, within Data Space :
data.cimple.eu
associated with source
document(s)
Type:
schema:ClaimReview
New Facet based on Instances of this Class
Attributes
Values
rdf:type
schema:ClaimReview
http://data.cimple...lizedReviewRating
not verifiable
schema:url
http://www.logicallyfacts.com/as/fact-check/old-video-from-japan-shared-as-flood-rescue-bangladesh-ass/
schema:text
লেখক: চন্দন বৰগোহাঁই ছেপ্তেম্বৰ 4 2024 এই ভিডিঅ’টোত জাপানত ২০১৫ চনত অহা বানপানীৰ সময়ত চলা উদ্ধাৰ অভিযানৰ দৃশ্য দেখা গৈছে, বাংলাদেশৰ বানপানীৰ ফুটেজ হিচাপে ইয়াক মিছাকৈ প্ৰচাৰ কৰা হৈছে। কি দাবী কৰা হৈছে? চাৰিওফালে বানপানীৰ মাজত এটা ঘৰৰ ছাদৰ পৰা মানুহক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত যথেষ্ট শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতেই এইটো বাংলাদেশৰ শেহতীয়া বানপানীৰ সময়ত চলা উদ্ধাৰ অভিযানৰ দৃশ্য বুলি দাবী কৰিছে। উল্লেখযোগ্য যে দেশখনত বানপানী কমিবলৈ আৰম্ভ কৰিছে যদিও প্ৰাপ্ত তথ্য মতে এতিয়ালৈকে কমেও ৭১ গৰাকী লোকে প্ৰাণ হেৰোৱাৰ লগতে ৫০ লাখতকৈ অধিক লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। এক্স (পূৰ্বৰ টুইটাৰ)ত এগৰাকী ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) বাংলাত লিখিছে: “বাংলাদেশৰ সেনাবাহিনী আমাৰ গৌৰৱ। ধন্যবাদ, বাংলাদেশৰ সেনাবাহিনী।" একেটা কেপচনৰ সৈতে উক্ত ভিডিঅ'টো ফেচবুকতো বহুলভাৱে প্ৰচাৰিত হৈছে। এই দাবীসমূহৰ আৰ্কাইভ লিংক ইয়াত আৰু ইয়াত চাব পাৰিব৷ ইয়াৰ উপৰি অসমীয়াত এজন লোকে এইটো বাংলাদেশৰ বানপানীৰ দৃশ্য বুলি ইংগিত কৰি ফেচবুক পোষ্ট দিছে, ইয়াত আৰ্কাইভ কৰা হৈছে। ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) অৱশ্য আমাৰ অনুসন্ধানত দেখা গ’ল যে ভিডিঅ’টো বাংলাদেশৰ নহয় বৰঞ্চ ২০১৫ চনত জাপানত বান উদ্ধাৰ অভিযানৰ সময়ৰহে হয়। আমি কি বিচাৰি পালোঁ? ভিডিঅ'টোৰ এটা কিফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০১৫ চনৰ ১০ ছেপ্টেম্বৰত আপলোড কৰা আইবি টাইমছ ইউ কে-ৰ এটা ইউটিউব ভিডিঅ’ (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। "জাপানৰ বানপানী: জোছ' চহৰ পানীত ডুব যোৱাৰ পিছত এহাল দম্পতী আৰু কুকুৰক ছাদৰ পৰা উদ্ধাৰ।" শীৰ্ষক ভিডিঅ’টোক ভাইৰেল ফুটেজৰ সৈতে তুলনা কৰিলে নিশ্চিত হোৱা যায় যে দুয়োটাতে একেটা বান উদ্ধাৰ অভিযানৰ দৃশ্য দেখুওৱা হৈছে। প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰি অধিক অনুসন্ধান কৰাত আমি বিবিচিৰ এটা প্ৰতিবেদন বিচাৰি পালোঁ য’ত টকিঅ’ৰ উত্তৰ দিশৰ এখন চহৰ জোছ’ত ভয়াৱহ বানপানীৰ সময়ত উদ্ধাৰকাৰী দলে ছাদৰ পৰা মানুহক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰাৰ একেধৰণৰ ভিজুৱেল দেখুওৱা হৈছে। প্ৰতিবেদনটোত কোৱা হৈছে যে ২০১৫ চনৰ ছেপ্টেম্বৰৰ আৰম্ভণিতে অহা এক ভয়াৱহ ক্ৰান্তীয় ধুমুহাৰ ফলত হোৱা বানপানীত কমেও তিনিজন লোকৰ মৃত্যু হৈছিল৷ ভাইৰেল ভিডিঅ’ আৰু বিবিচিৰ ভিজুৱেলৰ তুলনা। (উৎস: এক্স/বিবিচি/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ভাইৰেল ভিডিঅ’ আৰু বিবিচিৰ ভিজুৱেলৰ তুলনা। (উৎস: এক্স/বিবিচি/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) এনবিচি নিউজ আৰু ফ্ৰান্স ২৪কে ধৰি কেইবাটাও সংবাদ সংস্থাই ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত জাপানত হোৱা বানপানীৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছিল, য’ত একেধৰণৰ উদ্ধাৰৰ ভিজুৱেল দেখা যায়। এনবিচি নিউজে উল্লেখ কৰিছে যে ক্ৰান্তীয় ধুমুহা ইটাউৱে ৭২ ঘণ্টাত ২০ ইঞ্চিতকৈ অধিক বৰষুণ দিয়াৰ ফলত এখন নদীৰ পাৰ ভাঙি বানপানীৰ সৃষ্টি হয়। সিদ্ধান্ত ২০১৫ চনৰ ছেপ্টেম্বৰৰ এই ভাইৰেল ভিডিঅ’টোত জাপানৰ এক বান উদ্ধাৰ অভিযানৰ দৃশ্য দেখা গৈছে। ছ’চিয়েল মিডিয়াত একাধিক লোকে এইটো বাংলাদেশৰ শেহতীয়া বানপানীৰ দৃশ্য বুলি মিছাকৈয়ে দাবী কৰিছে।
schema:reviewRating
[মিছা]
schema:author
logically-facts
schema:datePublished
2024-09-04
(
xsd:date
)
schema:inLanguage
English
schema:itemReviewed
http://data.cimple.eu/claim/baa45fa951168bf90909da18ea6485705376870846ff7113d3377ee6
Faceted Search & Find service v1.16.115 as of Oct 09 2023
Alternative Linked Data Documents:
ODE
Content Formats:
RDF
ODATA
Microdata
About
OpenLink Virtuoso
version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software