About: http://data.cimple.eu/claim-review/b7f9f671d0812cb146c281cd56d0a841200e35d760fd945d916c4627     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • সত্যতা পৰীক্ষা: ছবিত ঘৰ সাৰি থকা মানুহ জন প্ৰধানমন্ত্ৰী মোডী নহয়, ভুৱা দাবীৰ সৈতে এডিট কৰা এই ছবিখন ভাইৰেল হৈ আছে বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে ছবিখন এডিট কৰা হয়। আচল ছবিখনত যিজন মানুহ আছে, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নহয়। - By: Sharad Prakash Asthana - Published: Aug 8, 2022 at 11:28 AM - Updated: Aug 8, 2022 at 01:51 PM নতুন দিল্লী (বিশ্বাস নিউজ): ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ছবিত দেখা পোৱা গৈছে যে প্ৰধানমন্ত্ৰী মোডী ঘৰ সাৰি আছে আচলতে এয়া এজন বেলেগ মানুহৰ ছবিক এডিট কৰা ছবি হয়। ভাইৰেল হোৱা ছবিখনত এয়াও দাবী কৰা হৈছে যে ছবিখন প্ৰধানমন্ত্ৰীৰ পুৰণি ছবি হয়। এই ছবিখনৰ সত্যতা পৰীক্ষণৰ বাবে আমাৰ টিপলাইন নম্বৰত ছবিখন পঠোৱা হৈছে। আমি অনুসন্ধান কৰাৰ পাছত গম পালোঁ যে, এই ছবিখন যোৱা কেই বছৰ ধৰি বহু কেইবাৰ ভাইৰেল হৈছে। বিশ্বাস নিউজ-এ নিজৰ তদন্তত গম পাইছে যে এই ছবিখন এডিট কৰা হয়। ছবিখনত যিজন মানুহক দেখা পোৱা গৈ আছে, সেয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নহয়। ভাইৰেল পোষ্টত কি আছে আমি এই ছবিখন বিশ্বাস নিউজ টিপলাইন নম্বৰ +91 95992 99372-ত পাইছোঁ। এজন ইউজাৰে ছবিখন পঠিয়াই ইয়াৰ প্ৰকৃত সত্য জানিব বিচাৰিছে। তদন্ত এই ভাইৰেল ছবিখনক লৈ তদন্ত কৰাৰ কাৰণে আমি প্ৰথমতে ছবিখনক গুগল ৰিভাৰ্ছ ইমেজ-ত বিচাৰি চাইছিলোঁ। তাত দেখা পালোঁ যে ছবিখন 2013, 2014, আৰু 2016 চনতো ফেচবুকত ভাইৰেল হৈছিল। আমি এই ছবিখন ইয়ানডেক্স ৰিভাৰ্ছ ইমেজ ছাৰ্চ ব্যৱহাৰ কৰি বিচাৰি চাইছিলোঁ। আমি দেখা পালোঁ যে এই ছবিখন Old Indian Photos নামৰ এখন ৱেবছাইট আছে। তাত থকা ছবিখন ভাইৰেল ছবিখনৰ দৰেই। পাৰ্থক্য কেৱল এয়াই যে ৱেবছাইটটোত থকা ছবিখনৰ মানুহ বেলেগ হয়। মানুহজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নহয়। ছবিখনত ইংৰাজীত এটা বিৱৰণ উল্লেখ কৰা হৈছে। অসমীয়াত ভাঙনি কৰিলে তাৰ অৰ্থ হ’ব, “ভাৰতৰ অস্পৃশ্য মানুহৰ হাতত বাঢ়নী, তেওঁ এইডালে দি বাট-পথ আৰু ঘৰ চাফা কৰে— এছ’চিয়েটেড প্ৰেছ 1946” ইয়াৰ পাছত আমি কী-ৱাৰ্ড দি বিচাৰি থকাৰ পাছত ছবিখন ট্ৰেক ডাউন কৰি দেখা পালোঁ যে ছবিখন AP Images-ৰ ৱেবছাইটত আছে। এই ৱেবছাইটৰ মতে, ছবিখন 2 জুন, 1946-ত তোলা হৈছিল। ছবিখনৰ ফটোগ্ৰাফাৰৰ নাম মেক্স ডেছফাৰ। ছবিখনৰ সৈতে বিৱৰণ এটা লিখা আছে: “ভাৰতৰ “অস্পৃশ্য” জাতিৰ এজন মানুহ হাতত বাঢ়নী লৈ আছে। তেওঁ এইডালে দি বাট-পথ, চোতাল, ঘৰ ইত্যাদি সাৰে, 2 জুন 1946। অস্পৃশ্যসকলে, যিসকলক গান্ধীয়ে হৰিজন (ঈশ্বৰৰ সন্তান) বুলি মাতিছিলে, দেশৰ “লেতেৰা” কামবোৰ কৰে। গান্ধীয়ে বাৰে-বাৰে কৈছে যে শ’-শ’ বছৰ ধৰি উচ্চবৰ্ণ হিন্দুসকলে অস্পৃশ্যতাৰ যি পাপ কৰি আহিছে তাৰে শাস্তি হ’ল অত্যাচাৰী ব্ৰিটিছসকলৰ শাসনৰ অভিশাপ। (AP ফটো/মেক্স ডেছফৰ)“ কী-ৱাৰ্ড দি বিষয়টোক লৈ আৰু অনুসন্ধান কৰাৰ পাছত দেখিলোঁ যে 20 জানুৱাৰী 2016-ত ৱেবছাইটত ‘জনতা কা ৰিপৰ্টাৰ’ ৱেবছাইটত বাতৰি এটা প্ৰকাশিত হৈছিল। বাতৰিটো আছিল এই বিষয়টোক লৈ কৰা RTI কৰাৰ ঘটনাক লৈ। এই বাতৰি অনুসৰি, আহমেদাবাদৰ এজন সমাজকৰ্মীয়ে ভাইৰেল এই ছবিখনৰ সত্যতা জানিবলৈ RTI দাখিল কৰিছিলে। ইয়াৰ পাছত তেওঁ যি উত্তৰ পাইছিলে সেয়া হ’ল, “যি তথ্য বিচৰা হৈছে সেয়া এই ৰেকৰ্ডৰ অংশ নহয়। অৱশ্যে এয়া উল্লেখ কৰিব পৰা যায় যে ছবিখনক বিকৃত কৰা হৈছে। ছবিখনত থকা ব্যক্তিজন নৰেন্দ্ৰ মোডী নহয়।” এই একে বাতৰি ৱান ইণ্ডিয়া-তো ওলাইছিল। সেই মতে, ভাইৰেল ছবিখন এডিট কৰা হয়। বিতং তথ্যৰ বাবে আমি RTI কৰ্মী পৰাগ পেটেলৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁৱে এই বিষয় RTI দাখিল কৰিছিলে। তেওঁ আমাক জনালে, “হয়, মই এই ছবিখনক লৈ RTI দাখিল কৰিছিলোঁ। এই মৰ্মত মই PMO-ৰপৰা উত্তৰো পাইছোঁ। সেই উত্তৰত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে ছবিখন এডিট কৰা হয় আৰু ছবিত যিজন মানুহক ঘৰ সাৰি থকা দেখা পোৱা গৈছে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নহয়।” পৰাগ পেটেলে RTI কৰাৰ পাছত যি উত্তৰ পাইছিলে সেই চিঠিও আমাক দেখুৱালে। চিঠিখন তলত চাব পৰা যাব। নিষ্কৰ্ষঃ বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে ছবিখন এডিট কৰা হয়। আচল ছবিখনত যিজন মানুহ আছে, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নহয়। - Claim Review : প্ৰধানমন্ত্ৰী মোডীৰ বিৰল চিত্ৰ। - Claimed By : ফেচবুক ব্যৱহাৰকাৰী - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software