About: http://data.cimple.eu/claim-review/c338a7b685a545799ecd13072c68cbacb6b50f13ffe9e984abc86ee8     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: ২০০০ টকাৰ নকল নোট জব্দ কৰাৰ এই ছবি গুজৰাটৰ নহয়, তেলেংগানাৰ খম্মমৰ হয়। 2000 টকাৰ নকলী নোটৰ ফটোৰ গুজৰাটৰ পৰা পোৱা দাবীৰে সৈতে ভাইৰেল হৈ থকা ফটো ফৰ্জী হয়| ভাইৰেল ফটো তেলেঙ্গানাৰ খম্মম জিলাৰ, যেতিয়া পুলিচে 2000 টকাৰ নকলী নোটৰ প্ৰায় 300 ৰো অধিক বাণ্ডেল জব্দ কৰিছিল| - By: Abhishek Parashar - Published: Jan 20, 2020 at 02:41 PM - Updated: Aug 29, 2020 at 06:39 PM নতুন দিল্লী (বিশ্বাস টীম) – ছচিয়েল মিডিয়াত ২০০০ টকাৰ নোটৰ বাণ্ডিলৰ এখন ছবি ভাইৰেল হৈ আছে, যাক লৈ দাবী কৰা হৈছে যে, এইবোৰ গুজৰাটৰ পৰা উদ্ধাৰ কৰা হৈছে।বিশ্বাস নিউজৰ তদন্ত ভুল বুলি প্ৰমাণিত হয়।২০০০ টকাৰ নকল নোটসমূহ উদ্ধাৰ কৰাৰ গোচৰ তেলেংগানাৰ, খম্মম পুলিচেহে উদ্ধাৰ কৰিছিল। কি আছিল ভাইৰেল পোষ্টটোত? ফেচবুক ব্যৱহাৰকাৰী পঙ্কজ দুৱৰাই ২০০০ টকাৰ নোটৰ ছবিক শ্বেয়াৰ কৰি লিখিছিল,–” গুজৰাটৰ RSS কেডাৰ কেটন ডুবেৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছে এই জাল নোট।বিমুদ্ৰাকৰণৰ সন্দৰ্ভত মোডীৰ যুক্তি আছিল জাল নোট প্ৰচলন বন্ধৰ বাবে বিমুদ্ৰাকৰণ কৰা হৈছে।কিন্তু RBI ৰ ৰিপৰ্ট মতে যোৱা তিনি বছৰত গুজৰাটৰ বেংকট সৰ্বাধিক জাল নোট ধৰা পৰিছে।” অন্য ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেও এই বাতৰি লগতে মিল থকা ছবি দাবী সহকাৰে শ্বেয়াৰ কৰে। তদন্ত– গুগল ৰিৰ্ভাচ ইমেজ কৰি জানিব পৰা গৈছে যে “তেলেংগানা টুডে” ৰ নিউজ ৱেবচাইটৰ পৰা আমি এক খবৰৰ লিংক পাওঁ, য’ত এই ছবিখনক ব্যৱহাৰ কৰিছে। খবৰ অনুযায়ী, ” খম্মম পুলিচে নকল নোটৰ প্ৰচলনকাৰী দলক ধৰে।” খবৰ অনুযায়ী এই ঘটনা ২ নবেম্বৰ ২০১৯ ৰ,যেতিয়া খম্মম পুলিচে নকল নোটৰ দুষ্টচক্ৰক ধৰি একেটা পৰিয়ালৰ চাৰিজনক কৰায়ত্ত কৰোতে সিহঁতৰ পৰা ২০০০ টকাৰ নোটৰ দৰে একে দেখিবলৈ ৩৫০ বাণ্ডিল নকল নোট জব্দ কৰে। খম্মম পুলিচ কমিছনাৰ ইকবালে মিডিয়াত কয় যে, ” এই চক্ৰ সতুপল্লীৰ পৰা কাম চলাই আছিল। মূল অপৰাধী হিচাপে শোখ মদৰক চিনাক্ত কৰা হৈছে, যিয়ে জিলা সতুপল্লী মণ্ডলৰ অন্তৰ্গত গৌৰিগোদেম গাৱঁত গাখীৰ আৰু গৰু ছাগলীৰ ফাৰ্মৰ ব্যৱসায় কৰে।” কমিছনাৰে জনাই যে পুলিচে ২০০০টকাৰ নকল নোট জব্দ কৰে আৰু এই নোটসমূহত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ সলনি চিলড্ৰেন বেংক অফ ইণ্ডিয়া বুলি লিখা আছে।সযুপল্লী পুলিচ থানাত এই সক্ৰান্তত এক গোচৰ (CR.No.344/2019u/s/420,307R/w 34IPC )ৰজু কৰে। ৩ নবেম্বৰ ২০১৯ চনৰ “টাইমছ অফ ইণ্ডিয়া” কাকতৰ দ্বাৰাও এই খবৰ প্ৰকাশ হয়। খবৰ অনুসৰি তেলেংগানাৰ খম্মমত নকল নোটৰ দুষ্টচক্ৰ উৎখাত কৰি পুলিচে ৬ কোটি টকাৰ নকল নোট জব্দ কৰে।খবৰত ভিডিও দেখুওৱা হয়,য’ত খম্মম পুলিচ কমিছনাৰ তস্খিৰ ইকবাল আৰু অইন পুলিচ অধিকাৰী সকলৰ লগত মিডিয়াৰ সৈতে কথাবাৰ্তা হোৱা দেখিবলৈ পোৱা যায়। ২ নবেম্বৰ ২০১৯ ” মুম্বাই মিৰৰ” ৰ খবৰতো এই সম্পৰ্কে জনা দেখা যায়, য’ত ব্যৱহাৰ কৰিছে ছৱি আৰু পুলিচ অফিচাৰসকলে উদ্ধাৰ কৰা নকল নোটৰ বাণ্ডিল বোৰৰ সৈতে ,যিটো ভাইৰেল হোৱা ছবিত দেখা পোৱা গৈছে। কমিছনাৰ অফ পুলিচ খম্মমৰ টুইটাৰ হেণ্ডেল (unverified)ক ২ নবেম্বৰত এই ঘটনা সংক্ৰান্তত জনোৱা হৈছে, যিটো খম্মমৰ পুলিচ কমিছনাৰ লগত আন অধিকাৰী সকলে জব্দ কৰি পোৱা নোটৰ সৈতে ।বিশ্বাস নিউজে এই বিষয়ে খম্মমৰ ডেপুটি ছুপাৰিটেণ্ডেত অফ পুলিচ গণেশৰ লগতো কথা পাতে।তেখেতে জনাই, ” খম্মমত নকল নোট জব্দ ২ মাহৰ আগৰ ঘটনা ।বৰ্তমানে এনে কোনো জব্দৰ ঘটনা হোৱা নাই।” অৰ্থাৎ 2000 টকাৰ নোটৰ ছবি গুজৰাটৰ নামৰে ভাইৰেল হৈ আছে , সেইয়া তেলেঙ্গানাৰ খম্মম জিলাৰ হোৱা জব্দ কৰাৰ ফটো| যেতিয়া স্থানীয় পুলিচে নবেম্বৰ মাহত 2000 টকাৰ নোটৰ নকল নোটৰ গাঁঠ জব্দ কৰিছিল| ভাইৰেল পোষ্টৰ দ্বিতীয় দাবী এইয়া যে নকলী নোট “সংঘ সমৰ্থক” কেতন ডবেৰ গাড়ীৰ পৰা পোৱা গৈছে| নিউজ চাৰ্চত আমি হিন্দুস্তান টাইমচ’ ৰ 4 মাৰ্চ 2017 ত প্ৰকাশিত খবৰৰ লিংক পালোঁ, যিটোৰ মতে নোটবন্দীৰ পাচত হোৱা আটাইতকৈ ডাঙৰ নকলী নোট জব্দৰ ঘটনা গুজৰাটৰ ৰাজকোটৰ কথা সমূখলৈ আহে| যেতিয়া পুলিচে ৰাজকোট স্থিত ফাইনেঞ্চাৰ কেতন ডবে ৰ পৰা 57 লাখতকৈও অধিক টকা পায়| এই ঘটনাটোত ছয়জন মানুহক গেপ্তাৰ কৰা গৈছিল| দুয়োটা ঘটনাৰ সময় আৰু ফটোও বেলেগ বেলেগ আছিল| 2000 ৰ নোটৰ যি ফটো ভাইৰেল হৈ আছিল , সেইয়া তেলেঙ্গানাৰ খম্মমত 2019 ত হোৱা জব্দৰ, আনহাতে গুজৰাটৰ ৰাজকোটৰ বাসিন্দা কেতন ডবেৰ পৰা নকলী নোট পোৱা ঘটনা মাৰ্চ 2017 চনৰ| 4 মাৰ্চ 2017 তাৰিখে এই খবৰ নিউজ এজেঞ্চি পিটিআইৰ হৱালাৰ ‘ বিজনেচ স্টেন্ডাৰ্ড ‘ ত প্ৰকাশিত হৈছিল| দুয়োটা খবৰেতেই ডবে আৰআৰএছৰ সম্বন্ধৰ কোনো উল্লেখ নাই| অন্তত আমি পংকজ দুৱৰাৰ একাউন্ট চোচিয়েল মিডিয়াত স্কেনিং কৰিলোঁ| আমি গম পালো যে ইউজাৰ গুৱাহাটীত থাকে| এই একাউন্ট ফ্ৰেব্ৰুৱাৰী 2017 ত বনোৱা গৈছিল| নিষ্কৰ্ষঃ 2000 টকাৰ নকলী নোটৰ ফটোৰ গুজৰাটৰ পৰা পোৱা দাবীৰে সৈতে ভাইৰেল হৈ থকা ফটো ফৰ্জী হয়| ভাইৰেল ফটো তেলেঙ্গানাৰ খম্মম জিলাৰ, যেতিয়া পুলিচে 2000 টকাৰ নকলী নোটৰ প্ৰায় 300 ৰো অধিক বাণ্ডেল জব্দ কৰিছিল| - Claim Review : গুজৰাটৰ RSS কেডাৰ কেটন ডুবেৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছে এই জাল নোট l বিমূদ্ৰাকৰণৰ সন্দৰ্ভত মোডীৰ যুক্তি আছিল জাল নোট প্ৰচলন বন্ধৰ বাবে বিমূদ্ৰাকৰণ কৰা হৈছে l কিন্তু RBI ৰ ৰিপৰ্ট মতে যোৱা তিনি বছৰত গুজৰাটৰ বেংকত সৰ্বাধিক জাল নোট ধৰা পৰিছে l - Claimed By : FB User- Pankaj Duarah - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software