About: http://data.cimple.eu/claim-review/c448e29831e25080a9ca55d38989854cbb9c48536f5b92832e9022f0     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Authors Claim পেলেষ্টাইনীসকলে নিজকে ভুক্তভোগী হিচাপে দেখুৱাবলৈ কৰিবলৈ মেকআপ ব্যৱহাৰ কৰি দোষ ইজৰাইললৈ ঠেলিবলৈ বিচাৰিছে। Fact মেকআপ আৰ্টিষ্ট মৰিয়াম চালাহে ২০১৭ চনত ফ্ৰান্সৰ এক দাতব্য অনুষ্ঠান Doctors of the World ৰ চিকিৎসা প্ৰশিক্ষণ অনুশীলনত সহায় আগবঢ়াইছিল। এই অনুষ্ঠানৰ ভাইৰেল ভিডিঅ’টোৰ সৈতে ইজৰাইল পেলেষ্টাইন সংঘাতৰ কোনো সম্পৰ্ক নাই। ইজৰাইল-পেলেষ্টাইন সংঘাতৰ পিছত বিভিন্ন ছ’চিয়েল মিডিয়াত বহু ভুৱা দাবী আৰু পুৰণি ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনে এটা ভিডিঅ’ত দেখা গৈছে যে এগৰাকী মেকআপ আৰ্টিষ্টে একাংশ লোকৰ দেহত প্ৰসাধন সামগ্ৰী প্ৰয়োগ কৰি দুৰ্ঘটনা বা বোমা বিস্ফোৰণত হোৱা আঘাতৰ দৰে দৃশ্য সৃষ্টি কৰিছে আৰু এই ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এক্স আৰু ফেচবুকত এই ভিডিঅ’টো ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে আৰু ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে পেলেষ্টাইনীসকলে নিজকে ভুক্তভোগী হিচাপে চিত্ৰিত কৰিবলৈ মেকআপ ব্যৱহাৰ কৰি ইজৰাইলৰ ওপৰত দোষ জাপি দিছে। ইয়াত ক্লিক কৰি পোষ্টটো চাব পাৰিব। | Archive Link ‘এক্স’ৰ ভালেমান ভেৰিফাইড একাউণ্টকে ধৰি একাধিক ব্যৱহাৰকাৰীয়ে একেটা দাবীৰে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে। সেইবোৰ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰি। একেধৰণৰ দাবীৰে অসংখ্য ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল ভিডিঅ’টো পোষ্ট কৰিছে। পোষ্টবোৰ ইয়াত আৰু ইয়াত চাব পাৰিব। Fact Check/Verification ভাইৰেল ভিডিঅ’টোৰ সত্যতা নিৰ্ণয় কৰিবলৈ আমি য়াণ্ডেক্স ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। এই প্ৰক্ৰিয়াৰ সময়ত আমি কেইবাটাও Web Links & YouTube links লাভ কৰিলো য’ত এই ভাইৰেল ভিডিঅ’টো সন্নিৱিষ্ট হৈছে। ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত প্ৰকাশিত হিব্ৰু ভাষাৰ এনে এটা ভিডিঅ’ লিংকত প্ৰকাশ পাইছে যে ভিডিঅ’টো শেহতীয়া নহয় আৰু দীৰ্ঘদিন ধৰি ইণ্টাৰনেটত উপলব্ধ হৈ আহিছে। ভিডিঅ’টোৰ কেপচনত লিখা হৈছে, “পৰ্দাৰ আঁৰৰ পেলীউডলৈ মন কৰক, ‘ডক্টৰ্ছ অৱ দ্য ৱৰ্ল্ড’। চাওক কেনেকৈ পেলেষ্টাইনীসকলে নকল ঘা আৰু গুৰুতৰ আঘাত আৰু তেজ মেক-আপৰ দ্বাৰা দেখুৱাই বিশ্ববাসীৰ পুতৌ আদায় কৰাৰ চেষ্টা কৰিছে, কিদৰে অনুদান লাভ কৰিবলৈ আৰু ইজৰাইল বেয়া দেখুৱাবলৈ চেষ্টা কৰিছে। ইয়াৰ পিছত গাজাৰ এনে ছবি দেখিলে সংবেদনসীল হোৱাৰ পূৰ্বে পুনৰ এবাৰ ভাবি চাব।” এই ভিডিঅ’টোৰ পৰা আমি এটা Full Frame screen grab পাইছিলোঁ আৰু তাৰ লগে লগে আমি আন এটা Google আৰু Yandex Reverse Image Search চলাইছিলো। এই প্ৰক্ৰিয়াৰ সময়ত আমি TRT World ত ভিডিঅ’টোৰ মূল উৎসৰ সন্মুখীন হ’লোঁ। য’ত আমি চেনেলটোৱে প্ৰকাশ কৰা এটা প্ৰতিবেদন পাইছিলোঁ, য’ত বৰ্ণনা কৰা হৈছে – “গাজা ষ্ট্ৰিপত বহু চলচ্চিত্ৰ নিৰ্মাণ নাই। কিন্তু সেইটোৱে মেকআপ আৰ্টিষ্ট মৰিয়াম ছালাহক নিজৰ সপোন অনুসৰণ কৰাত বাধা নিদিলে। পৰম্পৰাগতভাৱে পুৰুষে চলোৱা ব্যৱসায়ত প্ৰৱেশ কৰি পেলেষ্টাইনী ছবিৰ বাবে ভুৱা তেজ বনাবলৈ তেওঁ নিজেই শিকিছে।” ভিডিঅ’টো ইয়াত চাব পাৰিব। মেকআপ আৰ্টিষ্ট Mariam Salah ৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো পৰীক্ষা কৰাৰ পিছত আমি লক্ষ্য কৰিলোঁ যে শৰীৰৰ অংশ যেনে হাত, ভৰি, মুখ আনকি আঙুলি আদিত উপস্থাপন কৰা মেকআপ ডিজাইনৰ এক পৰিসৰত এই শিল্পীগৰাকীয়ে কাম কৰে। এই কলাত্মক সৃষ্টিবোৰে প্ৰায়ে বিভিন্ন প্ৰকাৰৰ আঘাতৰ চিত্ৰণ কৰিছিল। ভিডিঅ’টোৰ বিষয়ে তথ্যৰ বাবে Newschecker এ তেওঁৰ সৈতে যোগাযোগ কৰাত, তেওঁ স্পষ্ট কৰি দিছে যে এই ভিডিঅ’টো সন্দৰ্ভত কৰা দাবীবোৰ ভুল, আৰু ফুটেজটো আচলতে যথেষ্ট পুৰণি। আপুনি যিটো দেখিছে তাক SFX Makeup বুলি জনা যায়, যিটো এটা বিশেষ ধৰণৰ মেকআপ কৌশল। ইয়াক চিকিৎসা অনুকৰণৰ আহিলা হিচাপে সৃষ্টি কৰা হৈছিল। আমাৰ মেকআপ আৰ্টিষ্টৰ দলটোৱে চিকিৎসকৰ সৈতে সহযোগিতা কৰি চিকিৎসা বিজ্ঞানৰ অধ্যয়নত সহায় কৰে, বিশেষকৈ যুদ্ধ আৰু জৰুৰীকালীন পৰিস্থিতিত।” আমি তথ্য পৰীক্ষাৰ বাবে আমাৰ হোৱাটছএপ টিপলাইন (৯৯৯৯৪৯৯০৪৪)ৰ জৰিয়তে এই দাবী পাইছিলোঁ, আৰু তদন্তৰ পিছত আমি এই দাবীটো মিছা আৰু শেহতীয়াকৈ ইজৰাইল-পেলেষ্টাইন সংঘাতৰ সৈতে সম্পৰ্কহীন বুলি পাইছিলোঁ। Conclusion এইদৰে আমাৰ তদন্তত প্ৰকাশ পাইছে যে ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয় আৰু ২০১৭ চনৰ পৰা ইণ্টাৰনেটত উপলব্ধ। ভিডিঅ’টো চিনেমাৰ শ্বুটিংৰ সৈতে জড়িত এগৰাকী পেলেষ্টাইনী মহিলাৰ যিয়ে চিকিৎসা সংক্ৰান্তীয় এক কৰ্মশালাত অংশগ্ৰহণ কৰিছিল আৰু এই ভিডিঅ’ৰ সৈতে শেহতীয়া ইজৰাইল-পেলেষ্টাইন সংঘাতৰ কোনো সম্পৰ্ক নাই। Result: False Our Sources: 1. Youtube post published by TRT World, dated March 2, 2017 2. Report published by l Love Israel, dated February 14, 2019 3. Report published by Keep.me, dated 21 May, 2021 যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • Hindi
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software