About: http://data.cimple.eu/claim-review/c53dd740df1780ae14f16463b068b13ab2d7549adfca8d60ec95d446     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: ভিডিঅ’খন কিচান আন্দোলনৰ নহয়, ব্ল’গাৰ ভানা সিন্ধুৰ মুক্তিৰ বাবে হোৱা প্ৰদৰ্শনৰ ভিডিঅ’ এয়া - By: Jyoti Kumari - Published: Feb 15, 2024 at 04:38 PM নতুন দিল্লী (বিশ্বাস নিউজ)। 13 ফেব্ৰুৱাৰি তাৰিখে ফচলৰ বাবে নুন্যতম সমৰ্থন মূল্য (এমএচপি)-ৰ আইনী গেৰেণ্টি প্ৰদানক ধৰি অন্যান্য দাবি লৈ দুজন কেন্দ্ৰীয় নেতাৰ মাজত অসফল আলোচনাৰ পাছত পাঞ্জাবৰ ক্ষেতিয়কসকলে 13 ফেব্ৰুৱাৰি তাৰিখ মঙ্গলবাৰ দিনাই পোৱা নিজৰ দিল্লী চল মাৰ্চ আৰম্ভ কৰি দিছে। এয়া লৈ সামাজিক মাধ্যমত এখন ভিডিঅ’ ভাইৰাল হৈ আছে য’ত ট্ৰেক্টৰ আৰোহী কিছুমান ব্যক্তিক পুলিচৰ বেৰিকেড ভঙা অৱস্থাত দেখা পোৱা যায়। দাবি কৰা হৈছে যে এই ভিডিঅ’খন সাম্প্ৰতিক সময়ত হোৱা কিচান আন্দোলনৰ হয়। বিশ্বাস নিউজৰ তদন্তত এই দাবি বিভ্ৰান্তিকৰ বুলি প্ৰমানিত হৈছে। ভাইৰাল ভিডিঅ’ৰ কিচান আন্দোলনৰ লগত কোনো সম্পৰ্ক নাই, এই ভিডিঅ’ পাঞ্জাবৰ ব্ল’গাৰ ভানা সিন্ধুৰ মুক্তিৰ দাবি লৈ কৰা বিৰোধ প্ৰদৰ্শনৰ ভিডিঅ’ হয়। ভিডিঅ’খনক ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। কি ভাইৰাল হৈ আছে? সামাজিক মাধ্যম ব্যৱহাৰকাৰী ‘AMU Citizens’ –এ ভাইৰাল ভিডিঅ’খনক (আৰ্কাইভ লিঙ্ক) শ্বেয়াৰ কৰি লিখিছে যে, এই বেৰিকেডবোৰে ক্ষেতিয়কসকলৰ পথ অৱৰোধ কৰিব নোৱাৰে। ক্ষেতিয়কসকলে বেৰিকেড ভাঙি দেল্লী অভিমূখত আগোৱাই আছে। #FarmersProtest #FarmersProtest2024 #কিচান_মজদুৰ_মোৰ্চা_ KMM” অইন বহুত ব্যৱহাৰকাৰীয়ে ভিডিঅ’খনক একে আৰু মিল থকা দাবিৰ সৈতে শ্বেয়াৰ কৰিছে। তদন্ত ভাইৰাল ভিডিঅ’ৰ তদন্তৰ বাবে আমি ইনৱিড টুলৰ সহায়ত ভিডিঅ’ৰ কেইবাটাও কিফ্ৰেম উলিয়ালো। তাৰপিছত এইবিলাকক গুগল ৰিভাৰ্ছ ইমেজ চুলৰ সহায়ত বিছাৰিলোঁ। এই সময়ত আমি Pro Punjab Tv Canada –ত এখন ভিডিঅ’ পালো। 2024-ৰ 3 ফেব্ৰুৱাৰি আপল’ড কৰা ভিডিঅ’ত ভাইৰাল ভিডিঅ’ৰ লগত মিল থকা দৃশ্য দেখা পোৱা গৈছে। প্ৰদত্ত তথ্য মতে, ভিডিঅ’খন সঙ্গৰুৰ-ৰ হয়, যেতিয়া ভানে সিন্ধুৰ পক্ষত কিছুসংখ্যক যুৱকে ডিভাইডাৰৰ ওপৰত ট্ৰেক্টৰ উঠাই দিছিলে আৰু আৰক্ষীৰ বেৰিকেড ভাঙি দিছিল। বিছাৰি থাকোতে ভিডিঅ’খন পাঞ্জাবী লোক চেনেলৰ কৰ্তৃত্বাধীন ইউটিউব চেনেলতও পোৱা গ’ল। 2024-ৰ 3 ফেব্ৰুৱাৰি আপল’ড কৰা ভিডিঅ’খনক, ইয়াক সঙ্গৰুৰ-ৰ ভিডিঅ’ বুলি উল্লেখ কৰা হৈছে। এই ভিডিঅ’ সন্দৰ্ভত সংবাদ, ABP Sanjha -ৰ ইউটিউব চেনেলতও চাব পাৰিব। 2024-ৰ 3 ফেব্ৰুৱাৰি আপল’ড কৰা ভিডিঅ’খনক, ইয়াক সঙ্গৰুৰ-ত ভানে সিন্ধুৰ পক্ষত হোৱা বিৰোধ প্ৰদৰ্শনৰ ভিডিঅ’ বুলি উল্লেখ কৰা হৈছে। ভিডিঅ’ত ভাইৰাল ভিডিঅ’ৰ লগত মিল থকা দৃশ্য দেখা পোৱা যায়। ভাইৰাল ভিডিঅ´ সন্দৰ্ভত অন্যান্য সংবাদ ইয়াত চাব পাৰিব। দৈনিক জাগৰণত 2024-ৰ 4 ফেব্ৰুৱাৰিৰ ৰিপোৰ্টত প্ৰকাশ কৰা হৈছে যে, “ব্ল’গাৰ ভানা সিন্ধুক গ্ৰেপ্তাৰ কৰাৰ বিপক্ষে শনিবাৰে কিচান সংগঠন পথত নামিল। ভটিণ্ডা, ফাজিল্কা, পাটিৱালা, নৱাচহৰ, মুক্তছৰ, গুৰদাছপুৰ, ৰুপনগৰ আৰু অন্যান্য বহুত জিলাত বহুত কিচান নেতাসকলক গৃহবন্দী কৰা হৈছে। ইয়াৰ পিছতও বৃহৎ সংখ্যক প্ৰদৰ্শনকাৰী সঙ্গৰুৰত আহিবলৈ সক্ষম হৈছে। মেহ’লা চ’কৰ ওচৰত প্ৰদৰ্শনকাৰীসকলে আৰক্ষীৰ বেৰিকেড উভালীলে। পুলিছে মৃদু লাঠিচাৰ্জ কৰি পানী কামান ব্যৱহাৰ কৰাৰ বাবে প্ৰদৰ্শকাৰীসকলে আৰক্ষীৰ ওপৰত শিল দলিয়ালে।” ভিডিঅ’ সন্দৰ্ভত আমি সঙ্গৰুৰ পাঞ্জাবী জাগৰণৰ জিলা ইনচাৰ্জ বলজীত সিং টিব্বাৰ লগত যোগাযোগ কৰিলোঁ। তেঁও আমাক জঁনালে যে, এই ভিডিঅ’খন ভানা সিন্ধুৰ বাবে হোৱা প্ৰদৰ্শনৰ ভিডিঅ’ হয়। শেষত আমি ভিডিঅ’ক ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ একাউন্টক স্কেন কৰিলোঁ। তাতে আমি গম পালো যে, ব্যৱহাৰকাৰীজনক 180K মানুহে অনুসৰণ কৰে সামৰণি: বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে বেৰিকেড ভাঙি আগবাঢ়ি থকা মানুহৰ এই ভিডিঅ’ কিচান আন্দোলনৰ নহয়, আনকি পাঞ্জাবৰ ব্ল’গাৰ ভানা সিন্ধুৰ মুক্তিৰ দাবিলৈ হোৱা প্ৰতিবাদ কাৰ্যসূচীৰ হয়। ভিডিঅ’খনক এতিয়া ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। - Claim Review : দাবি কৰা হৈছে যে এই ভিডিঅ’খন সাম্প্ৰতিক সময়ত হোৱা কিচান আন্দোলনৰ হয়। - Claimed By : FB User: AMU Citizens - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software