About: http://data.cimple.eu/claim-review/c87c9b3c9757c8eb81bd9e3967aa01a87ed62dc21a646c367965639b     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • লেখক: খ্ৰীষ্টিয়ান হাগ অক্টোবৰ 3 2024 এইটো ইৰাণৰ মিছাইল আক্ৰমণৰ পিছত নেতানিয়াহুয়ে এটা বাংকাৰলৈ দৌৰি গৈ থকা ভিডিঅ’ নহয়, তিনি বছৰ পুৰণি ভিডিঅ'টো তেওঁক এক ভোটদানলৈ গৈ থকা সময়ত লোৱা হৈছিল। কি দাবী কৰা হৈছে? ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এটা কৰিডৰৰ মাজেৰে দৌৰি গৈ থকা এটা পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি যোৱা ১ অক্টোবৰত ইৰাণে ইজৰাইলত চলোৱা মিছাইল আক্ৰমণৰ সময়ত তেওঁক বাংকাৰত লুকাবলৈ দৌৰি গৈ থকা দেখা গৈছে বুলি মিছাকৈ দাবী কৰা হৈছে। এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰা এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰে। এই পোষ্টসমূহে সকলো মিলি প্ৰায় তিনি মিলিয়ন ভিউ লাভ কৰিছে। ফেচবুকতো একেধৰণৰ দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে, ইয়াত আৰু ইয়াত চাব পাৰিব। ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) উল্লেখযোগ্য যে ১ অক্টোবৰৰ সন্ধিয়া ইৰাণে ইজৰাইলৰ ওপৰত প্ৰায় ১৮০টা মিছাইল নিক্ষেপ কৰিছিল। বিবিচিৰ মতে, ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে (আইআৰজিচি) প্ৰকাশ কৰিছে যে ইজৰাইলে ইৰাণৰ সমৰ্থিত সহস্ত্ৰ বাহিনীৰ শীৰ্ষ সেনাধ্যক্ষ আৰু নেতা যেনে হিজবুল্লাহৰ প্ৰাক্তন নেতা হাছান নাছৰল্লাহ, আইআৰজিচিৰ কমাণ্ডাৰ আব্বাছ নিলফ’ৰ’ছান আৰু হামাছৰ ৰাজনৈতিক নেতা ইছমাইল হানিয়েহ হত্যা কৰাৰ প্ৰতিশোধ হিচাপে এই আক্ৰমণ চলোৱা হয়। হানিয়েহক যোৱা জুলাই মাহত তেহৰাণত হত্যা কৰা হৈছিল ৷ অৱশ্যে, ভাইৰেল ভিডিঅ’টোত নেতানিয়াহুৱে ইৰাণৰ মিছাইল আক্ৰমণৰ পৰা বাচিবলৈ পলায়ন কৰা দেখুওৱা হোৱা নাই। তিনি বছৰ পুৰণি ভিডিঅ’টোত নেতানিয়াহুৱে ২০২১ চনত নেচেটত এক ভোটদানৰ বাবে দৌৰি গৈ থকাহো দেখা গৈছে। প্ৰকৃত তথ্য আমি হিব্ৰু ভাষাত ভিডিঅ’টোৰ সৈতে প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰি ২০২১ চনৰ ১৩ ডিচেম্বৰৰ এটা ফেচবুক পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ য’ত ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণৰ শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৰ কেপচনত হিব্ৰুত লিখা আছে: “প্ৰাক্তন প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক নেচেটত ভোটদানৰ বাবে দৌৰি গৈ থকা দেখা গৈছে।" ফেচবুকৰ ভিডিঅ’টোত নেতানিয়াহুৱে ভাইৰেল ভিডিঅ’টোৰ সৈতে একেটা কৰিডৰৰ মাজেৰে একেখিনি মানুহৰ সৈতে একেই পোছাক পিন্ধি দৌৰি গৈ থকা দেখা যায়। ফেচবুকৰ ভিডিঅ’টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি দেখিলোঁ যে নেতানিয়াহুৱে নিজেই ২০২১ চনৰ ১৩ ডিচেম্বৰত টুইটাৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) আৰু টিকটকত (ইয়াত আৰ্কাইভ কৰা হৈছে) একেটা ভিডিঅ’ পোষ্ট কৰিছিল। টিকটকৰ ভিডিঅ' আৰু টুইটাৰ পোষ্টটোত হিব্ৰু ভাষাত থকা কেপচনৰ লিখা আছে, "আপোনালোকৰ হৈ দৌৰিবলৈ পাই মই সদায় গৌৰৱবোধ কৰোঁ। এইটো আধা ঘণ্টা আগতে নেচেটত তোলা হৈছিল।" ভিডিঅ'টোৰ সন্দৰ্ভত আমি ইজৰাইল নেচনেল নিউজ আৰু হিডাব্ৰুটত প্ৰকাশিত দুটা প্ৰতিবেদন লাভ কৰোঁ, য’ত উল্লেখ কৰা মতে ভিডিঅ’টোত নেতানিয়াহুৱে ইজৰাইলৰ সংসদ ভৱন নেচেটত এক ভোটদানৰ বাবে গৈ থকা দেখা গৈছে। সিদ্ধান্ত এইটো নেতানিয়াহুৱে ১ অক্টোবৰত ইৰাণৰ মিছাইল আক্ৰমণৰ পৰা বাচিবলৈ বাংকাৰত লুকাবলৈ দৌৰি যোৱা ভিডিঅ’ নহয়। ২০২১ চনৰ এই ভিডিঅ’টোত নেতানিয়াহুক নেচেটত এক ভোটদানৰ বাবে দৌৰি গৈ থকাহে দেখা গৈছে। (অনুবাদ: চন্দন বৰগোঁহাই)
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software