About: http://data.cimple.eu/claim-review/c980da99283e88ef04d435108cccc15b8020f7046ba320fc47b75fcc     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check : গায়ক এনৰিক ইগ্লেছিয়াছ-ৰ লগত দেখা পোৱা যুৱতী নেহা কক্কড় নহয়, ভুৱা দাবি হৈ আছে ভাইৰাল - By: Jyoti Kumari - Published: Jul 8, 2024 at 12:09 PM নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত গায়ক এনকিক ইগ্লেছিয়াছৰ এটা সঙ্গিতানুষ্ঠানৰ এখন ভিডিঅ’ ভাইৰাল হৈ আছে। ভিডিঅ’টোত দেখা পোৱা যায় যে এজনি ছোৱালী গায়কৰ লগত ছেলফি লবলৈ যায় আৰু তেঁওৰ লগত অসভ্য আচৰণ কৰিবলৈ চেষ্টা চলায়। এতিয়া কিছুমান ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবি কৰি আছে যে, ভিডিঅ’টোত দেখা পোৱা যুৱতীগৰাকী গায়িকা নেহা কক্কড় হয়। বিশ্বাস নিউজৰ তদন্তত দাবি ভুৱা বুলি প্ৰমানিত হৈছে। ভিডিঅ’টো 2022 চনত লাছ ভেগাছত হোৱা এখনি অনুষ্ঠানৰ হয়, যেতিয়া গায়ক এনৰিক ইগ্লিছিয়াছৰ লগত ছলফি লবলৈ এজন মহিলা অনুৰাগী উপস্থিত হৈছিল। ভিডিঅ’টোৰ গায়িকা নেহা কক্কড়ৰ লগত কোনো সম্পৰ্ক নাই। কি ভাইৰাল হৈ আছে? ফেচবুক ব্যৱহাৰকাৰী only rection video -এ ভাইৰাল ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে যে, “Neha Kakar American singer nal hal dekhlo ” পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক তদন্ত ভাইৰাল দাবিৰ সত্যতা জানিবলৈ আমি গুগ’লত সম্পৰ্কিত কিৱাৰ্ডৰ সহায়ত বিছাৰিলোঁ। ভাইৰাল দাবি সন্দৰ্ভত এখনি ৰিপোৰ্ট বলিউড লাইফৰ ৱেবচাইটত পোৱা গ’ল। ৰিপোৰ্টখনক 2022 চনৰ 20 চেপ্টেম্বৰ তাৰিখে প্ৰকাশ কৰা হৈছিল। ৰিপোৰ্ট মতে, এই ভিডিঅ’টো লাছ ভেগাছত হোৱা এখন অনুষ্ঠানৰ হয়। ভিডিঅ’টোত গায়কৰ লগত তেঁওৰ এজন মহিলা অনুৰাগী আছিল। তদন্ত চলি থকা অৱস্থাত আমি এএনআই-ৰ ৱেবচাইটত ভাইৰাল ভিডিঅ’ সন্দৰ্ভত তথ্য পালো। 2022 চনৰ 19 চেপ্টেম্বৰ তাৰিখে প্ৰকাশ কৰা সংবাদত কোৱা হৈছে যে, ভিডিঅ’ত এমেৰিকাৰ গায়ক এনৰিক ইগ্লেছিয়াছৰ লগত তেঁওৰ মহিলা অনুৰাগী আছে। ভিডিঅ’টো সেই সময়ৰ যেতিয়া তেঁওৰ এজন অনুৰাগী তেঁওৰ লগত ছেলফি লৈ আছিল। এনৰিক ইগ্লেছিয়াছে নিজৰ সামাজিক মাধ্যম হেণ্ডেলত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে। ভিডিঅ’টোক 2022 চনৰ 18 চেপ্টেম্বৰ তাৰিখে শ্বেয়াৰ কৰা হৈছিল ভিডিঅ’ সন্দৰ্ভত অন্যান্য ৰিপোৰ্টসমূহ ইয়াত পঢ়িব পাৰিব তদন্ত আগবঢ়াই নিঁয়োতে আমি নেহা কক্কড় আৰু এনৰিক ইগ্লেছিয়াছৰ সাক্ষাৎকাৰৰ বিষয়ে অনুসন্ধান কৰিলোঁ। ভাইৰাল দাবি সন্দৰ্ভত কোনো সংবাদ তথ্য আদি পোৱা নগ’ল আমি বলিউড সম্বন্ধিত সংবাদ কাভাৰ কৰা দৈনিক জাগৰণৰ জ্যেষ্ঠ সাংবাদিক স্মিতা শ্ৰীবাস্তবৰ লগত ভিডুঅটো শ্বেয়াৰ কৰিলোঁ। তেঁও আমাক জঁনালে যে, ভিডিঅ’টো গায়ক নেহা কক্কড়ৰ নহয়। ভিডিঅ’টো পুৰণি হয়। শেষত পোষ্টটো শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ তদন্ত কৰা হল। গম পোৱা গ’ল যে ব্যৱহাৰকাৰীজনে বলিউডৰ লগত সম্পৰ্কিত পোষ্ট শ্বেয়াৰ কৰে। সামৰণি:বিশ্বাস নিউজৰ তদন্তত দাবিটো ভুৱা বুলি প্ৰমানিত হৈছে। প্ৰকৃততে ভাইৰাল ভিডিঅ’ 2022 চনৰ হয়, যেতিয়া লাছ ভেগাছত হোৱা এখন অনুষ্ঠানৰ সময়ত গায়ক এনৰিক ইগ্লেছিয়াছৰ লগত মহিলা অনুৰাগীয়ে অভদ্ৰ ব্যৱহাৰ কৰিছিল। সেইভিডিঅ’টোক গায়িকা নেহা কক্কড়-ৰ বুলি ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। ভিডিঅ’টোত নেহা কক্কড় নাই। - Claim Review : ভিডিঅ'টোত দেখা পোৱা যুৱতীগৰাকী গায়িকা নেহা কক্কড় নহয় - Claimed By : ফেচবুক ব্যৱহাৰকাৰী- only rection video - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software