About: http://data.cimple.eu/claim-review/dde7109f44280ec16fdc108714a4b936a760185c527f880b89786700     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • ফেক্ট চেক: এই ছবিখন তুৰ্কিয়েৰ ইমামৰ নহয়, পুৰনা ছবিক এডিট কৰি, ভূমিকম্পৰ পাছত ভাইৰাল কৰা হৈ আছে। - By: Umam Noor - Published: Feb 27, 2023 at 05:56 PM নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এখন ছবি ভাইৰাল হৈ আছে, য’ত ইমামৰ বেশত থকা ব্যক্তিজনক এটা কুকুৰত হাতত চুমা খাই থকা অৱস্থাত দেখা গৈছে। এই ছবিখনক তুৰ্কিয়েত অলপতে হোৱা ভূমিকম্পৰ লগত যুক্ত কৰি শ্বেয়াৰ কৰা হৈ আছে আৰু ব্যৱহাৰকাৰীসকলে দাবি কৰি আছে যে, এই কুকুৰটোৱে ভূমিকম্পৰ ফলত মাটিৰ তলত ফঁচী থকা তিনিজন ব্যক্তিক বঁচাইছে, যাৰ পিছত তুৰ্কিয়েৰ জামিয়া মচজিদৰ ইমামে কুকুৰটোৰ হাতত চুমা খালে। বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত এই তথ্য পোহৰলৈ আনিলে যে, ইমামৰ বেশত থকা ব্যক্তিজনৰ ছবি এডিট কৰা হয়, পূৰ্ৱ পাদৰীৰ ছবিখন এডিট কৰা হৈছে। আৰু আচল ছবিখনৰও তুৰ্কিয়েৰ ভূমিকম্পৰ লগত কোনো সম্পৰ্ক নাই। এই ছবিখন 2011ৰ পৰা সামাজিক মাধ্যমত আছে। ভাইৰাল পোষ্টত কি আছে ফেচবুক ব্যৱহাৰকাৰীয়ে পোষ্টখন শ্বেয়াৰ কৰি লিখিছে যে, এই ছবিখন মোৰ দেখা বিশেষ কিছুমান ছবিৰ মাজত এখন ছবি। এঁও হ’ল তুৰ্কিয়েৰ জামিয়া মচজিদৰ ইমাম, সেই কুকুৰটোৰ হাতত চুমা খাই থকা অৱস্থাত, যিটোৱে ধ্বংসস্তুপত পোত যোৱা 3 জন লোকৰ প্ৰাণ বঁচাইছে। শেষ লাইনটো এটা থিম “কেৱল মানুহ হৈ জন্ম লোৱাটোৱে কোনো গুৰুত্বপূৰ্ণ কথা নহয়, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল হিয়া উজাৰি সেৱা আগবঢ়োৱা, যিকোনো প্ৰানিয়ে নহওক কিয়”( ‘This pic is some of those best rare pics I’ve ever seen. This is Imam e Jamia mosque in Turkey kissing hand of the dog which rescued and saved lives of 3 people tangled in debris. Last line is the theme “only being a man doesn’t matter, what matters is sincere service, no matter by whom”.) পোষ্টৰ আকাৰ্ইভ সংষ্কৰণ ইয়াত চাওক তদন্ত আমাৰ তদন্তৰ আৰম্ভণিত পুনপ্ৰথমতে আমি গুগল লেঞ্চৰ জৰিয়তে ছবিখনক বিছাৰিলো। এই প্ৰক্ৰিয়াত আমি এই ছবিখন ডগ প্ৰাইড টুডে-ৰ ওৱেবচাইটত পালো। যদিও মানুহজনক পাদৰীৰ সাজত দেখা পোৱা গৈছে। ইয়াত ছবিৰ লগত থকা তথ্য মতে, ট’মাছ জাছকে, এজন অস্ট্ৰিয়াৰ পাদৰী আৰু পশু অধিকাৰ সংৰক্ষণ বিষয়া। তেঁও পশুৰ অধিকাৰ আৰু চৰ্তৰ বিষয়ত সচেতননা অনা সন্দৰ্ভত জৰ্জক নিজা “ক্ৰুছেড” হিচাপে লঞ্চ কৰিছে। এই ভিত্তিত আমি তদন্ত আগবঢ়াই নিলো আৰু এই ছবিখন 27 মে 2016 ত আপল’ড হোৱা দেখা পালো। কেপচনত থকা তথ্য অনুসৰি, এই ছবিখন ‘ট’মাছ জাছকে-ৰ হয়, যিজন অস্ট্ৰিয়াৰ বাসিন্দা আৰু এজন পশুবাদী।’ সংবাদ বিছৰাই থাকোতে আমি এই ছবিখন 27 অক্টোবৰ 2011 ত প’লিছ নিউজ ওৱেবচাইটত আপল’ড হোৱা পালো। ইয়াত থকা সংবাদ অনুসৰি, ‘প’লেণ্ডৰ প’জনান-ৰ পূৰ্ৱ পাদৰী ট’মাছ জাছকে কুকুৰৰ অধিকাৰৰ বাবে জৰ্জক এৰি দিলে আৰু তেঁও এটা নিজা ধৰ্মযুদ্ধও আৰম্ভ কৰিলে।‘ ভাইৰাল ছবি আৰু প্ৰকৃত ছবিৰ মাজৰ পাৰ্থক্য স্পষ্টকৈ দেখা পোৱা গৈছে। অধিক তথ্যৰ বাবে আমি মেইলৰ জৰিয়তে তুৰ্কিয়েৰ ফৰেন এছোছিয়েশ্বন-ৰ লগত যোগাযোগ কৰিলোঁ। তেঁও আমাক জঁনালে যে, এই দাবি ভুল। ভাইৰাল কৰি থকা ছবিখন এডিটেড হয় আৰু এই ছবিখন তুৰ্কিয়েৰ ইমামৰ নহয়। ভ্ৰমাত্মক পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ ছ’ছিয়েল ষ্কেনিঙত আমি গম পালো যে ব্যাৱহাৰকাৰীজন খাজা ন’মান মকবুল ল’হাৰৰ বাসিন্দা। - Claim Review : তুৰ্কিয়েৰ জামিয়া মচজিদৰ ইমামে কুকুৰটোৰ হাতত চুমা খালে। - Claimed By : Khawaja Nouman Maqbool - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software