About: http://data.cimple.eu/claim-review/e0131ac59cf8b8701eabcdb027fb6ed2f27555a335162ebdf76cdfa3     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • ফেক্ট টেক অসুস্থ হাতিৰ এই ছবিখন তামিলনাড়ুৰ নহয়, থাইলেণ্ডৰহে বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত এই দাবি ভ্ৰমাত্মক বুলি প্ৰমান কৰিছে। এয়া সত্য যে অসমে তামিলনাড়ুক এটা হাতি বিক্ৰি কৰিছে আৰু সেইটোৰ অৱস্থা এতিয়া বেয়া। কিন্তু ভাইৰাল হোৱা ছবিখনত দেখা পোৱা হাতিটো সেইটো নহয়। - By: Pallavi Mishra - Published: Sep 10, 2022 at 03:35 PM নতুন দিল্লি, বিশ্বাস নিউজ : সামাজিক মাধ্যমত এখন ভাইৰাল পোষ্টত এখন হাতিৰ দেহত একাধিক ক্ষত দেখা পোৱা যায়। পোষ্টখনক লৈ দাবি কৰা হৈছে যে অসুস্থ হাতিটো অসমৰ, যি তামিলনাড়ুক মহলত দিয়া হৈছিল আৰু তাৰ এনে দুৰ্গতি হ’ল।বিশ্বাস নিউজৰ তদন্ত এই দাবি ভ্ৰমাত্মক বুলি প্ৰমাণিত হৈছে।এয়া সত্য যে অসমে তামিলনাড়ুক এটা হাতি বিক্ৰি কৰিছিল আৰু সেইটোৰ অৱস্থা এতিয়া বেয়া কিন্তু ভাইৰাল হোৱা পোষ্টত দেখা পোৱা হাতিটো সেইটো নহয়। কী ভাইৰাল হৈ আছে? ‘প্ৰেমৰ অনুভূতি’ নামক এখন ফেচবুক পেজে এয়া শেয়াৰ কৰিছে।লগতে লিখিছে যে, “অনুবাদিত আজি গনেশ পূজা, এই পোষ্টটোক বেছিকৈ শেয়াৰ কৰক#Assamese_elephant_captive_in_Tamil_Nadu_temple (অসমীয়া হাতি তামিলনাড়ুত বন্দী)জয়মালা। হাতিটোক 2008 চনত অ,মৰ পৰা তামিলনাড়ুলৈ কেৱল ছয় মাহৰ বাবে মহলত দিয়া হৈছিল। হাতি যিটোক যোৱা ১৩ বছৰ ধৰি অবৈধ ভাবে আটক কৰা হৈছিল, চাৰিখন ভৰি বান্ধি থোৱা হৈছিল আৰু এখন মন্দিৰৰ সীমাৰ ভিতৰত বহুবাৰ আঘাত কৰা হৈছিল। কিন্তু অসম বনবিভাগ সকলো জানিশুনিও এই ঘটনা সন্দৰ্ভত উদাসীন হৈ আছে।” পোষ্টটোৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাব পাৰিব। তদন্ত ভাইৰাল পোষ্টত তামিলনাড়ুৰ জয়মালা নামৰ এটা হাতিৰ উল্লেখ কৰা হৈছে। সেইহে বিশ্বাস নিউজে পোনপ্ৰথমে কীৱাৰ্ডচৰ জৰিয়তে অনুসন্ধান কৰিছে। আমি এই হাতিটোক লৈ বহুত তথ্য পাইছো। news18.com ৰ তথ্য অনুসৰি “অনুবাদিত: পশুসকলৰ প্ৰতি এক মৰ্মান্তিক ঘটনায় জোকাৰি গৈছে, তামিলনাড়ুৰ এটা মন্দিৰ চৌহদত কেইবাজন মাহুতে নিৰ্মমতাৰে হাতি এটাক প্ৰহাৰ কৰাত, হাতিটোৱে চিঞৰি থকা দেখা পোৱা গৈছে। মহিলা টাষ্কাৰটো উজনী অসমৰ তিনিসুকীয়াৰ গিৰিন মোৰান নামৰ এজন ব্যক্তিৰ হাতি, যিজনে 2011 চনত বনবিভাগৰ প্ৰয়োজনীয় অনুমোদন অনুসৰি, এক বেপাৰীৰ জৰিয়তে হাতিটোক তামিলনাড়ুৰ এক মন্দিৰক বিক্ৰি কৰি দিয়ে। এতিয়া হাতিটো তামিলনাড়ুৰ বিৰুধুনগৰৰ এক মন্দিৰত বন্দীদশাত জীৱনৰ শেষ দিল গনি আছে। পিপল ফৰ এথিকল ট্ৰিটমেণ্ট অফ এনিমেল- সংস্থাটিয়ে, মাহুতৰ অত্যাচাৰৰ বলি হোৱা হাতিটোৰ জীৱন যুঁজত আগভাগ লৈ আছে।” ndtv.com ৰ খৱৰ অনুসৰি, “অনুবাদিত: তামিলনাড়ুৰ জয়মালা নামৰ এটা হাতি খৱৰৰ শীৰ্ষত আছে, যত ৰাজ্য চৰকাৰ পশু অধিকাৰ সংগঠন পেটা ৰ দাবিক লৈ যুঁজি আছে যে পশুৰ ওপৰত অত্যাচাৰ কৰা হৈ আছে। তামিলনাড়ু চৰকাৰে 31 চেকেণ্ডৰ এটা ভিডিঅ’ টুইট কৰি কৈছে যে “জয়মালা সুস্থ আছে”। এই ভিডিঅ’ খন পেটা-ৰ সেই ভিডিঅ’ৰ বিপৰীতে প্ৰস্তুত কৰা হৈছে, যত পশুসকলৰ সংকটৰ কথা স্পষ্টকৈ দেখুৱা হৈছে।” আমি এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ এটা টুইটও পাইছো, যত লিখা আছে-অনুবাদ: আমি পশুসকলৰ যিকোনো ধৰণৰ অত্যাচাৰৰ বিৰোধ কৰিছো। সেইহে তামিলনাড়ুত অসমৰ এটা হাতি জয়মালাৰ লগত দুৰ্ব্যৱহাৰে আমাক কষ্ট দিছে। পৰিৱেশ তথা বনমন্ত্ৰী শ্ৰী-ৰ উপস্থিতিত বনবিভাগৰ কৰ্মকৰ্তাসকলৰ লগত এই ঘটনা সন্দৰ্ভত আলোচনা কৰিবলৈ এখনি সভা কৰিলো। এতিয়া এয়া নিশ্চিত যে হাতি জয়মালাক লৈ তামিলনাড়ু আৰু অসম চৰকাৰৰ মাজত সমস্যা চলিছে। কিন্তু এতিয়া এয়া জানিবলগীয়া যে ভাইৰাল হোৱা ছবিখন প্ৰকৃততে জয়মালাৰ হয় নে? আমি যেতিয়া এই ছবিবোৰ গুগল ৰিৰ্ভাচ ইমেজত বিছাৰিলো তেতিয়া এই ছবিখন নেচনেল জিঅগ্ৰাফিক –ৰ এটা খৱৰত পালো। সেই তথ্য অনুসৰি, এই ছবিখন থাইলেণ্ডৰ এটা হাতিৰ। euronews.com –ৰ খৱৰতও এই ছবিখনক থাইলেণ্ডৰ বুলি কোৱা হৈছে। ইয়াৰ পিছত আমি নিশ্চিতকৰণৰ বাবে পেটা ইণ্ডিয়া(PETA ইণ্ডিয়া)ৰ মিডিয়া কঅৰ্ডিনেটৰ হীৰজৰ লগত কথা পাতিলো। হীৰজে আমাক ক’লে যে, “ভাইৰাল দাবিটো সত্য কিন্তু তাৰ লগত প্ৰচাৰ হোৱা ছবিখন ভুল। ভাইৰাল হোৱা ছবিখন জয়মালাৰ নহয়, আচলতে এয়া থাইলেণ্ডৰ এটা হাতিৰ ছবি।” এই পোষ্টটোক ভুল দাবিৰ সৈতে প্ৰেমৰ অনুভূতি নামৰ এজন ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিলে। ব্যৱহাৰকাৰীজনৰ 9000 ত কৈ অধিক অনুসৰণকাৰী আছে। নিষ্কৰ্ষঃ বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত এই দাবি ভ্ৰমাত্মক বুলি প্ৰমান কৰিছে। এয়া সত্য যে অসমে তামিলনাড়ুক এটা হাতি বিক্ৰি কৰিছে আৰু সেইটোৰ অৱস্থা এতিয়া বেয়া। কিন্তু ভাইৰাল হোৱা ছবিখনত দেখা পোৱা হাতিটো সেইটো নহয়। - Claim Review : এয়া হাতি জয়মালাৰ ছবি যাক তামিলনাড়ুত নিৰ্মমতাৰে প্ৰহাৰ কৰা হৈছিল - Claimed By : ফেচবুক পেজ প্ৰেমৰ অনুভূতি’ - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 2 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software