About: http://data.cimple.eu/claim-review/e484e351aefd30d8ee0be3bbf7cc97d2f4f7aee134e9612246095c00     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: অসমত পুনৰ লকডাউন নহয়, ভাইৰেল বাতৰি বিভ্ৰান্তিকৰ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য মতে এই ভাইৰেল ভিডিঅ’টোৰ কোনো বাস্তৱিক ভিত্তি নাই। কোনো মন্ত্ৰী বা ৰাজ্য চৰকাৰে লকডাউন হোৱাৰ সম্ভাৱনীয়তাও ব্যক্ত কৰা নাই। গতিকে এই ভাইৰেল ভিডিঅ’ বিভ্ৰান্তিকৰ। - By: Rangman Das - Published: Oct 28, 2021 at 10:12 AM - Updated: Feb 21, 2022 at 07:33 PM গুৱাহাটী (বিশ্বাস নিউজ): শেহতীয়াকৈ অসমত পুনৰ লকডাউন হ’ব বুলি এক বাতৰি বিভিন্ন সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ আছে। অসমৰ পৰা প্ৰকাশিত এক ডিজিটেল প’ৰ্টেল চেনেলৰ প্লেটত লিখা হৈছে – অসমত পুনৰ হ’ব লকডাউন। এই বাতৰি পৰিবেশন হোৱাৰ পিছতে কেবা শতাধিক লোকে এই বাতৰি শ্বেয়াৰ কৰে আৰু জনসাধাৰণৰ মাজত এক শংকাৰ সৃষ্টি হয়। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত পোৱা তথ্য অনুসৰি এই বাতৰি এক সংবাদ মেলৰ ওপৰত ভিত্তি কৰি অনুমানিকভাৱেহে প্ৰস্তুত কৰা হৈছিল। বাস্তৱিকতে ইয়াৰ কোনো ভিত্তি নাই। ইফালে অসমৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত এক টুইটাৰযোগে অসমত লকডাউন নহয় বুলি স্পষ্ট কৰি দিছে। গতিকে অসমত পুনৰ লকডাউন হ’ব বুলি ভাইৰেল হোৱা এই পোষ্ট বিভ্ৰান্তিকৰ। কি এই ভাইৰেল পোষ্ট? ফে’চবুক পেজ E News NE য়ে ১৯ অক্টোবৰ ২০২১ তাৰিখে এই ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে – অসমত পুনৰ হ’ব পাৰে লকডাউন। ভিডিঅ’টোৰ প্ৰথম ৩২ ছেকেণ্ডত কোৱা হৈছে যে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ইংগিত দিছে যে ৰাজ্যত পুনৰ লকডাউন হ’ব পাৰে, সান্ধ্য আইনৰ সময়সীমাও কমাই দিয়া হ’ব পাৰে। আৰু ইয়াৰ সমান্তৰালকৈ ব্ৰেকিং প্লেটত ৰাজ্যত পুনৰ লকডাউন হ’ব পাৰে বু্লি বাৰে বাৰে উল্লেখ কৰা হৈছে। ভিডিঅ’টোৰ ৩.১০ মিনিটৰ পৰা ৪.৪৮ মিনিটলৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ এক সংবাদমেলৰ কিছু দৃশ্যাংশ দেখুওৱা হৈছে। অনুসন্ধান বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰিয়েই প্ৰথমে ১৯ অক্টোবৰ তাৰিখে অসমৰ কেবিনেট বৈঠকৰ পিছতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সম্বোধন কৰা সংবাদ মেলৰ ভিডিঅ’টো তন্নতন্নকৈ পৰীক্ষা কৰিছিলো। সংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কেতিয়াও লকডাউনৰ কথা উল্লেখ কৰা নাই। দুৰ্গা পূজাৰ পিছৰ পৰিস্থিতি চাই ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলিহে মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। সংবাদমেলত কি কৈছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই – আমি এই সংবাদমেল সন্দৰ্ভত বাতৰি বিচাৰোতে আন দুটা বাতৰিৰ প্ৰতিবেদন দেখিবলৈ পাও। My News NE নামৰ নিউজ প’ৰ্টেল এটাইয়ো এই সংবাদমেলৰ আনুমানিকভাৱে অসমত পুনৰ লকডাউন হ’ব বুলি বাতৰি পৰিবেশন কৰে। এই বাতৰিয়ে শেহতীয়াকৈ ৰাজ্যবাসীৰ মাজত এক শংকাৰ সৃষ্টি কৰাৰ সময়তে কালি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই লকডাউনৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰে। লগতে এনে ভুৱা বাতৰিত মানুহক শংকিত নহ’বলৈও আহ্বান জনায়। ইফালে কালি নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে সাংবাদিকক দিয়া ভাষ্যতো অসমত লকডাউনৰ কোনো সম্ভাৱনা নাই বুলি দৃঢ়তাৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তলত মুখ্যমন্ত্ৰীৰ ভাষ্য চাব পাৰিব – বিশ্বাস নিউজে এই সন্দৰ্ভত The Sentinel ৰ সাংবাদিক পল্লৱী শইকীয়াৰ সৈতে যোগাযোগ কৰিছিল আৰু এই ভিডিঅ’ শ্বেয়াৰ কৰিছিল। তেওঁ আমাক কৈছিল যে এয়া সম্পূৰ্ণ বিভ্ৰান্তিকৰ। অসমত লকডাউন হোৱাৰ কথা কোনেও কোৱা নাই বা সম্ভাৱনাৰ কথাও কোৱা হোৱা নাই। এই বাতৰি কেৱল অনুমানৰ ভিত্তিতহে প্ৰস্তুত কৰা হৈছে। ইফালে যেতিয়া আমি ফেচবুকত অসমত পুনৰ লকডাউন হ’ব বুলি বাতৰি শ্বেয়াৰ কৰা E News NE নামৰ প’ৰ্টেলটোৰ ফেচবুক প্ৰ’ফাইল স্কেন কৰিছিলো, আমি দেখিছিলো যে পেজটোত ৩৬২৪১৬ গৰাকী লোকে অনুসৰণ কৰে। আনহাতে এই ভাইৰেল ভিডিঅ’টো ১০৩০০০ লোকে প্ৰত্যক্ষ কৰাৰ লগতে ১০০০ জন লোকে শ্বেয়াৰ কৰিছে। নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য মতে এই ভাইৰেল ভিডিঅ’টোৰ কোনো বাস্তৱিক ভিত্তি নাই। কোনো মন্ত্ৰী বা ৰাজ্য চৰকাৰে লকডাউন হোৱাৰ সম্ভাৱনীয়তাও ব্যক্ত কৰা নাই। গতিকে এই ভাইৰেল ভিডিঅ’ বিভ্ৰান্তিকৰ। - Claim Review : অসমত পুনৰ হ’ব পাৰে লকডাউন। - Claimed By : E News NE - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software