About: http://data.cimple.eu/claim-review/f15a55d88049c14cd7c6019c75abb7d1ca27f7b85bd8b1a9642f5d2c     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • লেখক: প্ৰভানু দাস অক্টোবৰ 25 2024 গোচৰটোৰ এজাহাৰ আৰু আৰক্ষীৰ ভাষ্যৰ পৰা অভিযুক্ত বনকৰা মহিলাগৰাকী নাম ৰীনা কুমাৰ বুলি স্পষ্ট হৈছে। তেওঁ মুছলমান নহয়, বৰঞ্চ এগৰাকী হিন্দু মহিলা। কি দাবী কৰা হৈছে? এক্স (পূৰ্বৰ টুইটাৰ) আৰু ফেচবুকত একাধিক পোষ্টত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত অলপতে সংঘটিত এক ঘটনাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত এগৰাকী মহিলাই খাদ্যত পেচাব মিহলাই থকা দেখা গৈছে বুলি অভিযোগ কৰা হৈছে। এটা গোপন কেমেৰাত বন্দী হোৱা যেন লগা ৩৭ ছেকেণ্ডৰ ভিডিঅ’টোত ৰীনা কুমাৰ নামৰ এগৰাকী বন কৰা মহিলাক পাকঘৰৰ এটা চুকত গৈ এবাটি খাদ্যত পেচাব কৰা দেখা গৈছে বুলি অভিযোগ কৰা হৈছে। কেইবামাহ ধৰি উক্ত কাৰ্য্য সংঘটিত কৰি অহা অভিযোগ উত্থাপিত হোৱা পিছত যোৱা ১৬ অক্টোবৰত কুমাৰক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ কাম কৰা ঘৰৰ গৃহস্থই স্থাপন কৰা গোপন কেমেৰাত এই কাৰ্য্যত বন্দী হোৱা বুলি জানিব পৰা গৈছে। কিন্তু ভাইৰেল ছ’চিয়েল মিডিয়া পোষ্টত ভিডিঅ’টোত দেখা মহিলাগৰাকী ৰীনা কুমাৰ নহয় বৰঞ্চ “ৰুবিনা খাতুন” বুলি দাবী কৰি তেওঁক এগৰাকী মুছলমান সম্প্ৰদায়ৰ মহিলা বুলি কোৱা হৈছে। তেনে এটা পোষ্টত লিখা হৈছে, "গাজিয়াবাদত পেচাব মিহলাই আটা মৰা বনকৰা মহিলা 'ৰীনা'ৰ প্ৰকৃত নামটো হৈছে 'ৰুবিনা খাতুন'।" উক্ত দাবীটো ভাৰতীয় জনতা পাৰ্টিৰ দিল্লী ইউনিটৰ সহ-মূৰব্বী কায়েম মেহদীয়েও শ্বেয়াৰ কৰিছিল, তেওঁৰ পোষ্টটোৱে এক্সত ৩ লাখ ৮৫ হাজাৰ ভিউ, ৭৫০০ৰো অধিক লাইক আৰু প্ৰায় ৪ হাজাৰ ৰিশ্বেয়াৰ কৰিছে। এই পোষ্টবোৰৰ আৰ্কাইভ কৰা লিংক ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব ৷ ভাইৰেল ভিডিঅ’টোত দেখা মহিলাগৰাকীৰ নাম ৰীনা নহয়, ৰুবিনা খাতুন বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) অৱশ্যে আমাৰ অনুসন্ধানত এই দাবীসমূহ মিছা বুলি জানিব পৰা গৈছে। ভিডিঅ’টোত দেখা মহিলাগৰাকীৰ প্ৰকৃত নাম ৰীনা কুমাৰ হয় আৰু তেওঁ এগৰাকী হিন্দু সম্প্ৰদায়ৰ মহিলা। আমি কি বিচাৰি পালোঁ? প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰি গুগলত সন্ধান কৰি আমি এই কাণ্ডৰ বিস্তাৰিত বিৱৰণ থকা একাধিক বাতৰিৰ প্ৰতিবেদন লাভ কৰিলোঁ। দ্য ইকনমিক টাইমছ আৰু দ্য টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদনত ভিডিঅ’টোত থকা মহিলাগৰাকীক শান্তি নগৰৰ ৩২ বছৰীয়া ৰীনা কুমাৰ বুলি চিনাক্ত কৰা হৈছে। উক্ত প্ৰতিবেদনসমূহৰ মতে তেওঁ বনকৰা মহিলা হিচাপে কাম কৰা ক্ৰছিংছ ৰিপাব্লিকত (উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এখন টাউনশ্বিপ) বাস কৰা পৰিয়ালটো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল যাৰ ফলত তেওঁলোকৰ মনত সন্দেহৰ সৃষ্টি হৈছিল। পিছত তেওঁলোকে পাকঘৰত এটা গোপন কেমেৰা সংৰোপন কৰে আৰু বনকৰা মহিলাগৰাকীয়ে তেওঁলোকৰ খাদ্যত প্ৰস্ৰাৱ মিহলাই থকা ধৰা পৰে জানিব পৰা যায়। সংবাদ সংস্থা এএনআইৰ এটাৰ পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে ) অভিযুক্ত মহিলা গৰাকী নাম ৰীনা কুমাৰ বুলি উল্লেখ কৰাৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় বুলি কোৱা হয়। প্ৰতিবেদনসমূহত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট ব্যৱহাৰ কৰা হৈছে। ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি দেখিলোঁ যে ১৬ অক্টোবৰত ভিডিঅ’টো উত্তৰ প্ৰদেশৰ সাংবাদিক শচীন গুপ্তাই এক্সত পোষ্ট কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে), আৰু অভিযুক্ত মহিলাগৰাকীক চিনাক্ত কৰিছিল। ২১ অক্টোবৰত তেওঁ উক্ত ভিডিঅ’টোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ভুৱা বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) মহিলাগৰাকীৰ নাম প্ৰকৃততে ৰীনা কুমাৰ হয় বুলি স্পষ্ট কৰি দিছিল আৰু এজাহাৰখনৰ প্ৰতিলিপি সংলগ্ন কৰিছিল। লজিকেলী ফেক্টছে এজাহাৰৰ কপি লাভ কৰিছে য’ত অভিযুক্তক জনৈক প্ৰমোদ কুমাৰৰ পত্নী ৰীনা বুলি স্পষ্টভাৱে চিনাক্ত কৰা হৈছে। ৰুবিনা খাতুন নামটো এজাহাৰত উল্লেখ নাই। এজাহাৰত হাইলাইট কৰা অংশত অভিযুক্তৰ নাম গাজিয়াবাদৰ শান্তি নগৰত থকা প্ৰমোদ কুমাৰৰ পত্নী ৰীনা বুলি উল্লেখ কৰা হৈছে। (উৎস: গাজিয়াবাদ আৰক্ষী/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) তদুপৰি ক্ৰছিংছ ৰিপাব্লিক থানাৰ ষ্টেচন হাউছ অফিচাৰ (এছ এইচ অ’) প্ৰীতি গাৰ্গে লজিকেলী ফেক্টছক "দোষীৰ নাম ৰীনা আৰু তেওঁ হিন্দু সম্প্ৰদায়ৰ" বুলি জানিবলৈ দিয়ে। অভিযুক্তই ছদ্মনামেৰে ঘৰটোত কাম কৰা নাছিল বুলিও এছ এইচ অ’ গৰাকীয়ে স্পষ্ট কৰি কয় যে তেওঁৰ নাম ৰুবিনা খাতুনো নহয় আৰু তেওঁ মুছলমানো নহয়। সিদ্ধান্ত আমাৰ অনুসন্ধান আৰু আৰক্ষীৰ নিজা প্ৰমাণৰ পৰা এইটো নিশ্চিত হৈছে যে ভাইৰেল ভিডিঅ’টোত থকা মহিলাগৰাকী ৰুবিনা খাতুন নহয়, বৰঞ্চ ৰীনা কুমাৰ নামৰ এগৰাকী হিন্দু মহিলাহে হয়। ভাইৰেল পোষ্টবোৰে ভুৱা সাম্প্ৰদায়িক দাবীৰে প্ৰচাৰ কৰা হৈছে। (অনুবাদ: চন্দন বৰগোহাঁই)
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software