About: http://data.cimple.eu/claim-review/f7d1b3d486d1bcc61834f3e40c4dd6adbaf48d5940cbec2338d082db     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: এয়া ইউক্ৰেইনৰ এটা ৰে’লৱে ষ্টেশ্যনৰ ছবি, বাংলাদেশী ক্ৰিকেটাৰ ছাকিব-আল হাছানে নিৰ্মাণ কৰা মছজিদৰ নহয় উপসংহাৰ – Vishvas News ৰ নিজস্ব অনুসন্ধানত এই ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ভাইৰেল পোষ্টটোত দেখা অট্টালিকাটো প্ৰকৃততে কোনো মছজিদ নহয়, বৰঞ্চ ইউক্ৰেইনৰ এটা ৰে’লৱে ষ্টেশ্যনহে। অৱশ্যে এই কথা সত্য যে বাংলাদেশী ক্ৰিকেটাৰ ছাকিব-আল হাছানে বাংলাদেশত এটা মছজিদ নিৰ্মাণৰ বাবে বিত্তীয় সাহায্য আগবঢ়াইছিল, পিছে এই অট্টালিকা সেই মছজিদ নহয়। - By: Pallavi Mishra - Published: Mar 25, 2021 at 11:53 AM নতুন দিল্লী (বিশ্বাস নিউজ) || শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত দুখন ফটোৰ এখন ক’লাজ ব্যাপকভাৱে ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই ক’লাজখনৰ ওপৰত বাংলাদেশী ক্ৰিকেটাৰ ছাকিব-আল হাছানক দেখা গৈছে, আৰু তাৰ ঠিক তলতে এটা সুবিশাল অট্টালিকা দেখা গৈছে। এই ক’লাজখনৰ সৈতে ফে’চবুক পোষ্টত লিখা হৈছে, “বাংলাদেশৰ মুছলমান খেলুৱৈ ছাকিব-আল হাছান আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ গৃহ চহৰত এই মছজিদ নিৰ্মাণ কৰিছে।” Vishvas News এ চলোৱা নিজস্ব অনুসন্ধানত এই দাবী ভুৱা বুলি প্ৰমাণিত হৈছে। ভাইৰেল হোৱা ফটোখনত থকা অট্টালিকাটো প্ৰকৃততে ইউক্ৰেইনৰ এটা ৰে’লৱে ষ্টেশ্যনৰ ফটোহে, কোনো মছজিদৰ ফটো নহয়। অৱশ্যে এই কথা সত্য যে বাংলাদেশী ক্ৰিকেটাৰ ছাকিব-আল হাছানে বাংলাদেশত এটা মছজিদ নিৰ্মাণৰ ক্ষেত্ৰত বিত্তীয় সাহায্য আগবঢ়াইছিল। কিন্তু ফটোত দেখা এই অট্টালিকাটো সেই মছজিদ নহয়। কি এই ভাইৰেল পোষ্ট Mohammed Saad নামৰ এগৰাকী ফে’চবুক ইউজাৰে বিগত ১১ মাৰ্চ তাৰিখে এই ক’লাজটো শ্বেয়াৰ কৰি লিখিছে, “বাংলাদেশৰ মুছলমান খেলুৱৈ ছাকিব-আল হাছান আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ গৃহ চহৰত এই মছজিদ নিৰ্মাণ কৰিছে, য’ত প্ৰায় ৯০ লাখ টকা ব্যয় কৰা হৈছে। এই সমস্ত ব্যয় ছাকিব আল হাছানে ব্যক্তিগতভাৱে বহন কৰিছে, আল্লাহে তেওঁৰ মনোকামনা পূৰ্ণ কৰে যেন🤲🤲🤲 #আলহামদুলিল্লা!👇।” পোষ্টটোৰ বাংআৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব। অনুসন্ধান বিশ্বাস নিউজে সৰ্বপ্ৰথমে এই ভাইৰেল পোষ্টত দেখা পোৱা ছবিখন গুগল ৰিভাৰ্ছ ইমেজত দাখিল কৰি বিচাৰিবলৈ আৰম্ভ কৰে। সৰল কী-ব’ৰ্ডৰ সহায়তো এই ফটোখনৰ সত্যতা বিচাৰ কৰিবলৈ আৰম্ভ কৰা হ’ল। এই অনুসন্ধানত আমি এই ফটোখন shutterstock.com ত দেখিবলৈ পাওঁ। ফটোখনৰ সৈতে লিখা থকা বিৱৰণী অনুসৰি এই অট্টালিকাটো ইউক্ৰেইনস্থিত খাৰ্কিব ৰে’লৱে ষ্টেশ্যন। আমি কী-ৱৰ্ডৰ সহায়ত ৰিভাৰ্ছ ইমেজ ছাৰ্ছ কৰোতে এই ফটোখন ভালেমান ঠাইত দেখিবলৈ পাওঁ। সকলো স্থানতে এই অট্টালিকাটোক ইউক্ৰেইনৰ খাৰ্কিব ৰে’লৱে ষ্টেশ্যন বুলি উল্লেখ কৰিছে। আমাৰ এই কথাৰ সত্যাপন কৰিবৰ বাবে আমি বাংলাদেশ প্ৰেছ কাউন্সিলৰ সহায়ক সচিব ইক্ৰাম ৰহমানৰ সৈতে যোগাযোগ কৰো। তেওঁ আমাক জনায়, “এই কথা সত্য যে ছাকিব আল হাছানে মগুৰা জিলাৰ নিজৰ গৃহ গাওঁ পুষ্টেনি গাওঁত এটা মছজিদ নিৰ্মাণ কৰিছে, কিন্তু ভাইৰেল পোষ্টত দেখা ফটো সেই মছজিদৰ নহয়।” কী-ৱৰ্ডৰ সহায়ত আমি বিচাৰ-খোচাৰ কৰোতে ভালেমান খবৰ লাভ কৰিছো, য’ত ছাকিব-আল হাছানৰ দ্বাৰা মছজিদ সন্দৰ্ভত বিভিন্ন তথ্য উল্লেখ আছে। লাভ কৰা তথ্য অনুসৰি, মগুৰা জিলাত নিৰ্মাণ হোৱা মছজিদৰ নিৰ্মাণ কাৰ্যৰ সময়চ ছাকিব-আল হাছানে বিত্তীয় সাহায্য আগবঢ়াইছিল। ভাইেৰেল ফটো আৰু ছাকিব আল হাছানৰ দ্বাৰা নিৰ্মিত মছজিদৰ মাজৰ পাৰ্থক্য আপোনালোকে তলৰ ছবিত চাব পাৰিব। বিশ্বাস নিউজে অনুসন্ধানৰ অন্তিম পৰ্যায়ত এই ফটো ভাইৰেল কৰা ফে’চবুক ইউজাৰ Mohammed Saad ৰ প্ৰ’ফাইল স্কেন কৰে। জানিব পৰা মতে এইগৰাকী ইউজাৰৰ আছে ১০৯৯ গৰাকী ফ’ল’ৱাৰ্ছ। নিষ্কৰ্ষঃ উপসংহাৰ – Vishvas News ৰ নিজস্ব অনুসন্ধানত এই ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ভাইৰেল পোষ্টটোত দেখা অট্টালিকাটো প্ৰকৃততে কোনো মছজিদ নহয়, বৰঞ্চ ইউক্ৰেইনৰ এটা ৰে’লৱে ষ্টেশ্যনহে। অৱশ্যে এই কথা সত্য যে বাংলাদেশী ক্ৰিকেটাৰ ছাকিব-আল হাছানে বাংলাদেশত এটা মছজিদ নিৰ্মাণৰ বাবে বিত্তীয় সাহায্য আগবঢ়াইছিল, পিছে এই অট্টালিকা সেই মছজিদ নহয়। - Claim Review : बांग्लादेश के मुसलमान खिलाड़ी साकिब अल हसन और उसकी पत्नी ने अपने शहर में एक मस्जिद बनवाई जिसमें लगभग 90 लाख रुपए का खर्चा आया। इस खर्चे को पूरा शाकिब अल हसन ने अपनी जेब से दिया या अल्लाह इस के नेक इरादों को पूरा करें - Claimed By : Mohammed Saad Saifi - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software