schema:text
| - Fact Check: পঞ্জাব আৰক্ষীয়ে কেজৰীৱাল আৰু AAPচৰকাৰৰ সমালোচনা কৰা বুলি ভাইৰেল হোৱা ভিডিঅ’ পাকিস্তানৰ হয়
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা ভিডিঅ’ত দেখা পোৱা গৈ আছে যে এজন সাংবাদিক এজন আৰক্ষীৰ পিছে-পিছে দৌৰি আছে।
- By: Umam Noor
- Published: Jan 22, 2025 at 03:50 PM
- Updated: Jan 22, 2025 at 04:04 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা ভিডিঅ’ত দেখা পোৱা গৈ আছে যে এজন সাংবাদিক এজন আৰক্ষীৰ পিছে-পিছে দৌৰি আছে। আৰক্ষী জনে দৌৰি থাকোঁতে তেওঁৰ পিছ ফালে থকা সেই সাংবাদিকজনক এই বুলি কৈ থকা শুনিবলৈ পোৱা গৈ আছে যে, পঞ্জাব আৰক্ষীয়ে গাঞ্জা বিক্ৰী কৰি আছে আৰু লগতে বিক্ৰী কৰাই আছে। এই ভিডিঅ’টো পঞ্জাব আৰক্ষীৰ নামত বিভিন্ন প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈ আছে এই দাবীৰ সৈতে যে পঞ্জাব আৰক্ষীয়ে কেজৰীৱাল চৰকাৰৰ সমালোচনা কৰি আছে।
বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে ভাইৰেল হৈ থকা ভিডিঅ’টো ভাৰতৰ পঞ্জাব ৰাজ্যৰ নহয়। এয়া পাকিস্তানৰ পঞ্জাব ৰাজ্যৰ হে হয়। পাকিস্তানৰ ভিডিঅ’টোক হে ভুৱা দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে।
ভাইৰেল প’ষ্টত কি আছে ?
ফেচবুক ইউজাৰে ভাইৰেল প’ষ্ট শ্বেয়াৰ কৰি লিখিছে, “High Level Ground Reporting, সকলো Reporter এনেকুৱা হ’লে দেশখনক ঠিক কৰোঁতে অলপো পলম নহ’ব। এনেয়ো এয়া কেজৰীৱালৰ পঞ্জাব আৰক্ষী হয়, ভাইটিয়ে Face Reveal হ’বলৈ দিয়া নাই।”
প‘ষ্ট-ৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।
অনুসন্ধান
আমি নিজৰ অনুসন্ধান আৰম্ভ কৰি পোন প্ৰথমতে ভিডিঅ’টোক ভাল দৰে চাই লৈছিলোঁ। ভিডিঅ’টোৰ তিনি ছেকেণ্ডৰ ফ্ৰেমত আমি দেখা পালোঁ যে আৰক্ষীজনৰ ইউনিফৰ্মত পাকিস্তানৰ পতাকা আছে।
ইয়াৰ ভিত্তিত আমি অনুসন্ধান আগুৱাই লৈ গ’লোঁ আৰু গুগল লেঞ্চৰ জৰিয়তে ভাইৰেল ভিডিঅ’ৰ কী-ফ্ৰেম ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰি থাকোঁতে এই ভিডিঅ’টো এজন ব্যক্তিৰ এক্স প্ৰফাইলত দেখা পালোঁ, ভিডিঅ’টো 18 ডিচেম্বৰ 2024-ত আপল’ড কৰা হৈছিল। তাত ভিডিঅ’ৰ লগত থকা তথ্যৰপৰা গম পোৱা গ’ল যে, এয়া পাকিস্তানৰ পঞ্জাবৰ ভিডিঅ’ হয়। ভিডিঅ’টোত আমি ‘SA times’ নামৰ ল’গ’ দেখা পাইছিলোঁ।
তাৰ পাছত আমি নিজৰ অনুসন্ধান আগুৱাই লৈ যোৱাৰ কাৰণে গুগল-ত ‘SA Times’ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি এই নামৰ এটা ফেচবুক পেজৰ সন্ধান পালোঁ। সেই পেজত আলোচ্য ভাইৰেল ভিডিঅ’টোক 20 নৱেম্বৰ 2024-ত আপল’ড কৰা হৈছিল। তাতেও কোৱা হৈছে যে ভিডিঅ’টো পাকিস্তানৰ পঞ্জাবৰ হয়। তদুপৰি, ভিডিঅ’টোত লিখা আছে যে, আৰক্ষী বিষয়াই গাঞ্জা বিক্ৰী কৰি থাকোঁতে হাতে-লোটে ধৰা পৰিছে। দীঘলীয়াকৈ ভাইৰেল ভিডিঅ’টো ইয়াত চাব পাৰে।
তদুপৰি, ভিডিঅ’টোত দেখা পোৱা আৰক্ষীৰ ইউনিফৰ্মত স্পষ্টকৈ পাকিস্তানৰ পতাকা দেখিবলৈ পোৱা গৈ আছে আৰু সাংবাদিক জনৰ মাইকতো দেখা পোৱা গৈ আছে যে, লিখা ‘SA Times’ আছে।
ভাইৰেল ভিডিঅ’টোৰ বিষয়ে নিশ্চিত হোৱাৰ কাৰণে আমি পাকিস্তানৰ সাংবাদিক আদিল আলীৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু ভাইৰেল প’ষ্টটোক তেওঁকো শ্বেয়াৰ কৰি দিছিলোঁ। তেওঁ আমাক নিশ্চিত ভাৱে জনাইছে যে ভিডিঅ’টো পাকিস্তানৰ হয়।
ইয়াৰ পাছত আমি ফেচবুক ইউজাৰ ‘Ramesh Verma Mauryavanshi’-ৰ ছ’চিয়েল স্কেনিং কৰি চালোঁ, যি জনে ভুৱা প’ষ্টটো শ্বেয়াৰ কৰিছিলে। আমি গম পালোঁ যে, এইজন ইউজাৰক 21 হেজাৰ মানুহে ফল’ কৰি থাকে। এই প্ৰফাইলৰপৰা বিশেষ ভাৱধাৰাৰে অনুপ্ৰাণিত প’ষ্ট শ্বেয়াৰ কৰা হৈ থাকে।
উপসংহাৰ: বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে ভাইৰেল হৈ থকা ভিডিঅ’টো ভাৰতৰ পঞ্জাব ৰাজ্যৰ নহয়। এই ভিডিঅ’টো পাকিস্তানৰ পঞ্জাবত অৱস্থিত লাহোৰৰ হয়। লাহোৰৰ ভিডিঅ’টোক হে ভুৱা দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে।
- Claim Review : ভাৰতৰ পঞ্জাব আৰক্ষীৰ ভিডিঅ’।
- Claimed By : FB User: Ramesh Verma Mauryavanshi
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
|