About: http://data.cimple.eu/claim-review/104f4ac7a05845a1a334ddf23b0b1995573f64a074a92dc58784eece     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: বাংলাদেশত 2013 চনত হোৱা হিংসাৰ ভিডিওক অসম NRC ৰ লগত জড়িত কৰি ভাইৰেল কৰি আছে| আমি আমাৰ অনুসন্ধানত পাইছোঁ যে ভিডিওটো প্ৰকৃততে বাংলাদেশৰ 2013 চনৰ|ভিডিওটোৰ NRC অথবা অসমৰ লগত কোনো লেনা দেনা নাই| - By: Pallavi Mishra - Published: Jan 19, 2020 at 03:29 PM - Updated: Jan 20, 2020 at 02:42 PM বিশ্বাস নিউজ নতুন দিল্লী| অসমত NRC ক লৈ উৰাবাতৰিৰ বতাহ চলি আছে| সেই সময়তে চোচিয়েল মীডিয়াত আজিকালি এটা ভিডীও ভাইৰেল হৈ পৰিছে| তাত সুৰক্ষাকৰ্মীয়ে মানুহক বেয়া ধৰণে পিটি থকা দেখা গৈছে| ভিডিওটোৰ সৈতে দাবী কৰা হৈছে যে সেইটো অসমৰ ঘটনা , আৰু পুলিচে জোৰ জৰবদস্তী মানুহৰ ঘৰ উচ্ছেদ কৰিছে| আমি অনুসন্ধান কৰি পালোঁ যে এই ভিডিও প্ৰকৃততে বাংলাদেশৰ আৰু 2013 চনৰ| ভিডিওৰ NRC বা অসমৰ লগত একো লেনা দেনা নাই| কি ভাইৰেল হৈ আছে ? চোচিয়েল মিডিয়াত এই ভিডিওত সুৰক্ষাকৰ্মীয়ে মানুহক বেয়া ধৰণে পিটি আছে| ভিডিওটোৰ লগত বৰ্ণনা কৰি লিখা হৈছে “অসমত NRC লাগু হৈছে| মানুহবোৰক ঘৰৰ উচ্ছেদ কৰি থকা হৈছে, সংবাদদাতাই এইবোৰ আপোনালোকক নেদেখুৱায়, কাৰণ তেওঁলোকো বিক্ৰী হৈছে, এতিয়া আপোনাৰ আৰু আমাৰ দায়িত্ব হৈছে যিমান পাৰে সিমান এই ভিডিওটো ছেয়াৰ কৰাটো|” এই পোষ্টটোৰ আক*/ বৰ্জন এনেও দেখা পাব পাৰে| অনুসন্ধান এই পোষ্টটোৰ অনুসন্ধান কৰিবলৈ আমি পোন প্ৰথমতে ভিডিওটো ঠিককৈ চালোঁ| ভিডিওটো ২ মিনিট ২৭ চেকেণ্ডৰ| ভিডিওত ১ মিনিট ২৭ চেকেণ্ডত সুৰক্ষীকৰ্মীসকলৰ বৰ্ডীত (ইউনিফৰ্মত) RAB লিখা দেখা পাোৱা হয়| আমি ইন্টাৰনেটত বিচাৰি পালো যে RAB ৰ ফুলফৰ্ম হৈছে ৰেপিড এক্চন বেটেলিয়ন আৰু বাংলাদেশ পুলিচৰ এক অপৰাধ আৰু আতংকবাদ বিৰোধী ইউনিট| ভাইৰেল ভিডিওত ২ মিনিট ১৭ চেকেণ্ডত এগৰাকী পত্রকাৰক দেখা পাব, তেওঁৰ জেকেটত বাংলা আৰু ইংৰাজীত ETV বুলি লিখা আছে| ইয়াৰ পাচত আমি এই ভিডিও টোক Invid ট্ৰলত দি আৰু এই ভিডিওটোৰ কীফ্ৰেম উলিয়ালোঁ| তাৰ পিচত এই কীফ্ৰেমক গুগুল ৰিভাৰ্চ ইমেজত Bangladesh Violance+ ETV কীৱৰ্ডত চাৰ্চ কৰিলোঁ| বিচৰাত ৭ মে ২০১৩ চনত ইউটিউবট আপলোড হোৱা এটা ভিডিও আমাৰ হাতত পৰিল, য’ত টাইটেলত লিখা আছিল, ETV On Joint Security Force’s Attack On Hafazat Rally -( 06. 05. 13)”., ভিডিওটোৰ মতে 2013 চনত বাংলাদেশৰ ঢাকাৰ ঘটনা| আমি এই ভিডিওক ভাইৰেল ভিডিওটোৰ লগত মিলাওঁতে একে ফ্ৰেমত পূৰা মিলি গ’ল| আমি এই বিষয়ত ETV বাংলাদেশৰ এডিটৰ মোহম্মদ ইকবাল খানৰ সৈতে কথা পাতিলোঁ, তেখেতে ক’লে,” এই ঘটনাটো বাংলাদেশৰ ঢাকাৰেই হয়| ঘটনাটো 2013 চনৰ| ভিডিওটোত দেখা পোৱা ৰিপোৰ্টাৰো ETV ৰেই হয়| বিচাৰোঁতে আমি বাংলাদেশৰ এই ঘটনাৰ আৰু ভিডিও https// rapsodos.ru ত পালোঁ|আমি এই ভিডিওটোও ভাইৰেল ভিডিওটোৰ লগত মিলাই চাওঁতে একে ফ্ৰেমত মিলি গ’ল| আমি এই পূৰা ভডিও dailymotion.com/ তো পালো|ইয়াৰ বৰ্ণনা ত ‘ Genocide in Dhaka ,Bangladesh on 6 May 2013 ‘ ভাইৰেল পোষ্টটোত দাবী কৰা হৈছিল যে ঘটনাটো অসমৰ, সেই কাৰণে আমি অসম ডি জী ভাস্কৰ জ্যোতি মহন্তৰ পিআৰও পী চি সীনৰ সৈতে কথা পাচিলোঁ| তেওঁ ক’লে, ” এই ভিডিওটো অসমৰ নহয়|” এই ভিডিওটো চোচিয়েল মিডিয়াত বহু লোকে ছেয়াৰ কৰি আছে| তাৰ ভিতৰতে এগৰাকী খান এলীনা (Khan Aleena) নামৰ ফেচবুক প্ৰোফাইল আছে| তেওঁৰ লিখা এন্ট্ৰীৰ মতে তেওঁ হাইদ্ৰাবাদৰ| নিষ্কৰ্ষঃ আমি আমাৰ অনুসন্ধানত পাইছোঁ যে ভিডিওটো প্ৰকৃততে বাংলাদেশৰ 2013 চনৰ|ভিডিওটোৰ NRC অথবা অসমৰ লগত কোনো লেনা দেনা নাই| - Claim Review : অলমত NRC লাগু হৈছে| মানুহবোৰক ঘৰৰ উচ্ছেদ কৰি থকা হৈছে, সংবাদদাতাই এইবোৰ আপোনালোকক নেদেখুৱায়, কাৰণ তেওঁলোকো বিক্ৰী হৈছে, এতিয়া আপোনাৰ আৰু আমাৰ দায়িত্ব হৈছে যিমান পাৰে সিমান এই ভিডিওটো ছেয়াৰ কৰাটো| - Claimed By : FB User- Khan Aleena - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software