| schema:text
| - Fact Check: কানপুৰত যুৱকক পিটন দিয়া মুছলমান মহিলাৰ ঘটনাত কোনো সাম্প্ৰদায়িক দিশ নাই
বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে, জোকাই থকাৰ অভিযোগত যুৱকৰ পিটন খাই থকাৰ যিটো ঘটনা ভাইৰেল হৈ আছে, সেয়া কেই দিনমান আগতে কানপুৰত সংঘটিত হৈছিল। ইয়াত কোনো সাম্প্ৰদায়িক দিশ নাই। মহিলা আৰু যুৱক, দুয়ো জনেই মুছলমান হয়। আনহাতে, আৰক্ষীৰ মতে, যুৱক জনৰ মানসিক অৱস্থা স্বাভাৱিক নহয়। তেওঁৰ চিকিত্সা চলি আছে।
By: Umam Noor
-
Published: Feb 28, 2025 at 05:25 PM
-
Updated: Feb 28, 2025 at 05:49 PM
-
নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত এখন বজাৰৰ ভিডিঅ’ ভাইৰেল হৈ আছে। এই ভাইৰেল ভিডিঅ’-ত দেখা পোৱা গৈ আছে যে, বোৰখা পিন্ধি থকা এগৰাকী মহিলাই এজনক পিটন দি আছে আৰু বাৰে-বাৰে থপৰিয়াই আছে। কিয়নো সেই মানুহ জন জোকাইছিল। এতিয়া এই ভিডিঅ’টোক সাম্প্ৰদায়িক দাবীৰ সৈতে বেলেগ-বেলেগ প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈ আছে। ইউজাৰসকলে দাবী কৰি আছে যে, মুছলমান মহিলাক জোকাই ধৰা পৰা যুৱক জন হিন্দু হয়।
বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে, জোকাই থকাৰ অভিযোগত যুৱকৰ পিটন খাই থকাৰ যিটো ঘটনা ভাইৰেল হৈ আছে, সেয়া কেই দিনমান আগতে কানপুৰত সংঘটিত হৈছিল। ইয়াত কোনো সাম্প্ৰদায়িক দিশ নাই। মহিলা আৰু যুৱক, দুয়ো জনেই মুছলমান হয়। আনহাতে, আৰক্ষীৰ মতে, যুৱক জনৰ মানসিক অৱস্থা স্বাভাৱিক নহয়। তেওঁৰ চিকিত্সা চলি আছে।
ভাইৰেল প’ষ্টত কি আছে?
ফেচবুক ইউজাৰে ভাইৰেল প’ষ্ট শ্বেয়াৰ কৰি লিখিছে, “বোৰখা চকুত পৰাৰ লগে-লগে অন্ধ ভক্তৰ মনত আশাৰামৰ DNA সাৰ পাই উঠিছে। অৱশ্যে ভনীও সজাগ আছিল কাৰণে ভাল দৰে সেই আচৰণৰ সঠিক পুৰস্কাৰ দিছে!”
প’ষ্ট-ৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাব পাৰে।
অনুসন্ধান
আমি নিজৰ অনুসন্ধান আৰম্ভ কৰি সদৌ প্ৰথমতে ভিডিঅ’টোৰ কী-ফ্ৰেম উলিয়াইছিলোঁ। সেইবোৰক গুগল লেঞ্চৰ জৰিয়তে ছাৰ্চ কৰি থাকোঁতে আমি সেই ঘটনা সম্বন্ধীয় বাতৰি দেখা পালোঁ এবিপি নিউজ-ৰ ৱেবছাইটত। 26 ফেব্ৰুৱাৰী 2025-ৰ সেই বাতৰি-ত কোৱা হৈছে যে, এই ঘটনাটো কানপুৰৰ বেকনগঞ্জৰ হয়। তাত এগৰাকী মহিলাৰ জোকাই থকা যুৱকক সকলৰ সন্মুখতে পিটন দিয়া হৈছে।
সেই বাতৰি-তে আৰক্ষীৰ ফালৰ কথা এই বুলি উল্লেখ কৰা হৈছে যে, আৰক্ষীয়ে সেই যুৱক জনক গ্ৰেপ্তাৰ কৰিছে। সহায়ক আৰক্ষী আয়ুক্ত অভিষেক কুমাৰে কৈছে যে, গ্ৰেপ্তাৰ হোৱা যুৱকৰ নাম আদনান হয় আৰু তাৰ ঘৰৰ ঠিকনা উলিয়াই এই তথ্য পোহৰলৈ আহিছে যে আদনান নামৰ যুৱক জন মানসিক ৰোগী হয়। যিগৰাকী মহিলাক জোকোৱা হৈছিল তেওঁ লিখিত ভাৱে অভিযোগ দাখিল কৰিলে বিধি সন্মত প্ৰক্ৰিয়া অনুসৰণ কৰা হ’ব।
এই তথ্যৰ ভিত্তিত আমি নিজৰ অনুসন্ধান আগবঢ়ালোঁ আৰু অমৰ উজালা-ৰ ৱলেবছাইটতো ভাইৰেল ভিডিঅ’ৰ লগত যুক্ত বাতৰি দেখা পাইছোঁ। 26 ফেব্ৰুৱাৰী 2025-ৰ বাতৰি অনুসৰি, “কানপুৰৰ বেকনগঞ্জ অঞ্চলত বুধবাৰে এগৰাকী মহিলাক এজন যুৱকে জোকাইছিল কাৰণে সেই যুৱক জনক মহিলা গৰাকীয়ে বজাৰৰ মাজতে বৰকৈ পিটন দিছে। যুৱক জনে অনবৰত নিজক বচোৱাৰ চেষ্টা কৰি আছিল। কিন্তু মহিলাই পিটন দিয়া বন্ধ কৰা নাছিল। মহিলা গৰাকীয়ে যুৱক জনৰ কলাৰ ধৰিছিলে, তাৰ পাছত 50 ছেকেণ্ডত 14 বাৰ থপৰিয়াইছে।”
ছাৰ্চ কৰি থাকোঁতে আমি এজন এক্স ইউজাৰৰ প’ষ্ট দেখা পাইছিলোঁ। তাত এই ভিডিঅ’টোক শ্বেয়াৰ কৰা হৈছে। সেই প’ষ্ট-ত কানপুৰ নগৰ আৰক্ষী কমিছনাৰেটে ৰিপ্লাই দি লিখিছে, “এই ঘটনাটো 25.02.2025 তাৰিখৰ হয়। স্থানীয় আৰক্ষীয়ে এয়া অৱগত কৰিছে। ভিডিঅ’ত যিজন ব্যক্তিক দেখা পোৱা গৈ আছে তাৰ নাম অদনান হয়, পিতৃ আব্দুল মাবুদ, নিবাসী বজৰীয়া থানা বুলি গম পোৱা গৈছে। যিগৰাকী মহিলাক জোকোৱা হৈছিল, তেওঁৰপৰা লিখিত ৰিপ’ৰ্ট লোৱাৰ পাছত অনুসন্ধান চলোৱা হ’ব আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”
ভাইৰেল ভিডিঅ’ৰ লগত যুক্ত ঘটনা সম্বন্ধে নিশ্চিত হোৱাৰ কাৰণে আমি দৈনিক জাগৰণ, কানপুৰৰ আউটপুট হেড দিবাকৰ মিশ্ৰাৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক জনাইছে যে, ভাইৰেল ভিডিঅ’ত হিন্দু-মুছলমানৰ কোনো দিশ নাই। ভাইৰেল হৈ থকা দাবী ভুল হয়।
ইয়াৰ পাছত আমি ভুৱা প’ষ্ট শ্বেয়াৰ কৰা ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰিছিলোঁ। তেতিয়া গম পালোঁ যে, এই ইউজাৰ জনক পাঁচ হেজাৰ মানুহে ফল’ কৰি থাকে। আনহাতে, ইউজাৰে দিয়া তথ্য অনুসৰি, তেওঁ বৰেলীৰ নিবাসী হয়।
সিদ্ধান্ত: বিশ্বাস নিউজে অনুসন্ধান চলোৱাৰ পাছত গম পাইছে যে, জোকাই থকাৰ অভিযোগত যুৱকৰ পিটন খাই থকাৰ যি ঘটনা ভাইৰেল হৈ আছে সেয়া কানপুৰত কেইদিন মান আগতে সংঘটিত হৈছিল। এই ঘটনাত সাম্প্ৰদায়িক কোনো দিশ নাই। মহিলা আৰু যুৱক, দুয়োজনে মুছলমান হয়। আনহাতে, আৰক্ষীৰ মতে, যুৱক জনৰ মানসিক অৱস্থা স্বাভাৱিক নহয়। তাৰ চিকিত্সা চলি আছে।
Claim Review : মুছলমান মহিলাক জোকোৱাৰ বাবে গ্ৰেপ্তাৰ হোৱা যুৱক জন হিন্দু হয়।
-
Claimed By : FB User- Mustaqim Razakhan
-
Fact Check : False
-
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
|