About: http://data.cimple.eu/claim-review/14202fdca4c3d8a927a4e3a46ed833e56cd2c12ba1737a5587ca9724     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check Contact Us: checkthis@newschecker.in Fact checks doneFOLLOW US Fact Check Claim আকৌ বিদ্যুৎ মাচুল বঢ়াবলৈ ওলাইছে অসম চৰকাৰৰ বিদ্যুৎ বিভাগে। প্ৰতি ইউনিটত ১.২৯ টকাকৈ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰি ৰাইজক ৰাম টাঙোন চৰকাৰৰ। Fact প্ৰতি ইউনিট বিদ্যুৎ মাচুল ০.৯৯ টকাকৈ বৃদ্ধি কেৱল ৫০০ ইউনিটতকৈ বেছি ব্যৱহাৰ কৰা উপভোক্তাৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ঔদ্যোগিক, বাণিজ্যিক গ্ৰাহকৰ ক্ষেত্ৰতো ১.২৯ টকাৰ পৰিৱৰ্তে ০.৫৯ টকাকৈহে বৃদ্ধি কৰা হৈছে। সৰ্বসাধাৰণ ৰাইজৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়। ভাইৰেল পোষ্ট আৰু বাতৰি বিভ্ৰান্তিকৰ। অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (Assam Power Distribution Company Ltd) এ ২৯ ছেপ্তেম্বৰ ২০২৩ তাৰিখে এক জাননীযোগে বিদ্যুৎ মাচুল বৃদ্ধিৰ কথা ঘোষণা কৰাৰ পিছতে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে। APDCL/CGM (COM&EE)/FPPPA/1098/Pt-FY24/08 নম্বৰৰ জাননী প্ৰকাশৰ পিছতেই ছ’চিয়েল মিডিয়াত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিষয়টোৱে ব্যাপকভাৱে চৰ্চা লাভ কৰিছে। জাননীৰ এটা তথ্য বিভ্ৰান্তিকৰ হিচাপে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি লিখা হৈছে – বিদ্যুৎ বিচাৰি আছিল নহয় , কেন্দ্ৰই বিদ্যুৎ দিলে বুলি মুখ্যমন্ত্ৰীয়ে সৌ সিদিনা কোৱাৰ পিছতেই আকৌ বিদ্যুৎ মাচুল বঢ়াবলৈ ওলাইছে। প্ৰতি ইউনিটত ১.২৯ টকাকৈ পুনৰ বিদ্যুৎ মাছুল বৃদ্ধি কৰি ৰাইজক ৰাম টাঙোন চৰকাৰৰ। কিয় দাম বঢ়াইছে ইয়াক লৈ যুক্তি দিবলৈ দিবলৈ সাজু আমাৰ বৰমূৰীয়াসকল! পোষ্টটো ইয়াত ক্লিক কৰি চাব পাৰিব। এই একেধৰণৰেই দাবী বিভিন্ন সংবাদ প্ৰতিষ্ঠানেও প্ৰকাশ কৰিছে। সেইবোৰ ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব। Newschecker এ পোনপ্ৰথমেই এই বাতৰি আৰু ভাইৰেল পোষ্টৰ সত্যতা জানিবৰ বাবে গুগল ছাৰ্ছ কৰো আৰু ইয়াতেই APDCL এ ২৯ তাৰিখে প্ৰকাশ কৰা এখন জাননী দেখিবলৈ পাও। এই জাননীখনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে, সকলো বিদ্যুৎ গ্ৰাহকৰ তথ্যৰ বাবেই অক্টোবৰ মাহৰ পৰা তলত উল্লেখ কৰা হাৰত ইন্ধন আৰু শক্তি ক্ৰয় মূল্য সালসলনি (এফপিপিপিএ) আৰোপ কৰা হ’ব। ২০২৩ (ছেপ্টেম্বৰ, ২০২৩ৰ ভিতৰত ব্যৱহাৰ কৰা শক্তিৰ বাবে) অন্য কোনো অৰ্ডাৰে সলনি নকৰালৈকে – |গ্ৰাহক শ্ৰেণী |এফপিপিপিএ হাৰ (টকা/ইউনিট) |ঘৰুৱা (জেডিকে ধৰি) |৩০০ ইউনিটলৈকে |০.৩০ |৩০১-৫০০ ইউনিট |০.৫০ |৫০০ৰো অধিক ইউনিট |১.২৯ |অন্যান্য (বাণিজ্যিক, উদ্যোগিক ইত্যাদি) |১.২৯ স্মাৰ্ট প্ৰি-পেইড গ্ৰাহকৰ বাবে ছেপ্টেম্বৰ, ২০২৩ৰ ভিতৰত ব্যৱহৃত শক্তিৰ বিপৰীতে প্ৰযোজ্য এফপিপিপিএ ০১.১০.২৩ৰ পৰা ৩১.১২.২৩ৰ সময়ছোৱাত ৯২টা সমান দৈনিক কিস্তিত লোৱা হ’ব। অন্যান্য গতানুগতিক প্ৰিপেইড গ্ৰাহকৰ বাবে এফপিপিপিএ সম্ভাৱ্য ভিত্তিত প্ৰযোজ্য কৰা হ’ব। নিৰ্দিষ্ট সময়ৰ ভিতৰত খৰচৰ ঋতুভিত্তিক তাৰতম্যৰ বাবে চুটি/অতিৰিক্ত আদায়ৰ সম্পৰ্কে যিকোনো সালসলনি পৰৱৰ্তী সময়ছোৱাত বা যোগ্য কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি সালসলনি কৰা হ’ব। এই জাননীত স্পষ্টভাৱে উল্লেখ আছে যে ৫০০ ইউনিটৰ অধিক আৰু বাণিজ্যিক তথা ঔদ্যোগিক ক্ষেত্ৰৰ বাবেহে প্ৰতি ইউনিটত ১.২৯ টকাকৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পিছতে আমি অসমৰ ভালেমান আগশাৰীৰ বাতৰি প্ৰতিষ্ঠানৰ বাতৰিটো এই বিষয়ে স্পষ্ট প্ৰতিবেদন দেখিবলৈ পাও। ইয়াত আৰু ইয়াত ক্লিক কৰি সেয়া চাব পাৰিব। ইয়াৰ পিছতে আমাৰ অনুসন্ধানত অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত প্ৰদান কৰা এটা বাতৰি লাভ কৰো। বাতৰিটোত মুখ্যমন্ত্ৰীয়ে কৈছে – “৩০০ ইউনিট ব্যৱহাৰ পৰ্যন্ত কোনোধৰণৰ বিদ্যুৎৰ মাচুল বৃদ্ধি হোৱা নাই। ৩০০ ৰ ওপৰৰ যিবোৰ ‘ছুপাৰৰীচ্চ’, ৩০০ ৰ পৰা ৫০০ ইউনিটত ০.২০ টকা, আৰু ৫০০ ইউনিটৰ ওপৰৰ যিবোৰ মেইনলি চৰকাৰী কাৰ্যালয়, তাৰ কাৰণে আমি অলপ বৃদ্ধি কৰিছো। কিন্তু ৩০০ ইউনিটলৈকে, যিবোৰ সৰ্বসাধাৰণ ৰাইজে ব্যৱহাৰ কৰে তাত এপইচাও বৃদ্ধি হোৱা নাই।” (মুখ্যমন্ত্ৰীৰ ভাষ্য হুবহু তুলি ধৰা হৈছে) এই বাতৰি ইয়াত ক্লিক কৰি চাব পাৰিব। এই একেই বাতৰি আমি 01/10/2023 ৰ সংখ্যাৰ অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ হোৱা দেখিবলৈ পাও। ইয়াতো লিখা হৈছে যে ৫০০ ইউনিটতকৈ অধিক ব্যৱহাৰ কৰা উপভোক্তাসকলেহে প্ৰতি ইউনিটত অতিৰিক্তকৈ ১.২৯ টকাকৈ ভৰিব লাগিব। ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি মাচুল বৃদ্ধিৰ প্ৰতিবাদত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। বিভিন্ন ঠাইত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰাও পৰিলক্ষিত হৈছে। ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি সেয়া চাব পাৰিব। আমি এই সন্দৰ্ভত আৰু অধিক অনুসন্ধান কৰোতে আমি 03/10/2023 ৰ সংখ্যাৰ ‘অসমীয়া প্ৰতিদিন’ কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ হোৱা দেখিবলৈ পাও। ইয়াত উল্লেখ কৰা মতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ পিচত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্তত সালসলনি কৰা হৈছে। নতুনকৈ প্ৰকাশ কৰা এ পি ডি চি এলৰ জাননী অনুসৰি ৩০১-৫০০ ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকে প্রতি ইউনিটত অতিৰিক্তভাৱে দিব লাগিব ২০ পইচাকৈ। ইয়াৰ উপৰি ৫০০ ইউনিটৰ অধিক ব্যৱহাৰ কৰিলে প্ৰতি ইউনিটত বৃদ্ধি পাব ৯৯ পইচাকৈ। আনফালে ঔদ্যোগিক, বাণিজ্যিক গ্ৰাহকৰ ক্ষেত্ৰতো ১.২৯ টকাৰ পৰিৱৰ্তে ০.৫৯ টকাকৈহে বৃদ্ধি কৰা হৈছে। এই সন্দৰ্ভত অসমৰ আগশাৰীৰ news channel – NB News ৰ Editor-In-Chief অতনু ভূঞাই এই কথা এক টুইটযোগে উল্লেখ কৰিছে। সেয়া ইয়াত ক্লিক কৰি চাব পাৰিব। অসমৰ বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ১.২৯ টকাকৈ বৃদ্ধি হোৱা বুলি কৰা পোষ্ট বিভ্ৰান্তিকৰ। বিদ্যুৎ বিভাগৰ প্ৰথম জাননী অনুসৰি কেৱল ৫০০ ইউনিটৰ অধিক ব্যৱহাৰকাৰী আৰু ঔদ্যোগিক ব্যৱহাৰকাৰীৰ বাবেহে ১.২৯ টকা প্ৰযোজ্য আছিল। এয়া সৰ্বসাধাৰণ ৰাইজৰ বাবে বা ৩০০ ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰকাৰীৰ বাবে প্ৰযোজ্য নহয়। আনহাতে শেহতীয়াকৈ প্ৰকাশ পোৱা জাননী অনুসৰি কোনো ব্যৱহাৰকাৰীয়েই প্ৰতি ইউনিটত ১.২৯ টকাকৈ অতিৰিক্ত মাচুল পৰিশোধ কৰিব নালাগে। ৩০০ ইউনিটলৈ কোনো মাচুল বৃদ্ধি নাই হোৱা। আনহাতে ৫০০ ইউনিটৰ অধিক ব্যৱহাৰকাৰীৰ বাবে প্ৰতি ইউনিটত ০.৯৯ টকাহে বৃদ্ধি পাব। Our Sources: 1. Report published by Asomiya Pratidin, Dated 29th Sep, 23 & 01st Oct, 23 2. X Post by Atanu Bhuyan, Dated 02nd Oct, 23 3. X Post by Pankaj Bhattacharjee, Dated 30th Sep, 23 4. Notifications by APDCL, Dated 29th Sep & 01 Oct, 2023 যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • Hindi
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 6 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software