About: http://data.cimple.eu/claim-review/289a453c0c257ef75a863b03e2b2115fd10dc17cd174e35a281ec730     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: যিগৰাকী মহিলাক উচটনি দিয়া ভাষণ দি থাকিবলৈ দেখা পোৱা গৈছে তেওঁ আইপিএছ বিষয়া নহয়, ভাইৰেল দাবী ভুৱা হয় বিশ্বাস নিউজে অনুসন্ধান কৰি গম পাইছে যে ভাইৰেল ভিডিঅ’ত যিগৰাকী মহিলাক দেখা পোৱা গৈ আছে, তেওঁ আইপিএছ বিষয়া নহয়। তেওঁৰ নাম কাজল ছিংলা হয়। কিন্তু তেওঁ আইপিএছ বিষয়া বুলি যি দাবী কৰা হৈছে সেয়া ভুৱা হয়। - By: Umam Noor - Published: May 22, 2024 at 06:39 PM নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত আকৌ এবাৰ এগৰাকী মহিলাৰ ভিডিঅ’ ভাইৰেল হৈ আছে। ভিডিঅ’ত শুনিবলৈ পোৱা গৈ আছে যে, মহিলা গৰাকী লাভ জেহাদৰ নাম লৈ উচটনি দিয়া কথা কৈ আছে। এই ভিডিঅ’ শ্বেয়াৰ কৰি ইউজাৰে কৈছে যে, এই মহিলা গৰাকী গুজৰাটৰ আইপিএছ বিষয়া কাজল ছিংলা হয়। বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে, ভাইৰেল ভিডিঅ’ত যিগৰাকী মহিলাক দেখা পোৱা গৈ আছে তেওঁ আইপিএছ বিষয়া নহয়। তেওঁৰ নাম কাজল ছিংলা হয়, কিন্তু তেওঁ আইপিএছ বিষয়া বুলি যি দাবী কৰা হৈছে সেয়া ভুৱা হয়। ভাইৰেল পোষ্টত কি আছে? ফেচবুক ইউজাৰে ভাইৰেল পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “এওঁ গুজৰাটৰ আইপিএছ মহিলা বিষয়া কাজল ছিংলা হয় আৰু তেওঁ লাভ জেহাদৰ প্ৰকৃত অৰ্থ ব্যাখ্যা কৰি ছোৱালীসকলক সতৰ্ক কৰি আছে। হিন্দু ধৰ্মৰ মানুহক সতৰ্ক কৰিবলৈ বিচাৰি আছোঁ। নিজৰ পৰিয়ালৰ ছোৱালীসকলৰ ওচৰত ততালিকে এই ভিডিঅ পঠিয়াই দিয়ক। তেওঁ যি কোনো চহৰতে পঢ়াশুনা কৰি থাকক বা চাকৰিয়ে কৰি নাথাকক কিয়।” পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক। অনুসন্ধান আমাৰ অনুসন্ধান আৰম্ভ কৰি সদৌ প্ৰথমতে আমি গুগল-ত কাজল ছিংলাৰ নাম ছাৰ্চ কৰিলোঁ। এই নামত আমি এখন ভেৰিফাইড ফেচবুক পেজৰ সন্ধান পাইছোঁ। সেই পেজত এই গৰাকী মহিলাৰে পোষ্ট দেখা পোৱা গৈ আছে। এই প্ৰ’ফাইল স্কেন কৰি গম পালোঁ যে, উক্ত ভাইৰেল ভিডিঅ’খন 21 জুন 2021-ত আপল’ড কৰা হৈছিল। সেই পেজতে থকা কাজল ছিংলাৰ ফেচবুক বায়’-ৰপৰা গম পোৱা গ’ল যে, তেওঁ এগৰাকী ব্যৱসায়ী আৰু সমাজকৰ্মী হয়। কাজল ছিংলাৰ ফেচবুক একাউণ্টত হে আমি তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডলৰো লিংক পাইছোঁ। উক্ত ভাইৰেল ভিডিঅ’খন তেওঁ 24 জুন 2021-ত আপল’ড কৰিছিলে। কাজল ছিংলাই এক্স হেণ্ডল’ত দিয়া বায়’তো উল্লেখ কৰিছে যে, তেওঁ এগৰাকী ব্যৱসায়ী আৰু সমাজকৰ্মী হয়। আমি নিজৰ অনুসন্ধানৰ পৰৱৰ্তী পৰ্যায়ত কাজল ছিংলা আৰু ভাইৰেল দাবী সম্বন্ধীয় নিউজ ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰোঁতে আমি এখন আৰ্টিকল পাইছোঁ, যিটো 6 এপ্ৰিল 2023-ত জনসত্তা-ৰ ৱেবছাইটত প্ৰকাশ পাইছিল। তাত এই তথ্য উল্লেখ কৰা আছে, ”গুজৰাটৰ গিৰ সোমনাথৰ উনা চহৰত এখন জন সমাৱেশ হৈছিল। তাত কাজল ছিংলা ওৰফে কাজল হিন্দুস্থানী ভাষণ দিছিলে। তেওঁৰ ভাষণৰ পাছত হে সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল বুলি অভিযোগ। এই সন্দৰ্ভত আৰক্ষীয়ে কাজলৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছিল। কাজল আচলতে ৰাজস্থানৰ নিবাসী হয় আৰু বিয়াৰ আগতে তেওঁৰ নাম আছিল কাজল ত্ৰিবেদী। জামনগৰৰ ব্যৱসায়ী জ্বলন্ত ছিংলাৰ সৈতে তেওঁ বিবাহ হৈছিল।” অৱশ্যে, এই বাতৰিত আমি ক’তো এনেকুৱা কোনো তথ্য পোৱা নাই যে, তেওঁ আইপিএছ বিষয়া হয়। উক্ত ভিডিঅ’ আগতেও ভাইৰেল হৈছে আৰু সেই সময়ত আমি গুজৰাটত দৈনিক জাগৰণৰ তদানীন্তন ব্যুৰ’ হেড শত্ৰুঘ্নৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ কৈছিলে, “ভাইৰেল ভিডিঅ’ কাজল ছিংলাৰে হয়। তেওঁ বৰ্তমান জামিনত মুক্তি লাভ কৰি বাহিৰতে আছে। তেওঁ আইপিএছ বিষয়া নহয়। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দাবী ভুল হয়।“ যিজন ফেচবুক ইউজাৰে উক্ত ভুৱা পোষ্ট শ্বেয়াৰ কৰিছে তেওঁৰ ছ’চিয়েল স্কেনিং কৰাৰ পাছত গম পাইছোঁ যে, তেওঁ মণিপুৰৰ নিবাসী হয়। নিষ্কৰ্ষঃ বিশ্বাস নিউজে অনুসন্ধান কৰি গম পাইছে যে ভাইৰেল ভিডিঅ’ত যিগৰাকী মহিলাক দেখা পোৱা গৈ আছে, তেওঁ আইপিএছ বিষয়া নহয়। তেওঁৰ নাম কাজল ছিংলা হয়। কিন্তু তেওঁ আইপিএছ বিষয়া বুলি যি দাবী কৰা হৈছে সেয়া ভুৱা হয়। - Claim Review : এই মহিলা গৰাকী গুজৰাটৰ আইপিএছ বিষয়া কাজল ছিংলা হয়। - Claimed By : FB User- Laxmi Kant Chauhan - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.123 as of May 22 2025


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data]
OpenLink Virtuoso version 07.20.3241 as of May 22 2025, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 8 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2026 OpenLink Software