About: http://data.cimple.eu/claim-review/2d951b0d8e6a700ebc86a808f8346e1fffdb4a29eaa9ed04a5c26fd5     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: কোভিড-19 আৰু বন্ধ্যাত্ব সম্বন্ধীয় ষড়যন্ত্ৰ তত্ত্ব পুনৰ ভাইৰেল হৈ আছে; 2009-ৰ ভিডিঅ’ত থকা তথ্য মিছা হয় - By: Devika Mehta - Published: Apr 12, 2023 at 09:25 AM নতুন দিল্লী (বিশ্বাস নিউজ): ভাৰতত কোভিড-ৰ ঘটনা বৃদ্ধি পোৱাৰ লগে-লগে ছ’চিয়েল মিডিয়াত পুনৰ ষড়যন্ত্ৰ তত্ত্ব আৰু উৰাবাতৰি তীব্ৰ গতিত বিয়পিবলৈ আৰম্ভ কৰিছে। ভাইৰেল হোৱা নতুন এটা পোষ্টত এই দাবী কৰা হৈছে যে 2009 চনত ডা০ ৰিমা লাইবাঅ’ নামৰ এগৰাকী মহিলাই, তেওঁ ‘প্ৰাকৃতিক চিকিৎসা সমৰ্থক’ বুলি চিনাক্ত কৰা হৈছে, সাক্ষাৎকাৰ এটাত কৈছে যে বিশ্ব স্বাস্থ্য সংস্থা (WHO) “চিৰস্থায়ী বন্ধ্যাত্ব সৃষ্টি কৰাৰ উদ্দেশ্যত 1974 চনৰপৰা ভেকচিনক লৈ কাম” কৰি আছে। বিশ্বাস নিউজে বিতং ভাৱে তদন্ত কৰাৰ গম পাইছে যে এই দাবীৰ সপক্ষে কোনো সাক্ষ্য-প্ৰমাণ নাই। ভাইৰেল পোষ্টত কোৱা হৈছে যে এই সাক্ষাৎকাৰৰ অংশটো ‘Conspiracy Theory with Jesse Ventura’ নামৰ এখন অনুষ্ঠানৰপৰা লোৱা হৈছে। সেই অনুষ্ঠানৰ সঞ্চালকে মানুহক বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ তত্ত্বৰ কথা কৈছিলে। ভাইৰেল হোৱা ভিডিঅ’ৰ ক্লিপটো এনেকুৱা এখন অনুষ্ঠানৰপৰা লোৱা হৈছে যিটো অনুষ্ঠানৰ জৰিয়তে 2008-09 চনত ছ’ৱাইন ফ্লু সম্বন্ধে ভুৱা তত্ত্ব প্ৰচাৰ কৰা হৈছিল। দাবী: ফেচবুক ইউজাৰ Lukasz Igla এখন পোষ্ট (আৰ্কাইভ লিংক) শ্বেয়াৰ কৰিছে, য’ত এই দাবী কৰা হৈছে, “2009 চনত TruTV ৰিয়েলিটি শ্ব’ Conspiracy Theory with Jesse Ventura-ত উপস্থিত হৈছিলে আগশাৰীৰ চিকিৎসক ডা০ ৰিমা লাইবাঅ’, তেওঁ বিভিন্ন ৰাষ্ট্ৰৰ মুৰব্বীৰ চিকিৎসা কৰিছে। তেওঁ সেই অনুষ্ঠানত আলোচনা প্ৰসংগত কৈছিলে, তেওঁ এটা কথা গম পাইছে যে ৰাষ্ট্ৰসংঘই কেনেকৈ ভাইৰাছ ইত্যাদি এৰি দি পৃথিৱীত জনসংখ্যা হ্ৰাস কৰাৰ পৰিকল্পনা কৰি আছে।” অন্যান্য ইউজাৰেও অনুৰূপ দাবী ফেচবু, টুইটাৰ আৰু ইনষ্টাগ্ৰাম-ত শ্বেয়াৰ কৰি আছে। তদন্ত: ছয় মিনিটৰ এই ভিডিঅ’ত Jesse Ventura-ক দেখা পোৱা গৈ আছে। তেওঁ প্ৰাক্তন পেছাদাৰ মল্লযুঁজাৰু হয় আৰু তেওঁ মিনেছটা ষ্টেটৰ গভৰ্ণৰ পদৰ দায়িত্ব পালন কৰিছিলে। তেওঁ 2009 চনত truTV শ্ব’ ‘Conspiracy Theory with Jesse Ventura’-ৰ এটা খণ্ডত সাক্ষাৎকাৰ এটাৰ আয়োজন কৰিছিলে। ‘Secret Societies‘ নামৰ পঞ্চম খণ্ডত তেওঁ Annual Bilderberg Meetings -ক লৈ তদন্ত কৰিছিলে। যি এই পৃথিৱীখনক চলাই আছে বুলি ষড়যন্ত্ৰ তত্ত্বৰ প্ৰচাৰকসকলে বিশ্বাস কৰে। বাতৰি প্ৰতিবেদন-ত প্ৰকাশ, ষড়যন্ত্ৰ তত্ত্বৰ প্ৰচাৰকসকলে প্ৰায়ে ইউৰোপ আৰু উত্তৰ আমেৰিকাত আয়োজিত সেইবোৰ জনসভাক আক্ৰমণ কৰি আহিছে যিবোৰত ৰাজনৈতিক নেতা, চৰকাৰী বিষয়া আৰু লগতে উদ্যোগ, বিত্ত, সংবাদ মাধ্যম ও বিদ্যায়তনিক ক্ষেত্ৰৰ বিশেষজ্ঞসকলে যোগ দিয়ে। প্ৰথমতে, তেওঁ ষড়যন্ত্ৰ তত্ত্বৰ প্ৰখ্যাত প্ৰচাৰক Alex Jones-ৰ সৈতে কথা পাতিছিলে, যিজনে ৰাইজক মহামাৰীৰ বিষয়ে সকীয়নি দিছিলে। তাৰ পাছত, সেই সাক্ষাৎকাৰত ডা০ ৰিমা লাইবাঅ’ কৈছে যে তেওঁ আমেৰিকা এৰি গুচি আহিছে কিয়নো তেওঁ তাত সুৰক্ষিত অনুভৱ কৰা নাছিলে। ইয়াৰ পাছত তেওঁ এটাৰ পাছত এটা অভিযোগ উত্থাপন কৰিছিলে। যেনে WHO ভাবিছিল যে পৃথিৱীত “90 শতাংশ মানুহ অত্যধিক হৈ আছে”, সেই কাৰণে 1974 চনৰপৰা এনেকুৱা ভেকচিনক লৈ কাম আৰম্ভ কৰিছে যাৰ দ্বাৰা “চিৰস্থায়ী ভাৱে বন্ধ্যাত্ব সৃষ্টি কৰিব পৰা যায়”। তেওঁ এই অভিযোগো উত্থাপন কৰিছে যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চৰকাৰে নাকত দিয়া মিষ্ট ভেকচিনৰ জৰিয়তে এজন ব্যক্তিৰপৰা আন ব্যক্তিলৈ ছ’ৱাইন ফ্লু সোঁচৰাই দি মহামাৰীৰ সৃষ্টি কৰি আছে; আৰু ইয়াৰ পাছত এই চৰকাৰে এই মন্তব্য দিব যে তেওঁলোকৰ ওচৰত পৰ্যাপ্ত মাত্ৰত ভেকচিন নাই কাৰণে তেওঁলোকে বৰ্তমানে থকা ভেকচিনসমূহৰ সৈতে স্কোৱালিন যোগ কৰিব। ডা০ ৰিমা লাইবাঅ’ দাবী, এই স্কোৱালিনে বন্ধ্যাত্ব সৃষ্টি কৰিব, এইটো হ’লে সন্তান জন্ম দিয়াৰ সামৰ্থ্য নাইকিয়া হৈ যাব। তেওঁৰ দাবী, “ইয়াৰ অৰ্থ হলোকাষ্ট, গণহত্যাৰ হলোকাষ্ট।” বিতৰ্কৰ জগতত ডা০ ৰিমা লাইবাঅ’ কোনো নতুন নাম নহয়। উল্লেখ্য, USA Today-ত 2023-ৰ মাৰ্চত এটা বাতৰি প্ৰকাশিত হৈছিল যে, ডা০ লাইবাঅ’ এটা দৰৱৰ সপক্ষে কথা কৈছিলে সেই দৰৱটোক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিলে কিয়নো সেই দৰৱৰ লেবেলত “স্বাস্থ্য সম্বন্ধীয় প্ৰমাণহীন এই দাবী উল্লেখ কৰা হৈছিল যে এই দৰৱে কোভিড-19 প্ৰতিৰোধ কৰিব, এই দৰৱ কোভিডৰ চিকিৎসাত কামত আহিব আৰু এই ৰোগৰ নিৰাময়ো কৰিব।” এই একে দাবী দৰৱটোৰ বিতৰকসকলেও কৰিছিলে। জাষ্টিচ ডিপাৰ্টমেণ্ট-ৰ চিভিল ডিভিছনৰ ভাৰপ্ৰাপ্ত এছিষ্টেণ্ট এটৰ্ণী জেনাৰেল ব্ৰায়ান এম বইনটন কৈছে, “কোভিড-19 চিকিৎসাৰ নামত প্ৰমাণহীন পণ্যৰ বিপণন কৰিলে সেয়া জনস্বাস্থ্যক বিপজ্জনক কৰি পেলায় আৰু আইন লংঘনো কৰে।” ভাইৰেল পোষ্টৰ অসত্যতা প্ৰমাণ কৰিবলৈ বিশ্বাস নিউজে এই দাবীক তিনিটা ভাগত ভাগ কৰিছে: পোষ্ট হোৱা এই ভিডিঅ’ 2009 চনৰ হয় মেয়’ ক্লিনিকৰ ৰিছাৰ্চ পেজৰ মতে, H1N1 বা ছ’ৱাইন ফ্লু-ক WHO মহামাৰী বুলি ঘোষণা কৰিছিলে 2009 চনত (সেই বছৰতে এতিয়া ভাইৰেল হোৱা ভিডিঅ’ মুকলি কৰা হৈছিল)। সেই ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বত প্ৰায় 2.8 লাখ মানুহৰ মৃত্যু হৈছিল। 2010-ৰ আগষ্টত, WHO ঘোষণা কৰিছিল যে সেই মহামাৰী শেষ হৈ গৈছে। কিন্তু H1N1 এনেকুৱা এটা ষ্ট্ৰেইন হৈ ৰৈ গৈছে যাৰ ফলত বতৰীয়া চৰ্দি-কাঁহ-জ্বৰ বা ফ্লু হৈ থাকে। ইয়াৰ কোনো মেডিকেল প্ৰমাণ নাই যে ছ’ৱাইন ফ্লু ভেকচিনৰ ফলত চিৰস্থায়ী বন্ধ্যাত্বৰ সৃষ্টি হৈছে। WHO 1970 চনৰপৰা “সম্পূৰ্ণ বন্ধ্যাত্ব সৃষ্টি কৰিবলৈ” ভেকচিন তৈয়াৰ কৰি আছে বুলি কৰা দাবী এনেকুৱা কোনো প্ৰমাণ নাই যে যাৰপৰা গম পোৱা যায়, সম্পূৰ্ণ বন্ধ্যাত্ব সৃষ্টি কৰিবলৈ WHO ভেকচিন তৈয়াৰ কৰি আছে। আচলতে, এনেকুৱা কোনো প্ৰমাণো নাই যে বৰ্তমান কোভিড-19’ৰ ভেকচিনৰ ফলতো সম্পূৰ্ণ বন্ধ্যাত্ব সৃষ্টি হ’ব পাৰে। এই দাবীসমূহক নস্যাত কৰি WHO-ৰ দক্ষিণ-পূৱ এছিয়া আঞ্চলিক কাৰ্যালয়ৰ পাবলিক ইনফৰ্মেচন এণ্ড এডভোকেচী অফিচাৰ শৰ্মিলা শৰ্মাই উপৰৰ বিবৃতিসমূহক ‘মিছা’ বুলি কৈছে। ইউনিচেফ-ৰো এটা ফেক্ট-চেক উল্লেখ কৰা হ’ল, “কোভিড-19 ৰোধ কৰা ভেকচিনৰ ফলত বন্ধ্যাত্বৰ সৃষ্টি নহয়।” বিশ্বাস নিউজেও ক্ৰিষ্টিয়ান মেডিকেল কলেজ, ভেলোৰ, তামিলনাড়ুৰ ডিভিচন অৱ গেষ্ট্ৰ’-ইনটেষ্টিনেল ছাইঞ্চেছ-ৰ প্ৰফেচৰ তথা ভাৰতীয় মাইক্ৰ’বায়’লজিষ্ট আৰু ভাইৰ’লজিষ্ট ডা০ গগনদীপ কাং-ৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ এজন আগশাৰীৰ গৱেষক হয় আৰু তেওঁৰ গৱেষণাৰ মুখ্য বিষয় হ’ল শিশুসকলৰ মাজত ভাইৰাছৰ সংক্ৰমণ আৰু ভেকচিনৰ টেষ্টিং। ই-মেইলৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ স্কোৱালিন আৰু বন্ধ্যাত্ব সম্বন্ধীয় দাবীৰ বিষয়ে কৈছে। তেওঁ লিখিছে, “স্কোৱালিন প্ৰাকৃতিক ভাৱেই মানৱ শৰীৰত থাকে, আৰু আমি এইটোক আমাৰ খাদ্যৰপৰা শুহি লওঁ। H1N1-ৰ বাবে তৈয়াৰ কৰা ভেকচিনত স্কোৱালিৰপৰা উলিওৱা এডজুৱেণ্ট আছিল (এইবোৰক চিকেনপক্স আৰু মেলেৰিয়াৰ ভেকচিনতো ব্যৱহাৰ কৰা হৈছিল), কিন্তু ভাৰতত যিবোৰ কোভিড-19 ভেকচিন আছে, সেইবোৰত বৰ্তমান স্কোৱালিন ভিত্তিক এডজুৱেণ্ট ব্যৱহাৰ কৰা হোৱা নাই।” কোভিড-19 মহামাৰী এটা পৰিকল্পনা আছিল বুলি হোৱা দাবী এই দাবীকো নস্যাত কৰি ডা০ কাং-এ এই দিশটো উনুকিয়াই দিছে, “এইবোৰ হ’ল সাধাৰণতে তথ্যহীন ষড়যন্ত্ৰ তত্ত্ব। এইবোৰ ৰাজহুৱা স্বাস্থ্যৰ বাবে ক্ষতিকৰ হোৱাৰ লগতে বিজ্ঞান সম্বন্ধে মানুহৰ শিক্ষাদীক্ষাকো নষ্ট কৰি দিয়ে।” যিজন ফেচবুক ইউজাৰে ভাইৰেল হোৱা দাবী শ্বেয়াৰ কৰিছে তেওঁক প্ৰায় 1,500 মানুহে অনুসৰণ কৰে। উপসংহাৰ: এটা দাবী ভাইৰেল হৈছে যে কোভিড এটা পৰিকল্পনা আছিল আৰু ইয়াৰ ভেকচিনসমূহৰ ফলত বন্ধ্যাত্ব সৃষ্টি হয়। এই দাবী মিছা হয়। এই দাবী থকা এটা সাক্ষাৎকাৰ এতিয়া ভাইৰেল হৈ আছে। এইটোক ষড়যন্ত্ৰৰ তত্ত্ব সম্বন্ধীয় এটা অনুষ্ঠানৰ অংশ হিচাপে প্ৰচাৰ কৰা হৈছিল। তাত ডা০ ৰিমা লাইবাঅ’ ভেকচিন আৰু বন্ধ্যাত্ব সম্বন্ধীয় দাবীবোৰ কৰিছিলে। ডা০ লাইবাঅ’ৰ বিৰুদ্ধে অভিযোগ, তেওঁ বিভিন্ন সময়ত মাৰ্কিন যুক্তৰাষ্ট্ৰত লাইচেন্স নথকা দৰৱ বিক্ৰী কৰিছে। এনেকুৱা কোনো প্ৰমাণ নাই যে, বন্ধ্যাত্ব সৃষ্টি কৰাৰ কাৰণে WHO ভেকচিন তৈয়াৰ কৰি আছে বা ছ’ৱাইন ফ্লুৰ ভাইৰাছৰ ফলত চিৰস্থায়ী বন্ধ্যাত্বৰ সৃষ্টি হয়। - Claim Review : ষড়যন্ত্ৰ তত্ত্ব ভিত্তিক 2009-ৰ এটা অনুষ্ঠানক শ্বেয়াৰ কৰা হৈ আছে ইয়াৰ প্ৰমাণ হিচাপে যে চিৰস্থায়ী বন্ধ্যাত্ব সৃষ্টি কৰিবলৈ WHO কোভিড-19 ভেকচিন তৈয়াৰ কৰি আছে। - Claimed By : Fb ইউজাৰ: Lukasz Igla - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.123 as of May 22 2025


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data]
OpenLink Virtuoso version 07.20.3241 as of May 22 2025, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 8 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2026 OpenLink Software