About: http://data.cimple.eu/claim-review/36e8a0620b0387f9703e3c633eb6d2480c550fa11172e1cf6e679915     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • ফেক্ট চেক: বিৰিয়ানী বেচোতাৰ কৰোঁতাৰ দ্বাৰা হিন্দুসকলৰ খাদ্যত নপুংসক কৰা টেবলেট মিলায় বুলি কোৱা দাবী বেবুনিয়াদ আমি আমাৰ নিজাববীয়া অনুসন্ধানত পালো যে কোয়েম্বটুৰত বিৰিয়ানী বেচোতাৰ দ্বাৰা হিন্দুসকলৰ খাদ্যত নপুংশক বনোৱা টেবলেট মিলোৱা দাবী ভ্ৰান্তিকাৰক | প্ৰকৃততে এই ফটোবোৰ পৃথক পৃথক স্থানৰ পৰা উঠাই লোৱা গৈছে যিবোৰ ভুল সন্দৰ্ভত ভাইৰেল কৰা গৈছে | - By: Pallavi Mishra - Published: Jun 28, 2020 at 07:45 PM নতুন দিল্লী (বিশ্বাস টীম| চছিয়েল মিডিয়াত আজি কালি চাৰিখন ফটোসহ এটা পোষ্ট ভাইৰেল হৈ আছে | সেই ফটোকেইখনৰ প্ৰথমখনত কিছু দৰব,দ্বিতীয়খন ফটোত পুলিচৰ লগতগৈ থকা কিছু মানুহ, তৃতীয়খন ফটোত এজন ব্যক্তিয়ে বিৰিয়ানী বিক্ৰী কৰি আছে আৰু চতুৰ্থ ফটোত অনেক মানুহ পুলিচৰ সৈতে দেখা যাব | পোষ্টটোত দাবী কৰিছে যে “কয়েম্বটুৰত ‘মাশা আল্লাহ’ নামৰ ফাস্ট ফুড বিক্ৰীকৰোঁতাই 2টা বাচনত বিৰিয়ানী ৰান্ধে . . . এটাত মুচলমানৰ বাবে আৰু আনটোত হিন্দুৰ বাবে | হিন্দুসকলৰ বাচনত ল’ৰা বা ছোৱালীক নপুংসক বনোৱা টেবলেট মিলায় যাতে হিন্দুসকলৰ জনসংখ্যা বৃদ্ধি হোৱাত বন্ধ কৰিব পাৰে |” আমি আমাৰ অনুসন্ধানত পালো যে এই দাবী ভুল | আচলতে এই ফটোবোৰ সুকীয়া সুকীয়া কৈ উঠোৱা গৈছিল আৰু ভুল সন্দৰ্ভত ভাইৰেল কৰা হৈছে | কি ভাইৰেল হৈ আছে ? ভাইৰেল পোষ্টত 4খন ফটো আছে | প্ৰথম ফটোত কিছু ঔষধ, দ্বিতীয় ফটোত কিছু মানুহ পুলিচৰ লগত গৈ আছে, তৃতীয়খনত এজন ব্যক্তিয়ে বিৰিয়ানী বেচি আছে আৰু চতুৰ্থখন ফটোত পুলিচৰ লগত বহুত মানুহ দেখা গৈছে | পোষ্টৰ সৈতে কি দাবী কৰিছেএই ফেচবিকৰ পোষ্টৰ আৰ্কাইড লিংক ইয়াত দেখা পাব পাৰে | , “#জেহাদ সৰ্বোতোপ্ৰকাৰে#ফটোত দেখা এইয়া তামিলনাডুৰ ‘কয়াম্বুতুৰ’ৰ এক মুছলিম ব্যক্তিৰ ‘মশা আল্লাহ’নামৰ ফাৰ্ষ্ট ফুডৰ দোকানত ৰন্ধা বিৰীয়ানীৰ দুটা হান্দী।এটা হান্দীৰ পৰা মুছলমান গ্ৰাহকক বিৰীয়ানী বিক্ৰী কৰে আনটোৰ পৰা হিন্দু গ্ৰাহকক বিৰীয়ায়ী বিক্ৰী কৰে। এতিয়া আচল কথালৈ আহো–যিটো হান্দীৰ পৰা হিন্দু সকলক বিৰীয়ানী দিয়ে সেই হান্দীটোত এইজন ছদ্মবেশী জেহাদীয়ে বহু দিনৰ পৰা মানুহক নপু;সক কৰিব পৰা টেবলেট গুৰি কৰি সদায় বিক্ৰী কৰি আহিছিল !পিছত এক গোপন সূত্ৰৰ পমখেদি পুলিচে এই কাৰ্যধৰা পেলায়..! কি ভয়;কৰ ইহঁতৰ ষড়যন্ত্ৰ …এতিয়া কথা হ’ল এনেদৰেই এচাম মুছলমান জেহাদীয়ে সৰ্বতোপ্ৰকাৰে অহৰ্নিশে গোটেই হিন্দু সম্প্ৰদায়ৰ টোৰে ক্ষতি কৰাত লাগি আছে আৰু আমাৰে এচাম বিজতৰীয়া হিন্দুৱে এতিয়াও সমন্বয়, ধৰ্মনিৰপেক্ষতাৰ গান গায় আছে… এইবোৰ কথাৰ বিষয়ে নিজৰ জাতিটোক সজাগ কৰিলে আমি হৈ পৰিম কট্টৰ RSS কট্টৰ BJP…!! সচাকৈ আমি প্ৰতি গৰাকী হিন্দু এতিয়া সচেতন তথা সাৱধান হ’বৰ নহ’ল নে ??(Facebook.com. Kajal Rajput’s post ৰ হিন্দী লিখনিৰ আত ধৰি)“ অনুসন্ধান এই পোষ্টটোৰ অনুসন্ধান কৰিবলৈ আমি পোন প্ৰথমতে প্ৰথম ফটোৰ স্ক্ৰীনসত ল’লো আৰু গুগুলত ৰিভাৰ্চ ইমেজত চাৰ্চ কৰিলোঁ | বিচাৰোতে www.dailymirror.lk ৱেবচাইচৰ এটা লিংক আমাৰ হাতত পৰিল | তাত পোনপ্ৰথমে এই ফটো ব্যৱহাৰ কৰা গৈছিল | ৱেবচাইটত থকা ষ্টোৰীৰ অনুসাৰে ” এসটীএফ দ্বাৰা কোলম্বোৰ ভোল্ফেলডল ষ্টীটত স্থিত এজন বয়োজ্যেষ্ঠ ব্যক্তি আৰু তেখেতৰ পুত্রৰ ঘৰত ছাপা মৰা হৈছি আৰু তাত 4 কোটি টকা মূল্যৰ অবৈধ্য ঔষধৰ ভাণ্ডাৰ পোৱা গ’ল |” এই ফটোখন সেই তালাচীত জব্দ কৰা কিছু বেআইনী ঔষধৰ | ইয়াৰ পিচত আমি দ্বিতীয় ফটোৰ স্ক্ৰীনচট ল’লো আৰু গুগুল ৰিভাৰ্চ ইমেজত চাৰ্চ কৰিলোঁ | আমি আজ তক নিউজ চেনেলৰ ইউটিউব চেনেলত জুলাই 2019 ত আপলোড কৰা এক ভিডিও পালোঁ, তাত এই ফটোখনৰ ঝলক দেখা গ’ল | ভিডিওৰ টাইটেলত লিখা আছিল, ” বিজনৌৰঃ মদৰসত পোৱা অবৈধ হাথিয়াৰ, সঞ্চালকসহ 6 জন গেপ্তাৰ |” ইয়াৰ পাচত আমি তৃতীয় ফটোৰ স্ক্ৰীনচট ল’লো আৰু গুগুল ৰিভাৰ্জ চাৰ্জত সেইখনৰ চাৰ্চ কৰিলোঁ | বিৰিয়ানী বেচোতাসেই ব্যক্তিৰ ফটো 30 জুন 2016 ৰ ” স্ট্ৰীট ফুড অফিচিয়েল” নামৰ এক ইউটিউব চেনেলৰ দ্বাৰা পোষ্ট কৰা ভিডিওৰ থাম্ব ইমেজৰ ৰূপত ব্যৱহাৰ কৰা গৈছিল | ভিডিওটো বিৰিয়ানীৰ ৰেচিপীৰ আছিল | ইয়াৰ পাচত আমি চতুৰ্থ ফটোৰ স্ক্ৰীনচট লৈ গুগুলত ৰিভাৰ্জ চাৰ্জ কৰিলোঁ | আমি এই ফটোখন বিজনৌৰ পুলিচৰ অফিচিয়েল টুইটাৰ হেণ্ডেল দ্বাৰা কৰা পোষ্টত পালোঁ | ফটোখন জুলাই 2019 ৰ, যেতিয়া শোৰকোটৰ দ্বাৰা মদৰসেত অবৈধ্য অস্ত্রৰ তস্কৰী কৰি 6জন মানুহ গেপ্তাৰ কৰিছিল | আমি তাতোকৈ বেছি তথ্য জানিবলৈ কোৱাম্বটুৰৰ ডিএছপী থিৰূ এছ বিজয়কুমাৰৰ সতে কথা পাতোঁ | তেখেতে ক’লে, ” এই পোষ্টটো ফেক হয়, যিটো বহু সময়ৰ পৰা ভাইৰেল হৈ আছে | কোৱাম্বাটুৰ পুলিচে এই ফেক পোষ্টৰ বিষয়ে এক টুইটাৰো কৰিছিল |” আমি বিচাৰাত Coimbatore City Police ৰ সেই টুইট ৰিপ্লাই পালোঁ, য’ত এই পোষ্টটোক ফৰ্জী বুলি জনোৱা গৈছিল | এই পোষ্টটো চছিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত দীনেশ মহন্ত (Dinesh Mahanta) নামৰ এক ইউজাৰে ছেয়াৰ কৰিছিলে | এই প্ৰোফাইলৰ ইন্ফোৰ অনুসাৰে ইউজাৰ ৰঙ্গীয়াৰ নিবাসী আৰু ফেচবুকত মুঠ 126 জন লোকে ফলো কৰে | নিষ্কৰ্ষঃ আমি আমাৰ নিজাববীয়া অনুসন্ধানত পালো যে কোয়েম্বটুৰত বিৰিয়ানী বেচোতাৰ দ্বাৰা হিন্দুসকলৰ খাদ্যত নপুংশক বনোৱা টেবলেট মিলোৱা দাবী ভ্ৰান্তিকাৰক | প্ৰকৃততে এই ফটোবোৰ পৃথক পৃথক স্থানৰ পৰা উঠাই লোৱা গৈছে যিবোৰ ভুল সন্দৰ্ভত ভাইৰেল কৰা গৈছে | - Claim Review : কয়েম্বটুৰত 'মাশা আল্লাহ' নামৰ ফাস্ট ফুড বিক্ৰীকৰোঁতাই 2টা বাচনত বিৰিয়ানী ৰান্ধে . . . এটাত মুচলমানৰ বাবে আৰু আনটোত হিন্দুৰ বাবে | হিন্দুসকলৰ বাচনত ল'ৰা বা ছোৱালীক নপুংসক বনোৱা টেবলেট মিলায় যাতে হিন্দুসকলৰ জনসংখ্যা বৃদ্ধি হোৱাত বন্ধ কৰিব পাৰে | - Claimed By : FB User- Dinesh Mahanta - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software