About: http://data.cimple.eu/claim-review/574fe1848caad7c15082f5782afaf2d89b4875d3c76e3d5c928624d5     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • লেখক: উম্মে কুলচুম ছেপ্তেম্বৰ 2 2024 এইটো পাকিস্তানৰ কৰাচীৰ এটি ৰেলপথত সংঘটিত ঘটনা হয়। ভাৰতৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। কি দাবী কৰা হৈছে? ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত এটা ভিডিঅ’ত দেখা গৈছে যে তিনিজন ল’ৰাই ৰে’লপথৰ বল্ট খুলিবলৈ চেষ্টা কৰিছে, দাবী অনুসৰি এই ঘটনাটো ভাৰতত সংঘটিত হৈছে। একাধিক ব্যৱহাৰকাৰীয়ে ভাৰতীয় ৰে’ল মন্ত্ৰালয়ক টেগ কৰি কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। মিছা আৰু ভুল তথ্য প্ৰচাৰৰ বাবে পৰিচিত মিডিয়া নেটৱৰ্ক সুদৰ্শন নিউজৰ মুখ্য সম্পাদক সুৰেশ চাভহাংকে এক্স (পূৰ্বৰ টুইটাৰ)ত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, "এই কম বয়সতে সিহঁতে ৰে'লপথ খান্দিছে। কল্পনা কৰকচোন অহা ৫০ বছৰ হ’লেগৈ সিহঁতে কি কৰিব। চৰকাৰে ড° বাবাছাহেব আম্বেদকাৰে সিহঁতকলৈ দিয়া সতৰ্কবাণীক গুৰুত্ব দিব লাগে। কেৱল তেওঁৰ নাম উচ্চাৰণ কৰিলে একো নহ'ব। @AshwiniVaishnaw ছাৰ, এনে কাৰ্যকলাপ দেখা পোৱাৰ লগে লগে @RPF_INDIAক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ক।" তেওঁ লগতে ঘটনাৰ স্থান আৰু সময়ৰ তদন্ত কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনায়। পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব ৷ ভুল তথ্য বিয়পোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা বিহাৰৰ ইউটিউবাৰ মনীষ কাশ্যপেও এই ভিডিঅ’টো ভাৰতৰ বুলি দাবী কৰি শ্বেয়াৰ কৰিছে। তেওঁ ল’ৰাকেইজনে পৰিধান কৰা সাজ-পোছাকৰ ওপৰত ভিত্তি কৰি ভাৰতীয় মুছলমানসকলক লক্ষ্য কৰি লৈ ভাৰতীয় ৰে’ল মন্ত্ৰালয়ক ৰে’লপথৰ কাষৰ পৰা মুছলমানসকলক আঁতৰাবলৈ আহ্বান জনায়। পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত পোৱা যাব৷ অসমীয়াতো একেধৰণৰ দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে, ইয়াত আৰ্কাইভ কৰা হৈছে। ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) অৱশ্যে দাবী কৰা এই ভিডিঅ’টো ভাৰতৰ নহয়, বৰঞ্চ পাকিস্তানৰ হে হয়। আমি কি বিচাৰি পালোঁ? লজিকেলী ফেক্টছে ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখিলে যে এই ভিডিঅ’টো প্ৰথমে "পাকিস্তানী ট্ৰেইনছ” নামৰ এটা ফেচবুক একাউণ্টে (ইয়াত আৰ্কাইভ কৰা হৈছে) ২০২৩ চনৰ ৫ ডিচেম্বৰত শ্বেয়াৰ কৰিছিল। পোষ্টটোত উক্ত ঘটনাটো পাকিস্তানৰ কৰাচীৰ বোট বেচিন আৰক্ষী থানাৰ সমীপত সংঘটিত হোৱা বুলি উল্লেখ কৰাৰ লগতে স্থানীয় কৰ্তৃপক্ষক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অধিক অনুসন্ধান কৰাত ২০২৩ চনৰ ডিচেম্বৰৰ একাধিক এক্স পোষ্ট লাভ কৰা যায় (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) য’ত ভিডিঅ'টোৰ স্থান পাকিস্তানৰ কৰাচীত বুলি নিশ্চিত কৰা হৈছে। ইয়াৰ উপৰিও ২০২৩ চনৰ ৬ ডিচেম্বৰৰ এটা ইউটিউব ভিডিঅ’ত তিনিওজন ল’ৰাৰ ছবি সন্নিবিষ্ট কৰা হৈছে আৰু ইয়াত মিডিয়া চেলৰ ডিআইজি দক্ষিণ কৰাচী আৰক্ষীৰ মন্তব্যও সন্নিবিষ্ট কৰা হৈছে। ইয়াত আৰ্কাইভ কৰা ভিডিঅ’টোত ভাইৰেল ভিডিঅ’টো বিয়পি পৰাৰ পিছত আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিশদ বিৱৰণ দিয়া হৈছে। পাকিস্তানৰ কৰাচীত থকা দক্ষিণ মণ্ডল আৰক্ষীৰ উপ-মহাপৰিদৰ্শকৰ অফিচিয়েল একাউণ্টে এই তথ্য নিশ্চিত কৰিছে। ‘‘বোট বেচিন ৰেলৱে লাইনৰ পৰা নটবল্ট চুৰি কৰাৰ ভাইৰেল ভিডিঅ’ৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা’’ ভাইৰেল শীৰ্ষক ভিডিঅ’টোত কৰাচীৰ সৰ্তাজ খান ফাটক ৰে’লপথৰ সমীপত ৰেল লাইনৰ বল্ট চুৰিৰ ঘটনা দেখা গৈছে। ডি আই জি চাউথৰ নিৰ্দেশত বোট বেচিন থানাৰ এছ এইচ অ’ই জড়িত নাবালক কেইজনক আটক কৰে। পিছত তেওঁলোকক এনে কৰিবলৈ নকৰিবলৈ সকীয়াই পিতৃ-মাতৃৰ হাতত গতাই দিয়া হয় আৰু তেওঁলোকৰ ওপৰত চকু ৰাখিবলৈ কয়। ভিডিঅ’টোত এজন আৰক্ষী বিষয়াই ল’ৰা তিনিজনক সোধা-পোছা কৰাত ইয়াৰে এজনে শ্বেৰিন জিন্না কলনীৰ ৰে’লপথৰ পৰা নটবল্ট চুৰি কৰাৰ কথা স্বীকাৰ কৰে। বিষয়াগৰাকীয়ে লগতে এজন অভিভাৱকক তেওঁলোকৰ ল’ৰাই যাতে আৰু এনে কাম নকৰে তাৰ বাবে সন্তানৰ ওপৰত ভালদৰে চকু ৰাখিবলৈ সতৰ্ক কৰি দিছিল। কৰাচী আৰক্ষীৰ ইউটিউব ভিডিঅ'ৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব) কৰাচী আৰক্ষীৰ ইউটিউব ভিডিঅ’টো ভালদৰে চালে ভিডিঅ’টোৰ ৭ ছেকেণ্ডত ৰেললাইনৰ পিছফালে থকা দেৱালত লিখি থোৱা কথাখিনি স্পষ্টকৈ ধৰিব পাৰি। ইয়াত থকা ফোন নম্বৰটোত পাকিস্তানৰ দূৰ-সংযোগ প্ৰতিষ্ঠান মোবিলিংকৰ ডায়েলিং ক'ড "০৩০১" লিখা আছে, যাৰ দ্বাৰা ভিডিঅ'টো পাকিস্তানৰ বুলি অধিক নিশ্চিত হোৱা যায়। নম্বৰটো দেখা পোৱা দেৱালখনৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/মিডিয়া চেল ডিআইজি ছাউথ কৰাচী আৰক্ষী) সিদ্ধান্ত তিনিজন নাবালকে এটা ৰে’লপথত কৰি থকা অনুচিত কামৰ ভিডিঅ’টো ভাৰতৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। ভিডিঅ’টো আচলতে পাকিস্তানৰ কৰাচীৰ হয়। (অনুবাদ: চন্দন বৰগোহাঁই)
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software