About: http://data.cimple.eu/claim-review/5d245a40090696fc32a702687efbd6cd8aa112bb3ac1c801e8dc4fec     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • লেখক: অংকিতা কুলকাৰ্ণী আগষ্ট 27 2024 ভিডিঅ'টোত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীশৈলম বান্ধৰ পৰা পানী এৰি দিয়া দেখা গৈছে, এইটো ত্ৰিপুৰাৰ ডাম্বুৰ বান্ধ নহয়। কি দাবী কৰা হৈছে? এটা বান্ধৰ গেটেৰে পানীৰ ঢল বৈ যোৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ভিডিঅ’টো ত্ৰিপুৰাৰ ডাম্বুৰ বান্ধৰ পৰা পানী এৰি দিয়া দৃশ্য বুলি দাবী কৰা হৈছে। ভিডিঅ'টো শ্বেয়াৰ কৰি একাধিক লোকে এই বান্ধৰ পানী এৰি দিয়াৰ ফলত পূব বাংলাদেশত "বানপানীৰ" সৃষ্টি হোৱা বুলি দাবী কৰিছে। এক্স (পূৰ্বৰ টুইটাৰ)ত এটা পোষ্টত ভিডিঅ’টোৰ কেপচনত লিখা হৈছে- “ভাৰতে ডাম্বুৰ বান্ধ খুলি বাংলাদেশত বানপানীৰ সৃষ্টি কৰিছে। ভাৰতৰ বাবে বাংলাদেশত বানপানী হৈছে। 'সকলো কথা মনত ৰখা হ’ব' #FloodInBangladesh #Bangladesh (sic)।” এইটোৰ লগতে এনে আন পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। একেটা ভিডিঅ’ ফেচবুকতো একেধৰণৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে; ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা সংস্কৰণসমূহ পোৱা যাব। পৃষ্ঠভূমি উল্লেখযোগ্য যে বাংলাদেশত শেহতীয়াকৈ সৃষ্টি হোৱা বানপানীৰ বাবে ঢাকাই ভাৰতক জগৰীয়া কৰাৰ সময়তে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা মহম্মদ নাহিদ ইছলামে অভিযোগ কৰিছিল যে ভাৰতে ত্ৰিপুৰাৰ গুমতি নদীৰ ওপৰত অৱস্থিত ডাম্বুৰ বান্ধৰ শ্লুইচ গেটসমূহ কোনো সতৰ্কবাণী নিদিয়াকৈ খুলি দিছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই অভিযোগ খণ্ডন কৰি ডাম্বুৰ বান্ধটো সীমান্তৰ পৰা ১২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বুলি উল্লেখ কৰি বান্ধটোৰ গে’ট খুলি দিয়াৰ ফলত বাংলাদেশৰ বানপানী সৃষ্টি হোৱা নাই বৰঞ্চ ধাৰাসাৰে দি থকা বৰষুণহে বানপানীৰ কাৰণ বুলি কয়। অৱশ্যে ভাইৰেল ভিডিঅ’টোত অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণ নদীৰ ওপৰত অৱস্থিত শ্ৰীশৈলম বান্ধৰ দৃশ্যহে দেখা গৈছে। ত্ৰিপুৰা বা বাংলাদেশৰ বানপানীৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। প্ৰকৃত সত্য কি? ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৪ চনৰ ৬ আগষ্টত ইউটিউবত (ইয়াত আৰ্কাইভ কৰা হৈছে ) আপলোড কৰা এটা ভিডিঅ’ লাভ কৰোঁ য’ত ভাইৰেল ক্লিপটোৰ ভিজুৱেল আছে। ইউটিউব ভিডিঅ’টোৰ কেপচনত লিখা আছে “পানীৰে উপচি পৰা শ্ৰীশৈলম বান্ধৰ দৃশ্য।” গুগল চাৰ্চ কৰি ২০২৪ চনৰ ৩ আগষ্টত দ্য হিন্দুৰ এটা প্ৰতিবেদন পোৱা গ’ল , য’ত কোৱা হৈছিল যে শ্ৰীশৈলম বান্ধৰ দহখন গে’ট খুলি দিয়াৰ পিছত তেলেংগানাৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা লোকে বান্ধটো চাবলৈ আহিছিল। প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে যে বান্ধটোৱে নাগাৰ্জুনসাগৰলৈ পানী এৰি দিছিল। ইয়াত ভাইৰেল ক্লিপটোৰ সৈতে মিল থকা বান্ধটোৰ ফটো আছে। দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছত এই অনুষ্ঠানৰ বাতৰি পৰিৱেশন কৰিছিল য’ত উল্লেখ কৰা হৈছিল যে পানীৰ প্ৰবাহ হ্ৰাস পাই অহাৰ বাবে ১২ আগষ্টত গেটসমূহ বন্ধ কৰি দিয়া হৈছিল। তদুপৰি আমি গুগল মেপত শ্ৰীশৈলম বান্ধটো জিঅ’লকেট কৰিবলৈ সক্ষম হ’লোঁ। ইয়াৰ আশে-পাশে থকা অঞ্চল আৰু বান্ধটোৰ গাঠনি ভাইৰেল ক্লিপটোৰ সৈতে মিলে, যিয়ে নিশ্চিত কৰে যে এইটো ত্ৰিপুৰাৰ ডাম্বুৰ বান্ধ নহয়। সিদ্ধান্ত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীশৈলম বান্ধৰ পৰা পানী এৰি দিয়া এটা ভিডিঅ’ক ত্ৰিপুৰাৰ ডাম্বুৰ বান্ধৰ ফুটেজ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে। (অনুবাদ: চন্দন বৰগোহাঁই)
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software