About: http://data.cimple.eu/claim-review/681b3563fed5286e5ef58d697495686b00ab96f5394a9091dd501130     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: এই ভিডিঅ’ত শ্বহীদ কেপ্টেইন অংশুমান সিঙৰ পত্নীক দেখুওৱা হোৱা নাই বিশ্বাস নিউজে ভাইৰেল হোৱা এই পোষ্টৰ তদন্ত কৰাৰ পাছত গম পাইছে যে, ভিডিঅ’টোত থকা মহিলাগৰাকী আচলতে এগৰাকী মডেল হয়, আৰু তেওঁৰ নাম ৰেছমা ছেবাষ্টিয়েন হয়। - By: Pallavi Mishra - Published: Jul 23, 2024 at 10:58 AM নতুন দিল্লী (বিশ্বাস নিউজ) – ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত এটা ভিডিঅ’ক লৈ বহুত চৰ্চা হৈ আছে। তাত এগৰাকী মহিলাক নাচি থকা দেখা পোৱা গৈ আছে। এই ভিডিঅ’ শ্বেয়াৰ কৰি ইউজাৰসকলে দাবী কৰি আছে যে, এই মহিলাগৰাকী শ্বহীদ কেপ্টেইন অংশুমান সিঙৰ বিধৱা পত্নী হয়। বিশ্বাস নিউজে ভাইৰেল হোৱা এই পোষ্টৰ তদন্ত কৰাৰ পাছত গম পাইছে যে, ভিডিঅ’টোত থকা মহিলাগৰাকী আচলতে এগৰাকী মডেল হয়, আৰু তেওঁৰ নাম ৰেছমা ছেবাষ্টিয়েন হয়। কি ভাইৰেল হৈ আছে? 12 জুলাই তাৰিখে ফেচবুক ইউজাৰ ৰূপেশ কুমাৰ-এ এই পোষ্ট শ্বেয়াৰ কৰিছিলে। তেওঁ লিখিছিলে, “এগৰাকী মাতৃয়ে দেশৰ বাবে নিজৰ পুত্ৰ সন্তান হেৰুৱাইছে, আৰু এতিয়া মৃত সৈনিকজনৰ পত্নীয়ে ইনষ্টাগ্ৰামত নিজৰ সৌন্দৰ্যৰ প্ৰদৰ্শন কৰি আছে লাখ-লাখ ফল’ৱাৰ আৰু শৌৰ্য চক্ৰৰ সৈতে।” তদন্ত এই বিষয়টোৰ সত্যতা পৰীক্ষা কৰি চাবলৈ আমি গুগগুল-ৰ ৰিভাৰ্ছ ইমেজত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটবোৰ ছাৰ্চ কৰি চাইছোঁ। ছাৰ্চ কৰি থাকোঁতে আমি আচল ভিডিঅ’ৰ সন্ধান পাইছিলোঁ। ৰেছমা ছেবাষ্টিয়েন নামৰ এগৰাকী মডেল তথা ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰে নিজেৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলত ভিডিঅ’টো আপডেট কৰিছিলে 24 এপ্ৰিল, 2024 তাৰিখত। ৰেছমা ছেবাষ্টিয়েনৰ প্ৰ’ফাইল স্কেন কৰি থাকোঁতে আমি গম পালোঁ যে, তেওঁ নিজৰ প্ৰ’ফাইল বায়’-ত এটা ইউটিউব ভিডিঅ’ লিংক দি থৈছে। সেয়া আছিল, টেডএক্স টক ভিডিঅ’-ৰ লিংক, সেই ভিডিঅ’ৰ মুখ্য চৰিত্ৰ আছিলে ৰেছমা নিজে। সেই ভিডিঅ’ৰ বিৱৰণ অংশত কোৱা হৈছে: “ৰেছমা ছেবাষ্টিয়েন হৈছে এগৰাকী প্ৰখ্যাত মডেল আৰু তেওঁৰ অনুৰাগীৰ সংখ্যা বিশাল। 11 বছৰ পাছত সন্তানক লগত লৈ তেওঁ প্ৰমাণ কৰি দিছে যে মাতৃত্বক আঁকোৱালি ল’লে সেয়া কেতিয়াও আমাৰ সপোন তথা কেৰিয়াৰৰ পথত বাধা হৈ নাযায়। টেড কনফাৰেঞ্চৰ আৰ্হিত এটা টেডএক্স ইভেণ্টত সেই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অৱশ্যে, সেয়া স্বতন্ত্ৰ ভাৱে আয়োজন কৰিছিল স্থানীয় এটা সমুদায়ে।” আমি ৰেছমাৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলত 14 জুলাই তাৰিখৰো এটা পোষ্ট দেখা পাইছোঁ। তাত কোৱা হৈছে, “এয়া স্মৃতি সিঙৰ (ভাৰতীয় সেনাৰ সৈনিক কেপ্টেইন অংশুমান সিঙৰ বিধৱা পত্নী) পেজ/আইজি একাউণ্ট নহয়। পোন প্ৰথমতে প্ৰ’ফাইল ডিটেইল আৰু বায়’ পঢ়ি চাওঁক। অনুগ্ৰহ কৰি মিছা তথ্য আৰু ঘৃণা সূচক মন্তব্য বিয়পাই দিয়াৰপৰা বিৰত থাকক।” আমি গম পালোঁ যে, ৰেছমা ছেবাষ্টিয়েন কোচিৰ এগৰাকী মডেল হয়। ইয়াৰ সত্যতা পৰীক্ষা কৰি চোৱাৰ বাবে আমি কেৰলৰ এগৰাকী সাংবাদিক প্ৰশান্ত এমএছ-ৰ সৈতে কথা পাতিছিলোঁ। তেওঁ নিশ্চিত কৰিছে যে, ভিডিঅ’ত যিগৰাকী মহিলাক দেখা পোৱা গৈ আছে, তেওঁ ৰেছমা ছেবাষ্টিয়েন হয় আৰু তেওঁ এগৰাকী ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ আৰু মডেল হয়। কেপ্টেইন অংশুমান সিং বিতৰ্কৰ আঁৰৰ কথা কেপ্টেইন অংশুমান সিঙে মৰণোত্তৰ ভাৱে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ শান্তিকালীন সাহসিকতা পুৰষ্কাৰ কীৰ্তি চক্ৰ লাভ কৰিছে। তেওঁৰ পত্নী স্মৃতি সিঙে 5 জুলাই, 2024 তাৰিখে এটা অনুষ্ঠানত সেই পুৰস্কাৰ গ্ৰহণ কৰিছিলে। তাৰ পাছত কেপ্টেইন অংশুমান সিঙৰ পৰিয়ালে এনেকুৱা কিছুমান মন্তব্য কৰিছিলে যে, তাৰ ফলত বিতৰ্কৰ সৃষ্টি হৈছিল। তেওঁৰ পিতৃ-মাতৃয়ে কৈছিলে যে, ভাৰতীয় সেনাৰ ‘নিকট আত্মীয়‘ (NOK) সম্বন্ধীয় নিয়মত পৰিৱৰ্তন বিচাৰে। উল্লেখ্য, এই নিয়ম অনুসৰিয়ে ঠিক হয় যে, কোনো সৈনিকৰ মৃত্যু হ’লে তেওঁৰ পৰিয়ালে কেনেকৈ ক্ষতিপূৰণৰ অৰ্থ লাভ কৰিব। এই বিষয়ত বিতংকৈ জানিবলৈ পোৱা যাব ইয়াত আৰু ইয়াত থকা বাতৰিসমূহত। সদৌ শেষত আমি সেইজন ব্যক্তিৰ একাউণ্ট চালি-জাৰি চালোঁ, যিজনে সেই ভুল তথ্যৰ পোষ্ট শ্বেয়াৰ কৰিছিলে। তেতিয়া আমি গম পালোঁ যে, ৰূপেশ কুমাৰ নামৰ সেই ইউজাৰ জন হাৰিয়ানাত থাকে আৰু ফেচবুকত তেওঁক 16,000-ৰ অধিক মানুহে অনুসৰণ কৰে। উপসংহাৰ: বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভিডিঅ’ত যিগৰাকী মহিলাক দেখা পোৱা গৈ আছে, তেওঁ শ্বহীদ কেপ্টেইন অংশুমান সিঙৰ পত্নী নহয়। তেওঁ আচলতে ৰেছমা ছেবাষ্টিয়েন নামৰ এগৰাকী ছ’চিয়েল মিডিয়া ইনফ্লয়েঞ্চাৰ আৰু মডেল হয়। - Claim Review : ভিডিঅ’ত দেখা পোৱা মহিলাগৰাকী শ্বহীদ কেপ্টেইন অংশুমান সিঙৰ পত্নী হয়। - Claimed By : ফেচবুক ইউজাৰ - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.123 as of May 22 2025


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data]
OpenLink Virtuoso version 07.20.3241 as of May 22 2025, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 10 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2026 OpenLink Software