About: http://data.cimple.eu/claim-review/8f4a1cd544fe7340ad3c27415d89a3ce1b4191b6652875d2ccd86839     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানীৰ ২০০৯ চনৰ পুৰণি ছবিক ভুৱা খবৰেৰে কৰা হৈছে ভাইৰেল মুখনি – বিশ্বাস নিউজে অনুসন্ধানত লাভ কৰিছে যে এই ভাইৰেল ফটোখনৰ সৈতে কৰা দাবী তথা তথ্য ভুৱা বা মিছা। এই ফটো ২০০৯ চনৰে। - By: Pallavi Mishra - Published: Jan 27, 2021 at 03:38 PM নতুন দিল্লী (বিশ্বাস নিউজ) । জো বাঈডেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত ছ’চিয়েল মিডিয়া বা সামাজিক মাধ্যমত এখন ফটো খুব ভাইৰেল হৈছে, য’ত ইউ এছ কেপিটেল বিল্ডিংৰ বাহিৰত যথেষ্ট সংখ্যক লোকে নামাজ পঢ়ি থকা দেখা গৈছে। এছ ভাইৰেল ফটোখনৰ সৈতে দাবী কৰা হৈছে যে এই ফটোখন জো বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পিছৰ দৃশ্য। বিশ্বাস নিউজৰ অনুসন্ধানত আমি লাভ কৰিছো যে ভাইৰেল হোৱা ফটোখনৰ লগত কৰা দাবী সম্পূৰ্ণ ভুৱা আৰু মিছা। এই ফটোখন ২০০৯ চনৰো ফটো। কি এই ভাইৰেল পোষ্ট? ফে’চবুক ইউজাৰ ৰবীন্দ্ৰ ভাৰতীয়ই এই ফটোখন পোষ্ট কৰিছে আৰু ইয়াৰ লগতে লিখিছে, “জো বাঈডেনৰ নতুন আমেৰিকা কেপিটেল হিলৰ সমূখত জুম্মাৰ দিনা“ এইটো পোষ্টৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব। অনুসন্ধান বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰি সৰ্বপ্ৰথমে এই ভাইৰেল ফটোখন গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ টুলৰ সহায়ত বিচাৰিলে। আমি gettyimages.in ৱেবছাইটত এই ফটোখন পালো। এই ফটোখনৰ বিৱৰণিত লিখা আছে, “WASHINGTON – SEPTEMBER 25: Muslims say prayer during the “Islam on Capitol Hill 2009” event at the West Front Lawn of the U.S. Capitol September 25, 2009 in Washington, DC. Thousands of Muslims gathered for the event to promote the diversity of Islam. (Photo by Alex Wong/Getty Images) ইয়াকৰ অসমীয়া অনুবাদ হৈছে, “ৱাশ্বিংটন – ২৫ ছেপ্তেম্বৰ – আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ২০০৯ চনৰ ২৫ ছেপ্তেম্বৰত ৱেষ্ট কেপ লনত ‘ইছলাম অন কেপিটেল হিল’ শীৰ্ষক কাৰ্যসূচীৰ সময়ছোৱাত মুছলমান লোকসকলে প্ৰাৰ্থনা আগবঢ়ায়। ইছলামৰ বৈচিত্ৰতাক প্ৰসাৰতা প্ৰদান কৰিবৰ বাবে কেবা সহস্ৰ মুছলমান লোক এই অনুষ্ঠানত সমবেত হৈছিল। (ফটো – এলেক্স বোং/গেটি ইমেজৰ দ্বাৰা) আমি এই ফটোখন ibtimes.com ৰ এটা বাতৰিত লাভ কৰিছিলো। বাতৰিটোত ব্যৱহৃত এই ফটোখনৰ কেপশ্যন অনুসৰি এই ফটোখন ২০০৯ চনৰ। বিশ্বাস নিউজে ইমেইলৰ জৰিয়তে এই ভাইৰেল ফটোখন ক্লিক কৰা ফটো সাংবাদিক এলেক্স বোংৰ সৈতে যোগাযোগ কৰে। এলেক্স বোং-এ আমাৰ ইমেইলৰ প্ৰত্যুত্তৰ দি কয় যে এই ফটোখন তেওঁ ২০০৯ চনতে তুলিছিল। ফে’চবুকত ভাইৰেল হোৱা এই ফটোখন ‘ৰবীন্দ্ৰ ভাৰতকীয়’ নামৰ এগৰাকী ইউজাৰে শ্বেয়াৰ কৰিছিল। তেওঁৰ প্ৰ’ফাইল স্কেন কৰাত আমি জানিব পাৰিছো যে তেওঁ লক্ষ্ণৌৰ বাসিন্দা। নিষ্কৰ্ষঃ মুখনি – বিশ্বাস নিউজে অনুসন্ধানত লাভ কৰিছে যে এই ভাইৰেল ফটোখনৰ সৈতে কৰা দাবী তথা তথ্য ভুৱা বা মিছা। এই ফটো ২০০৯ চনৰে। - Claim Review : जो बाइडेन का नया अमेरिका कैपिटल हिल के सामने जुम्मे के दिन। - Claimed By : रवींद्र भारतीय - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.123 as of May 22 2025


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data]
OpenLink Virtuoso version 07.20.3241 as of May 22 2025, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 8 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2026 OpenLink Software