About: http://data.cimple.eu/claim-review/9461c2df5b0ae84bd357e02aa10d483d152eb940ca7d4f984324a12e     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: ডেভিড ৱাৰ্নাৰৰ ভিডিঅক এডিট কৰি ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে - By: Umam Noor - Published: Nov 29, 2023 at 12:25 PM নতুন দিল্লী(বিশ্বাস নিউজ)। বিশ্ব কাপ ক্ৰিকেট 2023-ত ভাৰতক 6 উইকেটত পৰাস্ত কৰি ষষ্ট বাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈছে। ইয়াৰ মাজতে সামাজিক মাধ্যমত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিড ৱাৰ্নাৰৰ এখন ভিডিঅ দ্ৰুত গতিত ভাইৰাল হৈ আছে। ভিডিঅত “জয় শ্ৰী ৰাম”-ৰ ধ্বনি শুনিব পৰা যায়। ব্যৱহাৰকাৰীসকলে এই ভিডিঅখন শ্বেয়াৰ কৰি দাবি কৰি আছে যে, ৱাৰ্ল্ড কাপ ফাইনেলত ডেভিড ৱাৰ্নাৰৰ সন্মুখত “জয় শ্ৰী ৰাম” ধ্বনি দিয়া হৈছিল। বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ভাইৰাল ভিডিঅ-ক লৈ কৰা দাবি ভল। ভিডিঅখনক এডিট কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈ আছে। মুল ভিডিঅত মানুহসকলে ডেভিড ৱাৰ্নাৰ আৰু পুষ্পা চলচিত্ৰৰ নাম লৈ আছে। যিটোক এডিট কৰি ভাইৰাল কৰা হৈ আছে। কি ভাইৰাল হৈ আছে? ফেচবুক ব্যৱহাৰকাৰী ‘Rehan Fazal Sathbhitta’ এ(আৰ্কাইভ লিঙ্ক) 20 নভেম্ৱৰ 2023-ত ভাইৰাল ভিডিঅখনক শ্বেয়াৰ কৰি কেপচনত লিখিছে যে, “জয় শ্ৰী ৰাম-ৰ ধ্বনি দি ডেডিভ ৱাৰ্নাৰক বিৰক্ত কৰাৰ ভাৰি মূল্য দিব লগা হল ভাৰতক, আজি ৱাৰ্ল্ড কাপ হাৰিছে, এয়াৰ কাৰণ এইবোৰে হয়। ক্ৰিকেটক ক্ৰিকেটৰ দৃষ্টি ভঙ্গিৰে চালে বেছি ভাল হলে হয়।“ তদন্ত ভাইৰাল ভিডিঅৰ সত্যতা জানিবলৈ আমি ভিডিঅৰ স্ক্ৰীনশ্বটক গুগল ইমেজত ছাৰ্ছ কৰিলোঁ। আমি ভিডিঅখন বিভিন্ন ইউটিউব চেনেলত পালো। যদিও ইয়াত আপলড হোৱা ভিডিঅসূহত জয় শ্ৰী ৰাম-ৰ ধ্বনি নাই, তাৰ পৰিবৰ্তে মানুহে ডেভিড ৱাৰ্নাৰ আৰু পুষ্পা বোলছবিৰ নাম লৈ চিঞঁৰি আছে। আমি ভাইৰাল ভিডিঅখন ‘RaoDharvikVlogs’ নামৰ ইউটিউব একাউন্টত আপলড হোৱা অৱস্থাত পালো। ভিডিঅখনক 28 অক্টোৱৰ 2023-ত শ্বেয়াৰ কৰা হৈছিল। ভিডিঅখনত স্পষ্টভাবে ডেভিড ৱাৰ্নাৰ আৰু পুষ্পাৰ নাম লোৱা শুনিব পৰা যায়। ভিডিঅত ৱাৰ্নাৰ পুষ্পা বোলছবিৰ নৃত্য কৰি থকা দেখা পোৱা যায়। আমি ভিডিঅৰ লগত মিল থকা ভিডিঅ ‘Natural vibes ‘ নামৰ ইউটিউব চেনেলত 27 অক্টোৱৰ 2023-ত আপলড হোৱা পালো। আমি এই কিৱাৰ্ডৰ জৰিয়তে গুগলত ছাৰ্ছ কৰিলোঁ। আমি ডেভিড ৱাৰ্নাৰৰ নাচ সন্দৰ্ভত বিভিন্ন খবৰ পালো। যত অনুগামীসকলৰ কথাত তেঁও পুষ্পা স্টাইলত নাচিছিল। তদন্তত পৰৱৰ্তী সময়ত আমি ভাইৰাল দাবি সন্দৰ্ভত তদন্ত কৰিলোঁ। যদি এনে কিবা ঘটনা ঘটিলে হেঁতেন, তেন্তে ইয়াৰ লগত যুক্ত সংবাদ শীৰ্ষত থাকিলে হয়, কিন্তু আমি এনে কোনো সংবাদ নাপালোঁ। অধিক তথ্যৰ বাবে আমি দৈনিক জাগৰণৰ খেল সংবাদদাতা অভিষেক ত্ৰিপাঠীৰ লগত যোগাযোগ কৰিলোঁ। তেঁও আমাক জঁনালে যে, “ভাইৰাল ভিডিঅ এডিট কৰা হয়। স্টেডিয়ামত এনে কোনো ধ্বনি দিয়া হোৱা নাছিল। মানুহে ৱাৰ্নাৰৰ নাচিবলৈ কৈছিল।“ ৱাৰ্ল্ড কাপৰ সময়চোৱাত সামাজিক মাধ্যমত বহুত ভুৱা আৰু ভ্ৰমাত্মক দাবি ভাইৰাল কৰা হৈছিল। আপোনালোকে বিশ্বাস নিউজৰ ওৱেবচাইটত ৱাৰ্ল্ড কাপৰ লগত যুক্ত সকলো ফেক্ট চেক পড়িব পাৰিব। শেষত আমি এডিট কৰা ভিডিঅ শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ প্ৰফাইল স্কেন কৰিলোঁ। ব্যৱহাৰকাৰীজনক 4 হাজাৰৰও অধিক মানুহে অনুসৰণ কৰে। প্ৰফাইলত থকা তথ্য মতে, ব্যৱহাৰকাৰীজন বেঙ্গালুৰুৰ বাসিন্দা। উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হোৱা ভিডিঅ এডিট কৰা ভিডিঅ হয়। আচল ভিডিঅখনত মানুহে ৱাৰ্নাৰক পুষ্পা বোলছবিৰ সংগীতত নাচিবলৈ কৈ আছিল। - Claim Review : ৱাৰ্ল্ড কাপ ফাইনেলত ডেভিড ৱাৰ্নাৰৰ সন্মুখত “জয় শ্ৰী ৰাম” ধ্বনি দিয়া হৈছিল। - Claimed By : ‘Rehan Fazal Sathbhitta’ - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.123 as of May 22 2025


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data]
OpenLink Virtuoso version 07.20.3241 as of May 22 2025, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 8 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2026 OpenLink Software