About: http://data.cimple.eu/claim-review/a3a3a0b9800cb3a88b53ff9d6d0ff0095c1ef0f3f80cccd0479dc0a9     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: ক্ৰিস্টেলাইজড বুক আৰ্টৱাৰ্ক-ক, গভীৰ সাগৰৰ পৰা উদ্ধাৰ হোৱা কোৰান বুলি দাবি কৰা হৈছে - By: Pallavi Mishra - Published: Oct 11, 2023 at 04:25 PM নতুন দিল্লি (বিশ্বাস নিউজ) এখন কিতাপৰ ছবি সামাজিক মাধ্যমত এই দাবিৰ সৈতে ভাইৰাল হৈ আছে যে, এয়া এনে এখন কোৰানৰ ছবি যি বহু বছৰ পানীৰ তলত আছিল যদিও আশ্চৰ্যজনক ভাবে ইয়াৰ লেখনি নষ্ট হোৱা নাই। এটা তদন্তৰ পিছত, আমি গম পালো যে দাবিটো অসত্য। ভাইৰাল ছবিত দেখা পোৱা কিতাপখন কোৰান নাইবা অইন কোনো ধৰ্মগ্ৰন্থ নহয়। এয়া এখন ক্ৰিস্টেলাইজড ডিকচনাৰি, এটা শিল্প কৰ্ম। ভাইৰাল ছবিচত কি আছে? এজন ফেচবুক ব্যৱহাৰকাৰী ‘আত্তে আনচাৰি‘, Join Muslim Princes Group‘ নামৰ এখন ফেচবুক পেজত চেপ্টেম্বৰ মাহৰ 24 তাৰিখে এই পোষ্টখন শ্বেয়াৰ কৰিছে। পোষ্টত দাবি কৰা হৈছে যে, “এই কোৰানখন গভীৰ সাগৰৰ বুকুত পোৱা গৈছে। এয়া বহু বছৰ পানীৰ তলত থকিও অক্ষত থাকিলে। বহু বছৰ সাগৰৰ তলত থাকিও কোৰান শৰিফ সুৰক্ষিত থাকিলে। কোৰানৰ বিশুদ্ধিকৰণৰ বাবে আপোনাৰ হৃদয়ৰ গভীৰৰ পৰা এবাৰ মাশা আল্লাহ লিখক..!” পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাব পাৰিব। তদন্ত আমি গুগল লেঞ্চৰ সহায়ত ৰিভাৰ্ছ ইমেজ ছাৰ্ছৰ মাধ্যমে আমাৰ তদন্ত আৰম্ভ কৰিলো। এই প্ৰক্ৰিয়াত আমি ‘Stuff You Can’t Have’ নামৰ এটা ব্লগৰ সন্ধান পালো, যিখন শিল্পী কেথৰিন মেকএভাৰৰ আছিল। ব্লগৰ লগত থকা তথ্য মতে, চৰ্চাত থকা ছবিখন এখন ক্ৰিস্টেলাইজড জাৰ্মান-ইংলিছ ডিকচনাৰি। ব্লগখনত এই ক্ৰিস্টেলাইজড ডিকচনাৰি প্ৰস্তুতি প্ৰক্ৰিয়া বিতং তথ্য দিয়া আছিল। এই তথ্যৰ সত্যতা জানিবলৈ, বিশ্বাস নিউজে, শিল্পী কেথৰিন মেকএভাৰৰ লগত ইমেইল যোগে যোগাযোগ কৰিলে আৰু তেঁওৰ লগত ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰিলে। তেঁও এয়া নিশ্চিত কৰিলে যে ছবিখন তেঁওৰ ব্লগৰ পৰা লোৱা আৰি এয়াৰ স্পষ্ট কৰিলে যে, এয়া এখন জাৰ্মান-এমেৰিকান ডিকচনাৰি, যিটো তেঁও ব’ৰেক্স নামৰ এটা ৰসায়নেৰে তৈয়াৰ কৰিছে। তেঁও এয়াও উল্লেখ কৰিলে যে, এই ডিকচনাৰিখন আনুমানিক পাঁচ বছৰ আগত বিক্ৰি হৈছে আৰু এই ছবিখনক লৈ ভুল তথ্য বিয়পাই দিয়া হৈছে। ইয়াৰ পিছত আমি ভ্ৰমাত্মক পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীজনৰ প্ৰফাইল স্কেন কৰিলো। ‘Join the Group of Muslim Princesses’ নামৰ পেজখনৰ 2.5 মিলিয়ন অনুসৰণকাৰী আছে। উপসংহাৰ: বিশ্বাস নিউজে এটা তদন্ত কৰিছে আৰু এয়া নিশ্চিত কৰিব পাৰে যে, দাবিটো ভিত্তিহীন। ভাইৰাল ছবিত দেখা পোৱা কিতাপখন কুৰাণ নাইবা অইন কোনো ধাৰ্মিক গ্ৰন্থৰ নহয়; এয়া এখন ক্ৰিস্টেলাইজড ডিকচনাৰি যি শিল্পী কেথৰিন মেকএভাৰ-এ প্ৰস্তুত কৰিছে। সেইহে এই গ্ৰন্থখনৰ কোনো ধাৰ্মিক সংযোগ থকা বুলি দাবি কৰা সকলো তথ্য ভুল। - Claim Review : গভীৰ সাগৰৰ বুকুৰ পৰা উদ্ধাৰ হোৱা কোৰানখন এতিয়াও অক্ষত আছে। - Claimed By : ফেচবুক ব্যৱহাৰকাৰী - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.123 as of May 22 2025


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data]
OpenLink Virtuoso version 07.20.3241 as of May 22 2025, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software