About: http://data.cimple.eu/claim-review/a6ac4dd913c1256e176d7ad09740d5400e8c9e9d9ae47f58acb9003e     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: ছিকিমৰ হিমস্খলনৰ ভিডিঅ’ ভাইৰেল হৈ আছে মানালি, অমৰনাথৰ বিষয়ে বিভ্ৰান্তিকৰ দাবীৰ সৈতে - By: Devika Mehta - Published: May 11, 2023 at 02:27 PM নতুন দিল্লী (বিশ্বাস নিউজ): ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে। তাত ইউজাৰসকলে এই দাবী কৰি আছে যে হিমাচল প্ৰদেশৰ কুলু-মানালিত হিমস্খলনৰ ঘটনা ঘটিছে আৰু “যি সকলে বৰফৰ তলত পৰি আছে তেওঁলোকক উদ্ধাৰ কৰাৰ কাম চলি আছে।” আন কিছুমানে সেই ভিডিঅ’ৰ ছবিবোৰক জম্মু আৰু কাশ্মীৰৰ অমৰনাথৰ বুলি দাবী কৰি আছে। বিশ্বাস নিউজে গম পাইছে যে এই দাবীসমূহ বিভ্ৰান্তিকৰ হয়। কিয়নো ভাইৰেল হোৱা ভিডিঅ’ৰ ছবিবোৰ ছিকিমত হোৱা হিমস্খলনৰ ঘটনাৰ হয়। 4 এপ্ৰিল, 2023-ত সংঘটিত সেই ঘটনাত সাতজন পৰ্যটকৰ মৃত্যু হৈছে আৰু তেওঁলোকে থকা গাড়ীবোৰ এতিয়া বৰফৰ তলত। বৰ্ডাৰ ৰোড অৰ্গানাইজেচন-ৰ মতে, গেংটক আৰু নাথুলা পাছক সংযুক্ত কৰা জৱাহৰলাল নেহৰু ৰোডত হিমস্খলনৰ ঘটনাটো সংঘটিত হৈছিল। দাবী: ফেচবুক ইউজাৰ সৰ্বজোত লোচনে জয় ডি-ৰ পোষ্ট শ্বেয়াৰ কৰি দাবী কৰিছে যে মানালি অঞ্চলত হিমস্খলনৰ প্ৰভাৱ (আৰ্কাইভ লিংক)। আন এটা ভিডিঅ’ দেখুৱাই আছে যে অমৰনাথত ডাঠ বৰফৰ তলৰপৰা বহুত মানুহক উদ্ধাৰ কৰা হৈ আছে। বহুত টুইটাৰ ইউজাৰেও একে দাবী শ্বেয়াৰ কৰি আছে। এই ভিডিঅ’ক লৈ কেইজনমানে অনুসন্ধান কৰাৰ কাৰণে আমাৰ হৱাটছ এপ টিপলাইন নম্বৰ +919599299372-ত যোগাযোগ কৰিছে। তদন্ত: কুলু-মানালি অঞ্চলত শেহতীয়া ভাৱে হিমস্খলনৰ কোনো ঘটনা সংঘটিত হৈছে নে নাই সেয়া জানিবলৈ বিশ্বাস নিউজে প্ৰথমতে গুগল অ’পেন ছাৰ্চ কৰি চাইছিল। তেনে এটা ঘটনা জানুৱাৰীত সংঘটিত হৈছিল বুলি বেলেগ কেইখনমান ছবি পোৱা গৈছে। তাৰ সলনি আমি বহু কেইখন শেহতীয়া ভিডিঅ’ৰ সন্ধান পাইছোঁ, যিবোৰ 4 এপ্ৰিলত হোৱা ছিকিমৰ ঘটনাৰ হয়। বিভিন্ন বাতৰিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে সেই ঘটনাবোৰ ছিকিমৰ হিমস্খলনৰ হয়। ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা বাতৰিৰ প্ৰতিবেদনতো সেই একে ছবি দিয়া হৈছিল। আন এজন ব্লগাৰেও 4 এপ্ৰিল 2023-ত একে ধৰণৰ ভিডিঅ’ আপলোড কৰিছে (অমৰনাথৰ ভিডিঅ’ বুলি প্ৰচাৰিত হোৱা)। তেওঁ নিজৰ সেই ভ্লগৰ নাম দিছে- ‘Road update heavy snowfall Changu Lake’ (ৰাস্তা সম্বন্ধীয় শেহতীয়া খবৰ, ছাংগু লেকত প্ৰবল তুষাৰপাত)। সেই ভিডিঅ’ৰ তলত বিভিন্ন ইউজাৰে নিজৰ-নিজৰ মন্তব্যত উল্লেখ কৰিছে যে এই কৰুণ ঘটনা সংঘটিত হৈছে ছাংগু লেকত। গুগল অ’পেন ছাৰ্চ কৰি থাকোঁতে আমি অল জজিৰাৰ এটা বাতৰিৰ সন্ধান পাইছিলোঁ। তাত ছাংগু লেকৰ ওচৰত হোৱা ছিকিমৰ হিমস্খলনৰ তথ্য উল্লেখ কৰা হৈছে। হিন্দুস্তান টাইমছতো এটা বাতৰি ওলাইছিল। তাতেও হিমস্খলন সম্বন্ধীয় একে ধৰণৰ ছবি দিয়া হৈছিল। যি হিমস্খলনৰ ফলত গেংটক আৰু নাথুলাক সংযোগ কৰা ৰাস্তাক ক্ষতিগ্ৰস্ত কৰিছে। ঘটনাটো সংঘটিত হৈছিল 4 এপ্ৰিল (মঙলবাৰ) দিনৰ 12:20 বজাত। বিশ্বাস নিউজে জাগৰণ-ৰ দ্বাৰা শ্বেয়াৰ কৰা ভাইৰেল ভিডিঅ’ৰ কেইখনমান কীফ্ৰেমৰ উপৰত InVid টুলৰ জৰিয়তে গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চাইছিল। নিউজ ছেঞ্চৰ মেনেজিং এডিটৰ জয়দীপ দাশ গুপ্তৰ লগত যোগাযোগ কৰাৰ পাছত তেওঁ এই তথ্যক সমৰ্থন কৰিছে। নিউজ ছেঞ্চ হ’ল স্বতন্ত্ৰ আৰু অপক্ষপাত বাতৰিৰ বাবে অভিন্ন ৰাজহুৱা সেৱাৰ এখন মঞ্চ। গেংটকৰ অতিৰিক্ত জিলা উপায়ুক্ত তেনজিং ডি ডেনজংপায়ো বিশ্বাস নিউজক নিশ্চিত কৰি কৈছে যে ভাইৰেল ভিডিঅ’ত থকা ছবিবোৰ ছিকিমৰ হিমস্খলনৰ হয়। যিজন ফেচবুক ইউজাৰে ভাইৰেল হোৱা দাবী শ্বেয়াৰ কৰিছে, তেওঁ নিজক ডিজিটেল ক্ৰিয়েটৰ বুলি পৰিচয় দিছে আৰু তেওঁৰ প্ৰায় 1,000 অনুসৰণকাৰী আছে। উপসংহাৰ: ছিকিমৰ নাথুলা সীমা অঞ্চলত 4 এপ্ৰিল, 2023-ত ডাঙৰ এটা হিমস্খলনৰ ঘটনা সংঘটিত হৈছিল। সেই ঘটনাত প্ৰায় সাতজনৰ মৃত্যু হৈছে। সেই ঘটনাৰ ভিডিঅ’বোৰক এই বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে যে এইবোৰ কুলু-মানালি (হিমাচল) বা অমৰনাথ (জম্মু-কাশ্মীৰ) অঞ্চলৰ ছবি হয়। - Claim Review : হিমাচল প্ৰদেশৰ কুলু-মানালি অঞ্চলত হিমস্খলনৰ ঘটনা সংঘটিত হৈছে। - Claimed By : Fb user: Sarvjot Locham - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software