Facets (new session)
Description
Metadata
Settings
owl:sameAs
Inference Rule:
asEquivalent
b3s
b3sifp
facets
http://www.w3.org/2002/07/owl#
ldp
oplweb
skos-trans
virtrdf-label
virtrdf-url
None
About:
http://data.cimple.eu/claim-review/b45a586958b2ca0117fa6f48dcdff3ad3bd252315cb63d0a1efb185a
Goto
Sponge
NotDistinct
Permalink
An Entity of Type :
schema:ClaimReview
, within Data Space :
data.cimple.eu
associated with source
document(s)
Type:
schema:ClaimReview
New Facet based on Instances of this Class
Attributes
Values
rdf:type
schema:ClaimReview
http://data.cimple...lizedReviewRating
not verifiable
schema:url
http://www.logicallyfacts.com/as/fact-check/ld-image-shared-as-cracks-on-statue-of-unity-ass/
schema:text
লেখক: ৰজনী কে জি ছেপ্তেম্বৰ 11 2024 এইখন এতিয়াৰ ফটো নহয়, ২০১৮ চনত ষ্টেচু অৱ ইউনিটিৰ নিৰ্মাণকাৰ্য চলি সময়তে তোলা ফটো হয়। কি দাবী কৰা হৈছে? গুজৰাটৰ ষ্টেচু অৱ ইউনিটিৰ তলৰ অংশত নিৰ্মাণকাৰ্য চলি থকা দেখুওৱা এখন ফটো শ্বেয়াৰ কৰি একাধিক লোকে ছ’চিয়েল মিডিয়াত মূৰ্তিটোত ফাট মেলা বুলি দাবী কৰাৰ লগতে যিকোনো সময়তে এইটো খহি পৰিব পাৰে বুলি উল্লেখ কৰিছে। স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিত গুজৰাটৰ নৰ্মদা নদীৰ পাৰত ষ্টেচু অৱ ইউনিটি নিৰ্মণ কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ ৩১ অক্টোবৰত এই প্ৰতিমূৰ্তি উদ্বোধন কৰিছিল। এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে ফটোখন শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) কেপচনত লিখিছে: "যিকোনো সময়তে ভাঙি পৰিব পাৰে। ফাট ওলাবলৈ আৰম্ভ কৰিছে (হিন্দীৰ পৰা অনুবাদ কৰা হৈছে)।" পোষ্টটোত ষ্টেচু অৱ ইউনিটিৰ দুখন ফটো আছে; এখনত মূৰ্তিটোৰ এৰিয়েল ভিউ দেখুওৱা হৈছে, আৰু আনখনত মূৰ্তিটোৰ ভৰিৰ ওচৰত নিৰ্মাণৰ দৃশ্য দেখুওৱা হৈছে। এই ফেক্ট-চেকটো লিখাৰ সময়লৈকে পোষ্টটোৱে ৮৪০০ লাইক আৰু ২১০০ ৰিপোষ্ট লাভ কৰিছে। একে ধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব। একেধৰণৰ দাবীৰে এগৰাকী অসমীয়া ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখন শ্বেয়াৰ কৰিছে, ইয়াত আৰ্কাইভ কৰা হৈছে। ছচিয়েল মিডিয়াত প্ৰচাৰিত পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) অৱশ্যে এই দাবীটো মিছা। এইখন ফটো মূৰ্তিটো উদ্বোধনৰ পূৰ্বে ইয়াৰ নিৰ্মাণকাৰ্য চলি থকা সময়ৰ হয়। প্ৰকৃত তথ্য ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০১৮ চনৰ ৩১ অক্টোবৰত নিউয়ৰ্ক টাইমছত প্ৰকাশিত এটা প্ৰতিবেদনত এখন একেধৰণৰ ফটো লাভ কৰোঁ। এই ফটোখনৰ কৃতিত্ব ইউৰোপৰ প্ৰেছফটো এজেন্সীৰ (ইপিএ)ৰ ফটোগ্ৰাফাৰ দিব্যকান্ত সোলংকিক দিয়া হৈছে। আমি সোলাংকিয়ে কেমেৰাত বন্দী কৰা মূল ফটোখন ইপিএ ইমেজ-ৰ ৱেবছাইটত লাভ কৰোঁ, তাৰিখ ১৮ অক্টোবৰ, ২০১৮। ফটোখনৰ বিৱৰণত লিখা আছে, "২০১৮ চনৰ ১৮ অক্টোবৰত ভাৰতৰ আহমেদাবাদৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত কেভাদিয়াত চৰ্দাৰ বল্লভভাই পেটেলক চিত্ৰায়ন কৰা "ষ্টেচু অৱ ইউনিটি"ৰ নিৰ্মাণ স্থানত ভাৰতীয় শ্ৰমিকসকল।’’ ষ্টেচু অৱ ইউনিটিৰ ফটোৰ স্ক্ৰীণশ্বট। (উৎস: ইপিএ) দ্য এলএ টাইমছ আৰু বিবিচি নিউজ হিন্দীয়ে একেখন ছবি প্ৰকাশ কৰি ইপিএক কৃতিত্ব দিছিল। ভাইৰেল ফটোখনত দেখা গৈছে যে শ্ৰমিকসকলে উদ্বোধনৰ পূৰ্বে একেবাৰে শেষৰ কামখিনি কৰি মূৰ্তিটোৰ ভৰিৰ অংশখিনি নিজ নিজ স্থানত ৰাখিছে। ইণ্ডিয়া টুডেৰ ভিডিঅ’ প্ৰতিবেদনত ২০১৮ চনত উদ্বোধনৰ দিনটোত ভৰিৰ কোনো ফাট দেখা পোৱা নাযায়। তদুপৰি যোৱা আগষ্টত ষ্টেচু অৱ ইউনিটিৰ ভেৰিফাইড ফেচবুক একাউণ্টত এখন শেহতীয়া ফটো শ্বেয়াৰ কৰা হৈছিল য’তলমূৰ্তিটোত কোনোধৰণৰ ফাট ওলোৱা দেখিবলৈ পোৱা নাযায়। ২০২৪ চনৰ ২৬ আগষ্টত ধাৰাসাৰ বৰষুণৰ ফলত মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গ জিলাৰ ৰাজকোট দুৰ্গত অৱস্থিত মাৰাঠা শাসক ছত্ৰপতি শিৱাজীৰ প্ৰতিমূৰ্তি ভাঙি পৰাৰ পিছতে এই দাবীটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ৪ ডিচেম্বৰত ৩৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উদ্বোধন কৰিছিল। ভাৰতীয় নৌসেনা আৰু কাৰিকৰী বিশেষজ্ঞসকলে ঘটনাৰ তদন্ত কৰি আছে। দ্য হিন্দুত প্ৰকাশিত বাতৰি অনুসৰি, ভাস্কৰ্যশিল্পী তথা ঠিকাদাৰ জয়দীপ আপ্তেক গ্ৰেপ্তাৰ কৰা হৈছে। সিদ্ধান্ত ২০১৮ চনত ষ্টেচু অৱ ইউনিটিৰ নিৰ্মাণ চলি থকা সময়ত বন্দী কৰা এখন ফটো, মূৰ্তিটোত শেহতীয়াকৈ ফাট ওলোৱা দৃশ্য বুলি মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে। (অনুবাদ: চন্দন বৰগোহাঁই)
schema:reviewRating
[মিছা]
schema:author
logically-facts
schema:datePublished
2024-09-11
(
xsd:date
)
schema:inLanguage
English
schema:itemReviewed
http://data.cimple.eu/claim/64c91a3cdfb3cc51b7d0f5f31094c8fdbf8c2a05fecaffccdc75d9d2
Faceted Search & Find service v1.16.115 as of Oct 09 2023
Alternative Linked Data Documents:
ODE
Content Formats:
RDF
ODATA
Microdata
About
OpenLink Virtuoso
version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software