About: http://data.cimple.eu/claim-review/b50b51978ed4ec01ab7cc7197b6bb7bbfc2a4376cf0ca9a61c61e44a     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: কাইলৈ দিল্লি গুৰুদ্বাৰৰ বিনামূলীয়া ডায়ালিছিছ চেণ্টাৰ উদ্বোধনৰ দিন নহয়, এয়া ইতিমধ্যে চলিয়ে আছে - By: Devika Mehta - Published: Apr 24, 2023 at 02:57 PM - Updated: Apr 24, 2023 at 03:00 PM নতুন দিল্লী (বিশ্বাস নিউজ): ছ’চিয়েল মিডিয়াৰ বিভিন্ন ইউজাৰসকলে এটা বাতৰিৰ চেনেলৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। সেই বাতৰিত কোৱা হৈছে যে, যি সকলে বিনামূলীয়াকৈ কিডনী ডায়ালিছিছৰ চিকিৎসা কৰাব বিচাৰে, তেওঁলোকৰ বাবে দিল্লীৰ গুৰুদ্বাৰ বালা ছাহিবত গুৰু হৰকৃষণ ইনষ্টিটিউট অৱ মেডিকেল ছাইঞ্চেছ এণ্ড ৰিছাৰ্চ-ৰ নতুন ব্লকৰ “উদ্বোধন হ’ব কাইলৈ”। অৱশ্যে, বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে ভাইৰেল হোৱা পোষ্টটো বিভ্ৰান্তিকৰ হয়। কিয়নো সেই চেণ্টাৰখনৰ উদ্বোধন 2021-ৰ মাৰ্চতে হৈ গৈছিল আৰু তেতিয়াৰপৰা সেইখন চলি আছে। এতিয়া যিটো ভিডিঅ’ ভাইৰেল হৈ আছে, সেয়াও সেই 2021 চনৰ হে হয়। ছৰাই কালে খানৰ গুৰুদ্বাৰত দিল্লী শিখ গুৰুদ্বাৰ মেনেজমেণ্ট কমিটি (DSGMC)-ৰ দ্বাৰা প্ৰতিষ্ঠাপিত 100 শয্যা বিশিষ্ট এই ডায়ালিছিছ চেণ্টাৰ ভাৰতৰ বৃহত্তম ডায়ালিছিছ চেণ্টাৰ হয় বুলি কোৱা হয়। দাবী: ফেচবুক ইউজাৰ ময়ংক শ্ৰীবাস্তৱে ভাইৰেল ভিডিঅ’ পোষ্ট এটাক (আৰ্কাইভ লিংক) পুনৰ শ্বেয়াৰ কৰিছে। তাত উল্লেখ কৰা হৈছে, “আটাইবোৰ গ্ৰুপত এইটো প্ৰেৰণ কৰা হওক, এয়া দৰকাৰী পোষ্ট হয়। আপোনালোকে যি-যি গ্ৰুপৰ লগত যুক্ত হৈ আছে সেই আটাইবোৰত এইটোক প্ৰেৰণ কৰি দিয়ক। আপোনালোকলৈ এয়া প্ৰেৰণ কৰাৰ অনুৰোধ জনোৱাৰ কাৰণ, বহুত মানুহে ইয়াৰপৰা উপকৃত হ’ব! কাইলৈ এই কিডনী ডায়ালিছিছ চেণ্টাৰৰ উদ্বোধন হ’ব।” উদ্বোধন হ’ব বুলি কোৱা একে ধৰণৰ আৰু কিছুমান পোষ্ট যেনে ইণ্ডিয়া টিভি-ৰ ভিডিঅ’ থকা পোষ্ট অন্যান্য বিভিন্ন ইউজাৰে পুনৰ শ্বেয়াৰ কৰিছে ফেচবুক আৰু হৱাটছ এপ-ত। তদন্ত: ভাইৰেল ভিডিঅ’ৰ প্ৰথম কেই ছেকেণ্ডত সঞ্চালকৰ কণ্ঠত শুনিবলৈ পোৱা গৈছে যে, “কাইলৈ” ডায়ালিছিছ চেণ্টাৰখনৰ উদ্বোধন হ’ব। প্ৰথমতে, বিশ্বাস নিউজে ভিডিঅ’টোক INVID কীফ্ৰেমছৰ সহায়ত বিশ্লেষণ কৰাৰ পাছত গম পাইছে যে ইণ্ডিয়া টিভি-ৰ এই বাতৰি আৰু ভিডিঅ’ পুৰণি হয়, এয়া 2021-ৰ মাৰ্চৰ। এই ভিডিঅ’ত মনজিন্দৰ সিঙ ছিৰছা, দিল্লী শিখ গুৰুদ্বাৰ কমিটি মেনেজমেণ্ট-ৰ সদস্য কৈ আছে, “এই হস্পিটেল প্ৰতিষ্ঠা কৰাৰ কাৰণ হ’ল, আমি ৰোগীসকলৰপৰা কোনো টকা-পইচা নলওঁ। আমি বহু মানুহৰপৰা দান-বৰঙণি পাই আছোঁ। কিছুমান মানুহে ভাবে যে তেওঁলোকে আন মানুহক সহায়তা কৰিব লাগে। কৰ্পোৰেট হাউজবিলাক আগুৱাই আহি আছে… তেওঁলোকে CSR (কৰ্পোৰেট সামাজিক দায়বদ্ধতা)-ৰ জৰিয়তে পুঁজি আগবঢ়াই আছে। সেয়ে, আমি ৰোগীসকলৰপৰা কোনো টকা নলওঁ।” আমি এয়া প্ৰতিষ্ঠা কৰিছোঁ কাৰণ 30 শতাংশৰো অধিক কিডনী ৰোগীয়ে চিকিৎসা সুবিধাৰপৰা বঞ্চিত হৈ আছে। এওঁলোকৰ ভিতৰতে কিছুমান দুখীয়া হয়, আৰু কিছুমানে চিকিৎসাৰ নামত খৰচ কৰিবলৈ গৈ নিজৰ সকলো সম্পত্তি বিক্ৰী কৰি পেলাইছে।” বিশ্বাস নিউজে এজন বিজেপি নেতাৰ টুইট এটাও পাইছে। তেওঁ 7 মাৰ্চ, 2021-ত সেইটো পোষ্ট কৰিছিলে, তেতিয়া তেওঁ শিৰোমণি অকালি দল (SAD)-ৰ সৈতে যুক্ত আছিলে। তদন্তক অধিক আগুৱাই লৈ যাওঁতে ফেচবুক পেজত আমি দিল্লীৰ এখন প্ৰখ্যাত শিখ উপাসনালয় গুৰুদ্বাৰ বাংলা ছাহিবৰ এটা পোষ্টৰ সন্ধান পাইছোঁ। সেইটো 6 মাৰ্চ, 2021-ত পোষ্ট কৰা হৈছিল। তাত এটা ভিডিঅ’ত মনজিন্দৰ সিঙ ছিৰছাই উক্ত কেন্দ্ৰৰ কথা কোৱা শুনি পোৱা হৈ আছে। তাত এই কেপচন দিয়া আছে: “ভাৰতৰ বৃহত্তম কিডনী ডায়ালিছিছ হস্পিটেলত কোনো বিলিং কাউণ্টাৰ নাই। এয়া ভাৰতৰ এনেকুৱা এখন কিডনী ডায়ালিছিছ হস্পিটেল হয়, যি প্ৰযুক্তিৰ ক্ষেত্ৰত সকলৰ তুলনাত অধিক মাত্ৰাত আগুৱাই আছে। ইয়াত সকলো ৰোগীক বিনামূলীয়া সেৱা প্ৰদান কৰা হৈ থাকে। গুৰু কা লংগৰৰো ব্যৱস্থা আছে।” ভাইৰেল পোষ্টৰ সত্যতা পৰীক্ষা কৰি চোৱাৰ কাৰণে আমি সেই চেণ্টাৰৰ মেডিকেল ডিৰেক্টৰ ডা০ বেংকটেশ আৰ-ৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ এয়া নিশ্চিত কৰি কৈছে, “এই হস্পিটেলখনৰ উদ্বোধন 7 মাৰ্চ, 2021-ত হৈছিল।” যিজন ইউজাৰে ভাইৰেল পোষ্ট শ্বেয়াৰ কৰিছিলে তেওঁৰ ছ’চিয়েল মিডিয়া স্কেন কৰি গম পোৱা গৈছে যে, তেওঁ হাইদ্ৰাবাদত থাকে আৰু দিল্লী বিশ্ববিদ্যালয়ত পঢ়াশুনা কৰিছিলে। উপসংহাৰ: দিল্লীৰ গুৰুদ্বাৰ বালা ছাহিবত গুৰু হৰকৃষণ ইনষ্টিটিউট অৱ মেডিকেল ছাইঞ্চেছ এণ্ড ৰিছাৰ্চৰ নতুন কিডনী ডায়ালিছিছ চেণ্টাৰখন 2021-ৰ মাৰ্চত উদ্বোধন হৈছিল। ইণ্ডিয়া টিভি-ৰ বাতৰিত সঠিক তথ্য হে আছে যে এই হস্পিটেলখনৰ উদ্বোধন 2021-ত হৈছিল। কিন্তু ছ’চিয়েল মিডিয়াৰ ইউজাৰসকলে সেই বাতৰিৰ ভিডিঅ’ক পুনৰ শ্বেয়াৰ কৰি এই দাবী কৰি আছে যে, চেণ্টাৰখনৰ “উদ্বোধন হ’ব কাইলৈ”। গতিকে, এই দাবী বিভ্ৰান্তিকৰ হয়। - Claim Review : দিল্লী গুৰুদ্বাৰৰ বিনামূলীয়া ডায়ালিছিছ চেণ্টাৰৰ উদ্বোধন হ’ব কাইলৈ - Claimed By : Fb user: Mayak Srivastava - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.123 as of May 22 2025


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data]
OpenLink Virtuoso version 07.20.3241 as of May 22 2025, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 8 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2026 OpenLink Software