About: http://data.cimple.eu/claim-review/bdb76c92d0652a72d26de60f1533fb1a5fe7fa22466e2f26365eb397     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: কৰ্ণাটকৰ উডুপি জিলাৰ বাটৰ দুৰৱস্থাৰ ভিডিঅ’ক গুজৰাতৰ নামত শ্বেয়াৰ কৰা হৈ আছে বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল ভিডিঅ’টো কৰ্ণাটকৰ হয়। আচলতে, কৰ্ণাটকৰ উডুপি জিলাৰ কেইজনমান শিল্পীয়ে বাটৰ দুৰৱস্থাৰ ফালে মনোযোগ আকৰ্ষণ কৰাৰ বাবে এনেকুৱা কৰিছিলে আৰু সেই ভিডিঅ’টোকে গুজৰাতৰ বুলি শ্বেয়াৰ কৰা হৈ আছে। এই ভিডিঅ’ৰ লগত গুজৰাতৰ কোনো সম্বন্ধ নাই। - By: Jyoti Kumari - Published: Sep 6, 2024 at 05:28 PM নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ তীব্ৰ গতিত ভাইৰেল হৈ আছে। তাত এজন ব্যক্তিক যম ৰজা আৰু এজন ব্যক্তিক চিত্ৰগুপ্তৰ ৰূপত দেখা পোৱা গৈ আছে। ভিডিঅ’টোত আন কিছুমান মানুহক ভূতৰ বেশত দেখা পোৱা গৈ আছে। কিছুমান মানুহে এই ভিডিঅ’ শ্বেয়াৰ কৰি এই দাবী কৰি আছে যে, এয়া গুজৰাতৰ ভিডিঅ’ হয়। বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল ভিডিঅ’টো কৰ্ণাটকৰ হয়। আচলতে, কৰ্ণাটকৰ উডুপি জিলাৰ কেইজনমান শিল্পীয়ে বাটৰ দুৰৱস্থাৰ ফালে মনোযোগ আকৰ্ষণ কৰাৰ বাবে এনেকুৱা কৰিছিলে আৰু সেই ভিডিঅ’টোকে গুজৰাতৰ বুলি শ্বেয়াৰ কৰা হৈ আছে। এই ভিডিঅ’ৰ লগত গুজৰাতৰ কোনো সম্বন্ধ নাই। ভাইৰেল পোষ্টত কি আছে? ফেচবুক পেজ দি পলিটিকেল পংগা 30 আগষ্টত ভিডিঅ’টো পোষ্ট কৰি লিখিছিল, “স্পেচ টেকনোলজী’ ব্যৱহাৰ কৰি বনোৱা বাট!” ভিডিঅ’ৰ উপৰত গুজৰাত লিখা আছে। আন বহু কেইজন ইউজাৰেও একে দাবীৰ সৈতে ভিডিঅ’টো শ্বেয়াৰ কৰিছে। পোষ্টৰ আৰ্কাইভ লিংক ইয়াত চাব পৰা যাব। তদন্ত ভাইৰেল ভিডিঅ’ৰ তদন্ত কৰাৰ কাৰণে আমি প্ৰাসংগিক কি-ৱৰ্ড ব্যৱহাৰ কৰি গুগল-ত ছাৰ্চ কৰিছিলোঁ। তেতিয়া দেখা পালোঁ, Kanak News-ৰ অফিচিয়েল ইউটিউব চেনেলত ভিডিঅ’টো আপল’ড হৈ আছে। 28 আগষ্ট 2024-ত ভিডিঅ’টোক আপল’ড কৰা হৈছিল। ভিডিঅ’টোৰ লগত থকা তথ্য অনুসৰি, “যম ৰজা আৰু চিত্ৰগুপ্তৰ এই ভিডিঅ’ কৰ্ণাটকৰ হয়।” ছাৰ্চ কৰি থাকোঁতে আমি ভিডিঅ’টোৰ লগত যুক্ত ৰিপ’ৰ্ট জি নিউজ-ৰ ইউটিউব চেনেল-তো পাইছোঁ। 28 আগষ্ট 2024-ত আপল’ড হোৱা ভিডিঅ’ত কোৱা হৈছে যে, যম ৰজা আৰু চিত্ৰগুপ্তৰ বেশভূষা পিন্ধি থকা ব্যক্তিসকলৰ এই ভিডিঅ’ কৰ্ণাটকৰ উডুপিৰ হয়। ছাৰ্চ কৰি থাকোঁতে আমি daijiworld.com-ৰ ৱেবছাইট-তো ভিডিঅ’টোৰ লগত যুক্ত বাতৰিৰ সন্ধান পাইছিলোঁ। 28 আগষ্ট 2024-ত প্ৰকাশ পোৱা বাতৰিত কোৱা হৈছে যে, ভিডিঅ’ত যিজন শিল্পীক দেখা পোৱা গৈ আছে তেওঁৰ নাম অজয় কুৰকালু হয়। অজয় আৰু তেওঁৰ টীমে অনন্য ভাৱে বাটৰ দুৰৱস্থাৰ বিষয়ে ৰাইজক সজাগ কৰিছিলে। ভিডিঅ’টোৰ লগত যুক্ত অন্যান্য বাতৰি ইয়াত চাব পৰা যাব। ভিডিঅ’টোৰ বিষয়ে আমি গুজৰাত দৈনিক জাগৰণৰ এছ’চিয়েট এডিটৰ জীৱন কপুৰিয়াৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে, “ভিডিঅ’টো গুজৰাতৰ নহয়।” উল্লেখনীয় যে, কিছু দিন আগতে গুজৰাতত ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত হোৱা বানপানীত মানুহৰ জীৱনত বিশৃংখলা নামি আহিছে আৰু তেওঁলোকে বহুত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈ আছে। সদৌ শেষত আমি সেই পেজটোক স্কেন কৰি চাইছোঁ য’ত ভিডিঅ’টোক শ্বেয়াৰ কৰা হৈছিল। এই পেজক 77 হেজাৰ মানুহে ফলো কৰি থাকে। উপসংহাৰ: বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল ভিডিঅ’টোৰ লগত গুজৰাতৰ কোনো সম্বন্ধ নাই। ভাইৰেল ভিডিঅ’টো আচলতে কৰ্ণাটকৰ উডুপি জিলাৰ হয়, কেইজনমান শিল্পীয়ে সজাগতা প্ৰচাৰৰ উদ্দেশ্যত সেই ভিডিঅ’টো প্ৰচাৰ কৰিছিলে। সেই ভিডিঅ’টোক হে গুজৰাতৰ বুলি কৈ মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। - Claim Review : ভাইৰেল ভিডিঅ’ গুজৰাতৰ হয়। - Claimed By : फेसबुक पेज -The पोलिटिकल पंगा - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.123 as of May 22 2025


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data]
OpenLink Virtuoso version 07.20.3241 as of May 22 2025, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 8 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2026 OpenLink Software