schema:text
| - Fact Check: ছবিত দেখা মহিলা ফেঞ্চাৰ, নাদা হাফিজ ভাৰতীয় নহয়, ভুৱা দাবী ভাইৰাল
বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ছবিত দেখা ফেঞ্চাৰ জন নাদা হাফিজ, যিজন ইজিপ্তৰ খেলুৱৈ, ভাৰতৰ নহয়। যদিও এইটো সঁচা যে, হাফিজে সাত মাহৰ গৰ্ভৱতী অৱস্থাত 2024 চনৰ অলিম্পিকত অংশগ্ৰহণ কৰিছিল, কিন্তু ইভেন্টৰ সময়ত তেঁও পদক লাভ কৰা নাছিল।
By: Pallavi Mishra
-
Published: Feb 6, 2025 at 05:33 PM
-
নতুন দিল্লী(বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এগৰাকী ফেঞ্চাৰৰ ছবি এই দাবীৰ সৈতে ভাইৰাল হৈ আছে যে, তেঁও এগৰাকী ভাৰতীয় খেলুৱৈ যিজনে সাত মাহৰ গৰ্ভৱতী অৱস্থাতও সোনৰ পদক অৰ্জন কৰিলে।
বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ছবিত দেখা ফেঞ্চাৰ জন নাদা হাফিজ, যিজন ইজিপ্তৰ খেলুৱৈ, ভাৰতৰ নহয়। যদিও এইটো সঁচা যে, হাফিজে সাত মাহৰ গৰ্ভৱতী অৱস্থাত 2024 চনৰ অলিম্পিকত অংশগ্ৰহণ কৰিছিল, কিন্তু ইভেন্টৰ সময়ত তেঁও পদক লাভ কৰা নাছিল।
ভাইৰাল পোষ্টত কি আছে?
জানুয়াৰিৰ 13 তাৰিখৰ দিনা ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী writer.sakshi_ -এ, ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছিল যে, “সাত পাহৰ গৰ্ভৱতী হৈ তেঁও আমাৰ দেশৰ বাবে সোনৰ পদক অৰ্জন কৰিছে।”
পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক
তদন্ত
তদন্তৰ আৰম্ভণীত, আমি এই ছবিখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্ছ কৰিলোঁ। এই ছবিৰ জৰিয়তে আমি এনে বহুত তথ্য লাভ কৰিলোঁ, যাৰ মাধ্যমে এই মহিলা গৰাকীক ইজিপ্তৰ ফেঞ্চাৰ নাদা হাফিজ বুলি চিনাক্ত কৰিব পাৰি। এই তথ্য সমূহৰ মতে, তেঁও যেতিয়া 2024 চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিল তেতিয়া তেঁও সাত মাহৰ গৰ্ভৱতী আছিল।Times Of India’s -ৰ ৱেবচাইটত 5 আগষ্ট 2024-ত প্ৰকাশিত প্ৰতিবেদন মতে, “দৃঢ়তা আৰু এথলেটিক্সৰ উল্লেখযোগ্য প্ৰদৰ্শনত দুগৰাকী অলিম্পিয়ানে পেৰিছ খেলত গৰ্ভৱতী অৱস্থাত প্ৰতিযোগীতাত অংশগ্ৰহণ কৰা বুলি প্ৰকাশ কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে আৰু প্ৰশংসা ভুটুলিবলৈ সক্ষম হয়। ইজিপ্তৰ নাদা হাফিজে এই তথ্য ফাদিল কৰে যে, তেঁও খেলৰ সময়ত সাত মাহৰ গৰ্ভৱতী আছিল আৰু আজেৰবাইজানি-ৰ তীৰন্দাজ ইয়েলাগুল ৰামাজানভায় জনায় যে, তেঁও সাড়ে ছয় মাহৰ গৰ্ভৱতী অৱস্থাত খেলত অংশগ্ৰহণ কৰিছিল, দুয়োজনে উল্লেখযোগ্য মাইল খুঁটি অৰ্জন কৰিছিল।”
আমি Nada Hafez’s Instagram-ৰ 29 জুলাই 2024-ৰ পোষ্টও লাভ কৰিছো, য’ত তেঁও জঁনাইছে যে, অলিম্পিকত অংশগ্ৰহণ কৰাৰ সময়ত তেঁও গৰ্ভৱতী আছিল।
এই পোষ্টটোত তেঁওৰ নিজৰ ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছে যে, প’ডিয়ামত দুজন খেলুৱৈ হিচাপে আপোনালোকে যি দেখিছে, তেঁওলোক আচলতে তিনিজন আছিল! সেয়া আছিল মই, মোৰ প্ৰতিযোগী, পৃথিৱীলৈ আহিবলগীয়া আমাৰ আগন্তুক শিশু! মই আৰু মোৰ শিশু দুয়োজনে প্ৰত্যাহ্বানৰ সম অংশীদাৰ আছিলো, শাৰীৰিক আৰু আৱেগিক দুয়োটা দিশতে। গৰ্ভাৱস্থাৰ ৰোলাৰকোষ্টাৰটো নিজাববীয়াকৈ কঠিন, কিন্তু জীৱন আৰু ক্ৰীড়াৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ যুঁজিবলগীয়া হোৱাটো আছিল। এই পোষ্টটো মই এয়া কবলৈ লিখিব ওলাইছো যে, 16তম ৰাউণ্ডৰ মোৰ স্থান নিশ্চিত কৰাৰ বাবে মোৰ অন্তৰ গৌৰৱেৰে ভৰি পৰিছে। মই ভাগ্যবান যে, মোৰ স্বামী @ibrahimihab11 আৰু মোৰ পৰিয়ালে মোৰ ওপৰত আস্থা ৰাখিছে, যাৰ ফলত ইমান দুৰলৈ অহাটো সম্ভৱ হৈছে। এই নিৰ্দিষ্ট অলিম্পিকটো বেলেগ আছিল, তিনিবাৰ কেৱল *অলিম্পিয়ান*, কিন্তু এইবাৰ এজন সৰু অলিম্পিয়ানকও লৈ ফুৰিছো!!”
নাদা হাফিজে তেঁওৰ কন্য সন্তান জন্ম হোৱাৰ তথ্যও 14 অক্টোৱৰ, 2024-ৰ এটা পোষ্টত জঁনাইছিল।
Olympics’ official website বিছৰাৰ পিছত, আমি গম পালো যে, নাদা হাফিজে কোনো পদক লাভ কৰা নাছিল।
অধিক তথ্যৰ বাবে, আমি দৈনিক জাগৰণৰ খেল সম্পাদক অভিষেক ত্ৰিপাঠিৰ লগত যোগাযোগ কৰিলোঁ, যিজনে আমাক নিশ্চিত কৰিলে যে, ছবিত দেখা মহিলা গৰাকী ইজিপ্তৰ ফেঞ্চাৰ নাদা হাফিজ। যদিও এয়া সত্য যে, 2024-ৰ অলিম্পিকত অংশগ্ৰহণ কৰাৰ সময়ত তেঁও সাত মাহৰ গৰ্ভৱতী আছিল, সেই সময়ত তেঁও কোনো পদক লাভ কৰা নাছিল।
ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী writer.sakshi_, যিজনে ভুল তথ্যৰ সৈতে ছবিখন শ্বেয়াৰ কৰিছিল, তেঁওৰ 22000-ৰও অধিক অনুসৰণকাৰী আছে।
সামৰণী: ভাইৰাল ছবিত দেখা ফেঞ্চাৰ নাদা হাফিজ ইজিপ্তৰ খেলুৱৈ, ভাৰতৰ নহয়। অলিম্পিকত অংশগ্ৰহণ কৰাৰ সময়ত তেঁও সাত মাহৰ গৰ্ভৱতী আছিল, সেই সময়ত তেঁও কোনো পদক লাভ কৰা নাছিল।
Claim Review : সাত মাহৰ গৰ্ভৱতী অৱস্থাত ভাৰতীয় অলিম্পিয়ানে স্বৰ্ণ পদক লাভ কৰিলে।
-
Claimed By : ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী writer.sakshi_
-
Fact Check : False
-
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
|