About: http://data.cimple.eu/claim-review/c8083c22636da7e4c5d5887267c517909568ad0a55dbe09f2516053a     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • লেখক: প্ৰভানু দাস অক্টোবৰ 11 2024 ভিডিঅ'টোত অভিনেত্ৰী মিষ্টি সুবাসক বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ জন্মদিনত ৰাজহুৱাভাৱে কেক কটাৰ বাবে এইদৰে হাৰাশাস্তি কৰা দেখা গৈছে। কি দাবী কৰা হৈছে? ছ’চিয়েল মিডিয়াত একাধিক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ ২০ ছেকেণ্ডৰ শ্বেয়াৰ কৰিছে য’ত এখন ৰিক্সাত উঠি গৈ থকা এগৰাকী মহিলাক এদল সৰু ল’ৰাই হাৰাশাস্তি কৰা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি বাংলাদেশত আমেৰিকাৰ এগৰাকী মহিলাক হিজাব বা বোৰ্খা পৰিধান নকৰাৰ বাবে ৰাস্তাত এইদৰে ব্যতিব্যস্ত কৰা হৈছে বুলি দাবী কৰা হৈছে। ভাইৰেল ভিডিঅ’টোত মহিলাগৰাকীয়ে এখন হাতত এটা কে’ক লৈ কাৰোবাক ফোন কৰিবলৈ চেষ্টা কৰি থকাৰ সময়ত কেইজনমান ল’ৰাই তেওঁক হাৰাশাস্তি কৰি কৰা দেখা গৈছে। পিছত তেওঁক ৰিক্সাৰ পৰা নামি তাৰ পৰা আঁতৰি যোৱা দেখা যায় আৰু ভিডিঅ’ তাতে অন্ত পৰে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব৷ ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) অৱশ্যে আমি জানিব পাৰিলোঁ যে ভিডিঅ’টোত থকা মহিলাগৰাকী হৈছে বাংলাদেশৰ অভিনেত্ৰী মিষ্টি সুবাস। ঢাকাত ৰাজহুৱাভাৱে কেক কাটি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ জন্মদিন উদযাপন কৰাৰ বাবে তেওঁক এইদেৰ হাৰাশাস্তি কৰা হৈছিল। আমি কি বিচাৰি পালোঁ? ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি লোকমত টাইমছে প্ৰকাশ কৰা এটা প্ৰতিবেদন (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। উক্ত প্ৰতিবেদনটোৰ মতে ভিডিঅ’টোত দেখা মহিলাগৰাকী হৈছে মিষ্টি সুবাস, তেওঁ হাছিনাৰ এগৰাকী সমৰ্থক আৰু ঢাকাত ৰাজহুৱাভাৱে ৰাজনীতিবিদগৰাকীৰ জন্মদিন উদযাপন কৰাৰ পিছত তেওঁ এইদৰে হাৰাশাস্তিৰ সন্মুখীন হৈছিল। আমি একেটা কাণ্ডৰ আন একাধিক ভিডিঅ’ ক্লিপ য’ত একেগৰাকী মহিলাক ল’ৰাৰ দলটোৱে একেধৰণৰ ব্যৱহাৰ কৰা দেখা যায়। ঘটনাটোৰ বিষয়ে বাংলাত বৰ্ণনা কৰা উক্ত ভিডিঅ’সমূহ ফেচবুক (ইয়াত আৰ্কাইভ কৰা হৈছে) আৰু ইউটিউবত (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰা হৈছে। সংবাদ মাধ্যমত শ্বেয়াৰ কৰা ভিজুৱেল ভাইৰেল ভিডিঅ’টোত দেখা দৃশ্যৰ সৈতে একে। (উৎস: লোকমত টাইমছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) বাংলা ভাষাত গুগলত কীৱৰ্ড চাৰ্চ কৰি আমি এবিপি লাইভত প্ৰকাশিত এটা হিন্দী প্ৰতিবেদন আৰু ডেইলী ইনকিলাব আৰু দ্য ৰিপৰ্টৰ বাংলা প্ৰতিবেদনকে ধৰি কেইবাটাও প্ৰতিবেদন লাভ কৰোঁ। এই প্ৰতিবেদনসমূহত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিলা স্ক্ৰীণশ্বট ব্যৱহাৰ কৰা হৈছে আৰু মহিলাগৰাকীক সুবাস বুলি চিনাক্ত কৰা হৈছে। তদুপৰি আমি বাংলাদেশৰ সংবাদ সংস্থা প্ৰতিদিনেৰ বাংলাদেশ, এছএটিভি, আৰু চেনেল ছাটকাহনত (ইয়াত, ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) প্ৰকাশিত ভিডিঅ' প্ৰতিবেদন লাভ কৰোঁ। এই বাতৰিসমূহত অভিনেত্ৰীগৰাকীয়ে হাতত কেক লৈ হাছিনাৰ জন্মদিন পালন কৰিবলৈ বিচৰা বুলি উল্লেখ কৰা দেখা যায়। কিন্তু তাত থকা লোকসকলে তেওঁক বাধা প্ৰদান কৰি হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। বাতৰি অনুসৰি ভাইৰেল ভিডিঅ’টোত দেখা এই ঘটনা ২০২৪ চনৰ ২৯ ছেপ্টেম্বৰত ঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষক-ছাত্ৰ কেন্দ্ৰ (টি এছ চি)ত সংঘটিত হৈছিল যেতিয়া সুবাসে হাছিনাৰ জন্মদিন পালন কৰিবলৈ তাত উপস্থিত হৈছিল। প্ৰতিবেদনসমূহত তেওঁৰ উদ্ধৃতিসহ কোৱা হৈছে যে ২৮ ছেপ্টেম্বৰত হাছিনাৰ জন্মদিনৰ দিনাই তেওঁ ব্যক্তিগতভাৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন পালন কৰিছিল যদিও টি এছ চিৰ ছাত্ৰ-ছাত্ৰীসকলে হাছিনাৰ জন্মদিনৰ দিনা আয়োজন কৰা এক অপমানজনক অনুষ্ঠানৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) প্ৰতিবাদ কৰিবলৈ তেওঁ এইদৰে পুনৰ ৰাজহুৱাভাৱে শ্বেখ হাছিনাৰ জন্মদিন পালন কৰিছিল। সিদ্ধান্ত ভাইৰেল ভিডিঅ’টোত বাংলাদেশত বোৰ্খা পৰিধান নকৰাৰ বাবে এগৰাকী আমেৰিকান মহিলাক হাৰাশাস্তি কৰা দেখুওৱা হোৱা নাই। ভিডিঅ’টোত দেখা পোৱা মহিলাগৰাকী হৈছে বাংলাদেশৰ অভিনেত্ৰী মিষ্টি সুবাস, যোৱা ২৯ ছেপ্টেম্বৰত তেওঁক ৰাজহুৱাভাৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ জন্মদিন পালন কৰাৰ বাবে হাৰাশাস্তি কৰা হৈছিল। (অনুবাদ: চন্দন বৰগোহাঁই)
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software