About: http://data.cimple.eu/claim-review/df1cb60ae6f69b52602837e2fe073a91002cdd16f1d661ef72d7d1ef     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • লেখক: ৰজনী কে জি আগষ্ট 28 2024 ভিডিঅ'টোত পাকিস্তানৰ তালাগাংগৰ তালাগাং-চকৱাল পথৰ এখন দলঙৰ তলেৰে বৰষুণৰ পানী বৈ যোৱা দেখা গৈছে। এইটো বাংলাদেশৰ ভিডিঅ’ নহয়। কি দাবী কৰা হৈছে? ত্ৰিপুৰাৰ ডাম্বুৰ বান্ধৰ গে’ট ভাৰতে খুলি দিয়াৰ ফলত বাংলাদেশত বানপানী হোৱা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এখন দলঙৰ তলেৰে পানী ঢল বৈ যোৱা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এগৰাকী এক্স (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, "যিসকলে ভাৰতক বন্ধু বুলি কয়, তেওঁলোক বাংলাদেশৰ শত্ৰু। পুনৰ কওঁ তেওঁলোক বাংলাদেশৰ চিৰ শত্ৰু বাংলাদেশ ইতিহাসৰ আটাইতকৈ ভয়াৱহ বানপানীৰ সন্মুখীন হৈছে। ফেনী, কুমিলা নোয়াখালিৰ বাবে প্ৰাৰ্থনা কৰক। #Flood." এই পোষ্টটোত ৮০৭ টা লাইক আৰু ২৯৭ টা ৰিটুইট হৈছিল। একেটা ভিডিঅ’ ফেচবুক আৰু ইউটিউবতো শ্বেয়াৰ কৰা হৈছিল। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব। উল্লেখযোগ্য যে ভাৰতে ত্ৰিপুৰাত ডাম্বুৰ বান্ধৰ গে’ট খুলি দিবলৈ লোৱা সিদ্ধান্তৰ ফলত বাংলাদেশত বানপানীৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰি ঢাকাৰ ছাত্ৰ-ছাত্ৰীসকলে কৰা প্ৰতিবাদৰ পিছতে এই পোষ্টসমূহ শ্বেয়াৰ কৰা হৈছে। ফেচবুকত শ্বেয়াৰ কৰা এনে এটা পোষ্টত ভিডিঅ'টোত ডাম্বুৰ বান্ধৰ গে’ট খুলি দিয়াত বাংলাদেশত বানপানী হোৱা বুলি দাবী কৰা হৈছে, ইয়াত আৰ্কাইভ কৰা হৈছে। অৱশ্যে ভাৰতে এই অভিযোগ খাৰিজ কৰিছে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে ত্ৰিপুৰাৰ গুমতি নদীত থকা ডাম্বুৰ বান্ধৰ গে’ট খুলি দিয়াৰ ফলত বাংলাদেশত বানপানী সৃষ্টি হোৱা নাই, বৰঞ্চ বৰষুণৰ ফলতহে এই বানপানীৰ সৃষ্টি হৈছে। অৱশ্যে এতিয়া ভাইৰেল হোৱা ভিডিঅ’টো পাকিস্তানৰ হয়, বাংলাদেশৰ নহয়। প্ৰকৃত তথ্য ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি পাকিস্তানী উৰ্দু নিউজ চেনেল HUM News-ৰ ইউটিউব চেনেলত ২০২৪ চনৰ ৮ আগষ্টত পোষ্ট কৰা একেটা ভিডিঅ’ লাভ কৰোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে)। "পাকিস্তানত বৰষুণৰ পিছত বিভিন্ন অঞ্চলত বানপানীৰ পৰিস্থিতি | হাই এলাৰ্ট | ব্ৰেকিং নিউজ।" শীৰ্ষক ভিডিঅ’টো প্ৰতিবেদনটোত ভাইৰেল ক্লিপটো ০:১৮ ছেকেণ্ডৰ টাইমষ্টেম্পত দেখা যায়। আন এটা ইউটিউব চেনেল, WE News-এ ২০২৪ চনৰ ৮ আগষ্টত ভিডিঅ'টো পোষ্ট কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) দাবী কৰিছিল যে "তালাগাংগত প্ৰচণ্ড বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে, নদীসমূহ ওফন্দি উঠিছে | WE News।" একেটা ক্লিপ পাকিস্তান ৱেডাৰ চেনেলৰ ফেচবুক একাউণ্টে (ইয়াত আৰ্কাইভ কৰা হৈছে) ২০২৪ চনৰ ৮ আগষ্টত পোষ্ট কৰিছিল। কেপচনত উৰ্দু ভাষাত লিখা আছে, "তালাগাংগত প্ৰচণ্ড বৰষুণ হোৱা দেখা গৈছিল।" গুগল মেপত দলংখনৰ স্ক্ৰীণশ্বট । (উৎস: গুগল মেপ) আমি ভিডিঅ’টোত দেখা দলংখন পাকিস্তানৰ তালাগাংগৰ চাকৱাল-তালাগাংগ ৰোডত অৱস্থিত বুলি জিঅ’লকেট কৰিবলৈ সক্ষম হ’লো। পাকিস্তানী সংবাদ পত্ৰ ডনে ২০২০ চনৰ ছেপ্টেম্বৰত এই দলংখনৰ এটা বেলেগ কোণৰ পৰা লোৱা এখন ছবি প্ৰকাশ কৰিছিল। তদুপৰি ইউটিউবত আপলোড কৰা দলংখনৰ অন্যান্য ভিজুৱেলসমূহো ভাইৰেল ভিডিঅ’টোৰ সৈতে মিলে। ডনৰ ফটো আৰু ভাইৰেল ভিডিঅ'টোৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: ডন/এক্স/স্ক্ৰীণশ্বট) এতিয়া ভাইৰেল হোৱা ভিডিঅ’টো কেতিয়া লোৱা হৈছিল আমি সেইটো নিৰ্ণয় কৰিব নোৱাৰিলো যদিও আমি দেখিলোঁ যে ভিডিঅ’টো পাকিস্তানৰ হয়, দাবী কৰা ধৰণে বাংলাদেশৰ নহয়। সিদ্ধান্ত ত্ৰিপুৰাত এটা বান্ধৰ গে’ট খুলি দিয়াৰ ফলত বাংলাদেশত বানপানী হোৱা দেখা গৈছে বুলি ভুৱা দাবীৰে পাকিস্তানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। (অনুবাদ: চন্দন বৰগোহাঁই)
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software