About: http://data.cimple.eu/claim-review/e671f2da63f1458c5e65ae06a5879be6e9462e6f959842f57980bf96     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: মিশৰৰ 2013 চনৰ প্ৰদৰ্শনৰ ভিডিঅ’ক সাম্প্ৰতিক কালত হোৱা হামাছ সংঘৰ্ষৰ বুলি ভাইৰাল কৰা হৈ আছে বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ভাইৰাল ভিডিঅ’ৰ ইজৰাইল আৰু হামাছ সংঘৰ্ষৰ লগত কোনো সম্পৰ্ক নাই। প্ৰকৃততে এই ভিডিঅ’খন 2013 চনৰ মিশৰৰ কাহিৰাৰ অল-অজহৰ বিশ্ববিদ্যালয়ত ছাত্ৰসকলৰ প্ৰদৰ্শনৰ হয়, যিটোক এতিয়া ইজৰাইল আৰু হামাছ যুদ্ধৰ লগত যুক্ত কৰি শ্বেয়াৰ কৰা হৈ আছে। - By: Jyoti Kumari - Published: Oct 31, 2023 at 05:54 PM বিশ্বাস নিউজ(নতুন দিল্লী)। ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ চলি আছে। ইয়াৰ লগত যুক্ত কৰি সামাজিক মাধ্যমত বহুত ছবি আৰু ভিডিঅ’ ভাইৰাল কৰা হৈ আছে। ভিডিঅ’খনত বহুত লোকক মৃতদেহৰ দৰে শুই থকা দেখা গৈছে। ভিডিঅ’ত এজন ব্যক্তি লড়-চড় কৰি থকা দেখা গৈছে, তাতেই বেলেক এজন ব্যক্তিক হাঁহি থকা দেখা গৈছে। এতিয়া এই ভিডিঅ’খনক শ্বেয়াৰ কৰি দাবি কৰা হৈছে যে, ইজৰাইলৰ আক্ৰমণৰ পিছত হামাছে জীৱিত ব্যক্তিসকলক মৃতদেহ সজাই তেঁওলোকৰ যুদ্ধত মৃত্যু হোৱা বুলি ভাও জুৰিছে। বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ভাইৰাল ভিডিঅ’খনৰ ইজৰাইল আৰু হামাছৰ যুদ্ধৰ লগত কোনো সম্পৰ্ক নাই। ভিডিঅ’খন মিশৰৰ কাহিৰা এলেকাৰ অল-অজহৰ বিশ্ববিদ্যালয়ত হোৱা এখন বিৰোধ প্ৰদৰ্শনৰ ভিডিঅ’ হয়, যিটোক এতিয়া ইজৰাইল আৰু হামাছ যুদ্ধৰ লগত যুক্ত কৰি শ্বেয়াৰ কৰা হৈ আছে। কি ভাইৰাল হৈ আছে? ফেচবুক ব্যৱহাৰকাৰী ‘জিতু বজৰঙ্গী জিতু বজৰঙ্গী’-এ 29 অক্টোৱৰ 2023-ত ভিডিঅ’খনক শ্বেয়াৰ কৰি কেপশ্বনত লিখিছে যে, “অলজাজিৰায় খুব ধুনিয়া শ্ব্যুটিং কৰিছে, হামাছৰ মৃত জিহাদীয়েও কেমেৰাৰ পোহৰৰ তাপৰ বাবে খুজাই আছে…!” পোষ্টৰ আৰ্কাইভ লিঙ্ক ইয়াত চাওক। তদন্ত ভাইৰাল ভিডিঅ’ৰ তদন্তৰ বাবে আমি ভাইৰাল ভিডিঅ’খনৰ স্ক্ৰিনশ্বটক গুগল ইমেজৰ জৰিয়তে বিছাৰিলোঁ। আমি ভিডিঅ’খন বহুত স্থানত আপল’ড হোৱা পালো। ‘elbadil’ নামৰ এখন ইউটিউব চেনেলত 28 অক্টোৱৰ 2013-ত ভাইৰাল ভিডিঅ’ৰ লগত জড়িত ভিডিঅ’ ৰিপোৰ্ট পালো। ভিডিঅ’ৰ লগত থকা তথ্য মতে, “অল-অজহৰ বিশ্ববিদ্যালয়ত মুছলিম ভাতৃত্ববোধৰ বহুত ছাত্ৰই কলেজৰ প্ৰশাসন ভৱনৰ ওচৰত বিশাল প্ৰদৰ্শনৰ আয়োজন কৰিছিল।” এই তদন্ত প্ৰক্ৰিয়াত আমি ‘Akhbar El yom TV’ নামৰ এটা আধিকাৰিক ইউটিউব চেনেলতও ভাইৰাল ভিডিঅ’ৰ লগত মিল থকা ভিডিঅ’ পালো। 28 অক্টোৱৰ 2013-ত আপল’ড কৰা ভিডিঅ’ৰ বিৱৰণী মতে(অনুবাদিত) “অল-অজহৰৰ ছাত্ৰসকলে নস্ত্ৰ চহৰত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত আক্ৰমণ কৰিলে” বহুত ফেচবুক ব্যৱহাৰকাৰীয়েও এই ভিডিঅ’খনক 2013 চনত শ্বেয়াৰ কৰিছিল।‘ايجيبشيان ستايل Egyptian STYLE’ নামৰ এখন ফেচবুক পেজে 29 অক্টোৱৰ 2013-ত এই ভিডিঅ’খন শ্বেয়াৰ কৰিছিল। একে দৰে বেলেক এটা ফেচবুক পেজ ‘شـكرا شفيق (thanks Ahmed Shafik)’-এও 29 অক্টোৱৰ 2013-ত এই ভিডিঅ’খন শ্বেয়াৰ কৰি কেপশ্বনত লিখিছিল যে (অনুবাদিত) “অল-অজহৰৰ বিশ্ববিদ্যালয়ৰ ভিতৰত মৃতদেহৰ সৈতে এক নাটকীয় প্ৰদৰ্শন। সুৰক্ষা ক’ত আছে? ভাইৰাল ভিডিঅ’ সন্দৰ্ভত আমি অল বদিল নিউজৰ লগত মেইলৰ জৰিয়তে যোগাযোগ কৰিলোঁ। তাৰ পৰা এই উত্তৰ আহিল যে, “ভিডিঅ’খন প্ৰায় দশ বছৰ পুৰণি। ইয়াৰ সাম্প্ৰতিক কালৰ ইজৰাইল আৰু হামাছ সংঘৰ্ষৰ লগত কোনো সম্পৰ্ক নাই।” আগতেও ইজৰাইল আৰু হামাছ সংঘৰ্ষৰ লগত জড়িত বহুত ভুৱা আৰু ভ্ৰমাত্মক দাবি সামাজিক মাধ্যমত ভাইৰাল হৈছে। যিবিলাকৰ তদন্ত বিশ্বাস নিউজে কৰিছে। আপুনি বিশ্বাস নিউজৰ ফেক্ট চেক ৰিপোৰ্টবিলাক ইয়াত পঢ়িব পাৰিব। শেষত আমি, প্ৰায় দশ বছৰ পুৰণি ভিডিঅ’ক ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা ব্যৱহাকাৰীৰ প্ৰ’ফাইলক স্কেন কৰিলোঁ। গম পালো যে ব্যৱহাৰকাৰীজন দেৰাদুনৰ বাসিন্দা। ব্যৱহাৰকাৰীক 1,976 জন লোকে ফেচবুকত অনুসৰণ কৰে। তেঁও এটা বিশেষ মতৰ দ্বাৰা প্ৰভাৱিত। इस फैक्ट चेक आर्टिकल को हिंदी में यहां पढ़ें। নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ভাইৰাল ভিডিঅ’ৰ ইজৰাইল আৰু হামাছ সংঘৰ্ষৰ লগত কোনো সম্পৰ্ক নাই। প্ৰকৃততে এই ভিডিঅ’খন 2013 চনৰ মিশৰৰ কাহিৰাৰ অল-অজহৰ বিশ্ববিদ্যালয়ত ছাত্ৰসকলৰ প্ৰদৰ্শনৰ হয়, যিটোক এতিয়া ইজৰাইল আৰু হামাছ যুদ্ধৰ লগত যুক্ত কৰি শ্বেয়াৰ কৰা হৈ আছে। - Claim Review : অলজাজিৰায় খুব ধুনিয়া শ্ব্যুটিং কৰিছে, হামাছৰ মৃত জিহাদীয়েও খুজাই আছে। - Claimed By : ফেচবুক ব্যৱহাৰকাৰী জিতু বজৰঙ্গী জিতু বজৰঙ্গী - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.123 as of May 22 2025


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data]
OpenLink Virtuoso version 07.20.3241 as of May 22 2025, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 8 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2026 OpenLink Software