schema:text
| - Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check
Contact Us: checkthis@newschecker.in
Fact checks doneFOLLOW US
Fact Check
Claim
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰ ঘোষণা ‘ইউৰোপত কোনো স্থান নাই ইছলামৰ’
Fact
ভাইৰেল ভিডিঅ’টো ইটালীৰ ৰোমত অনুষ্ঠিত ৰাজনৈতিক বৈঠকত প্ৰদান কৰা নহয়। ভিডিঅ’টো ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই ইণ্টাৰনেটত উপলব্ধ, যিটো জৰ্জিয়া মেলোনিয়ে ইটালীৰ এগৰাকী ৰাজনীতিবিদৰ বক্তব্যৰ সৈতে সন্মতি প্ৰকাশ কৰিছে।
বিভিন্ন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ লগতে অসমৰ ভালেমান আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে শেহতীয়াকৈ উল্লেখ কৰিছে যে, “I believe… there is a problem of compatibility between Islamic culture and the values and rights of our civilization… Will not allow Sharia law to be implemented in Italy…. values of our civilization are different!” (“মই বিশ্বাস কৰোঁ… ইছলামিক সংস্কৃতি আৰু আমাৰ সভ্যতাৰ মূল্যবোধ আৰু অধিকাৰৰ মাজত সামঞ্জস্যৰ সমস্যা আছে… শ্বৰীয়ত আইন কাৰ্যকৰী হ’বলৈ নিদিয়ে ইটালীত…. আমাৰ সভ্যতাৰ মূল্যবোধ বেলেগ!”) সংবাদ প্ৰতিষ্ঠানবোৰে উল্লেখ কৰিছে যে মেলোনিয়ে ৰোমত অনুষ্ঠিত এক ৰাজনৈতিক বৈঠকত উল্লেখ কৰিছে যে ইউৰোপত ইছলামৰ কোনো স্থান নাই। তেনে এটা প্ৰতিবেদনৰ ভিডিঅ’ ইয়াত ক্লিক কৰি চাব পাৰিব।
ইয়াৰ উপৰি আন কিছুমান সংবাদ প্ৰতিষ্ঠানেও এই বাতৰি একেধৰণৰ দাবীৰেই পৰিৱেশন কৰিছে। সেইবোৰৰ একাংশ ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব।
নিউজচেকাৰে পোনপ্ৰথমেই এই ভিডিঅ’ৰ সত্যতা নিৰূপণৰ বাবে “Giorgia Meloni Islamic culture” নামেৰে এটা গুগল কী-ৱৰ্ড চাৰ্চ কৰে। ইয়াতেই আমি NDTV, Times of India, Hindustan Times, আৰু India Today কে ধৰি একাধিক বাতৰি প্ৰতিবেদন লাভ কৰো। এই প্ৰতিবেদনবোৰত উল্লেখ কৰা হৈছে যে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ এটা পাঁচ বছৰ পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে, য’ত তেওঁ কৈছে যে ইছলামিক সংস্কৃতি আৰু ইউৰোপীয় সভ্যতাৰ মূল্যবোধ আৰু অধিকাৰৰ “সামঞ্জস্যতাৰ সমস্যা” আছে।
এনডিটিভিৰ এটা প্ৰতিবেদন অনুসৰি, ‘এই ভিডিঅ’টো ইটালীৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগৰ অৰ্থাত ২০১৮ চনৰ। পুৰণি ভিডিঅ’টোত মেল’নীয়ে ইটালীয় ভাষাত কথা কোৱা শুনা গৈছিল। শনিবাৰে ৰোমত তেওঁৰ সোঁপন্থী, অতি ৰক্ষণশীল ব্ৰাদাৰ্ছ অৱ ইটালী দলে আয়োজন কৰা এক অনুষ্ঠানৰ এদিন পিছতে এই ভিডিঅ’টো বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই অনুষ্ঠানত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকেও অংশগ্ৰহণ কৰিছিল।’
ইয়াৰ পিছত নিউজচেকাৰে ভিডিঅ’টোৰ একাধিক কীফ্ৰেম উলিয়াই ৰিভাৰ্ছ ইমেজ ছাৰ্ছ কৰে। যাৰ ফলত আমি ইটালীৰ সংবাদ মাধ্যম alanews ৰ এই Youtube ভিডিঅ’টো লাভ কৰো। ৯ ফেব্ৰুৱাৰী, ২০১৮ তাৰিখে আপলোড কৰা এই ভিডিঅ’টোৰ শিৰোনাম আছিল, “Meloni: “Salvini is right, Islam is incompatible with our culture” (“মেলোনি: “ছালভিনিয়ে সঠিক কৈছে, ইছলাম আমাৰ সংস্কৃতিৰ সৈতে অসঙ্গতিপূৰ্ণ”)। আমি জানিব পাৰিলোঁ যে মেল’নীয়ে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত ইটালীৰ প্ৰব্ৰজনকাৰী বিৰোধী নৰ্দাৰ্ণ লীগৰ নেতা মেটিঅ’ ছালভিনিয়ে দিয়া এটা বক্তব্যৰ কথা কৈছে। নেতাগৰাকীৰ মন্তব্য ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব। ২০১৮ চনতে একেধৰণৰ আন এটা প্ৰতিবেদন ইয়াত ক্লিক কৰি চাব পাৰিব।
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিয়ে ‘ইউৰোপত কোনো স্থান নাই ইছলামৰ’ বুলি কোৱা পুৰণি বক্তব্য ভাইৰেল হৈ পৰিছে।
Sources
NDTV report, December 19, 2023
Youtube video, alanews, February 9, 2018
যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
|