About: http://data.cimple.eu/claim-review/fee0f6f204684a64fbbda93f6ebd0f8abfdb384b60171f140e21c889     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • ফেক্ট চেক: কলমা পঢ়ি থকা মানুহবোৰৰ এই ভিডিঅ’ 2022 ৰ ফিফা ৱাৰ্ল্ড কাপৰ নহয় কলমা পঢ়ি থকা অৱস্থাত দেখা পোৱা মানুহবোৰৰ এই ভিডিঅ’খন বিশ্বাস নিউজৰ তদন্তত 2018 ৰ পুৰণি ভিডিঅ’ বুলি প্ৰমানিত হৈছে, এই পুৰণি ভিডিঅ’খনক ফিফা ৱাৰ্ল্ড কাপৰ লগত জড়িত কৰি ভ্ৰমাত্মক দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে। - By: Umam Noor - Published: Nov 27, 2022 at 03:46 PM - Updated: Nov 27, 2022 at 05:44 PM নতুন দিল্লি(বিশ্বাস নিউজ). সামাজিক মাধ্যমত 2022 ৰ ফিফা ৱাৰ্ল্ড কাপক লৈ বহুত ভিডিঅ’ ভ্ৰমাত্মক আৰু ভুৱা দাবিৰ সৈতে ভাইৰাল হৈ আছে। এই সুত্ৰ ধৰি এখন ভিডিঅ’ বিভিন্ন প্লেটফৰ্মত ব্যৱহাৰকাৰীসকলৰ জৰিয়তে বিয়পাই দিয়া হৈছে, য’ত, দুজন ব্যক্তিক কিছু মানুহৰ আগত কলমা পঢ়া অৱস্থাত দেখা পোৱা গৈছে। ভিডিঅ’ৰ অন্তত এই মানুহবোৰক অন্যান্য মানুহৰ লগত মিলি থকা অৱস্থাতও দেখা গৈছে। এতিয়া এই ভিডিঅ’খনক এই বক্তব্যৰ সৈতে ভাইৰাল কৰা হৈছে যে, 2022 ৰ ফিফা ৱাৰ্ল্ড কাপত যোগ দি একত্ৰিত হোৱা এই মানুহবোৰে ইচলাম ধৰ্ম গ্ৰহণ কৰিছে। বিশ্বাস নিউজে এই ভিডিঅ’ সন্দৰ্ভত কৰা তদন্তত এই তথ্য লাভ কৰে যে, ভিডিঅ’ খন আচলতে 2018-ৰ, এতিয়া এই পুৰণি ভিডিঅ’খনক ফিফা ৱাৰ্ল্ড কাপৰ লগত সংযুক্ত কৰি ভ্ৰমাত্মক দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে। ভাইৰাল হৈ থকা পোষ্টখনত কি আছে ? ফেচবুক ব্যৱহাৰ কাৰী ‘Ashiqul Islam’ এ ভিডিঅ’খন শ্বেয়াৰ কৰি লিখিছে যে, ‘ফিফা বিশ্বকাপ। এতিয়ালৈকে 1000 ৰো অধিক লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে, যদিও অনুষ্ঠানটো এতিয়াও আৰম্ভ হোৱা নাই। আজি প্ৰথম খন খেল। #QatarWorldCup2022 #Qatar2022 #FIFAWorldCup #qatar2022worldcup Co” ফিফা ৱাৰ্ল্ড কাপৰ ভ্ৰমাত্মক দাবিৰ সৈতে এই ভিডিঅ’খনক ফেচবুক, টুইটাৰ আৰু ইউটিউবত ভাইৰাল কৰা হৈ আছে।পোষ্টখনৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক। তদন্ত 20 নভেম্বৰ 2022 ত ফিফা 2022 ৰ উদ্বোধন অনুষ্টান কাতাৰৰ অল খ’ৰ চহৰৰ অল বায়াত খেলপথাৰত অনুষ্টিত হৈ যায়। ইয়াৰ লগত জড়িত সংবাদ ইয়াত পঢ়িব পাৰিব। ভাইৰাল ভিডিঅ’ সন্দৰ্ভত তদন্ত আৰম্ভ কৰোতে আমি ভিডিঅ’খনক পুনপ্ৰথমতে ইনৱিড টুলত আপল’ড কৰিলো আৰু কেইবাখন কিফ্ৰেম ওলালো আৰু সেইবিলাকক গুগল লেঞ্চৰ মাধ্যমে বিছৰা আৰম্ভ কৰিলো। অনুসন্ধান চলি থাকোতে আমি এই একেখন ভিডিঅ’ 2018 ৰ 14 মাৰ্চত এখন ইউটিউব চেনেলত আপল’ড কৰা অৱস্থাত দেখা পালো। তাত ভিডিঅ’ৰ লগত থকা তথ্য অনুসৰি ‘ফিলিপিঞ্চৰ 60 জন যুৱকৰ এটা দলে ইচলাম ধৰ্ম গ্ৰহণ কৰিলে।’ এই একে ভিডিঅ’ আমি 2018 ৰ 12 মাৰ্চত আপল’ড হোৱা বুলি তাতে গম পালো। ইয়াত ভিডিঅ’ৰ লগত থকা বিতং তথ্যত কোৱা হৈছে যে, ‘কাতাৰত 60 জন ফিলিপিঞ্চ নাগৰিকে ইচলাম ধৰ্মত ধৰ্মান্তৰণ কৰিলে।’ বিশ্বাস নিউজে ভিডিঅ’ৰ তথ্য সন্দৰ্ভত নিশ্চিত হোৱাৰ বাবে নিউজ18 ৰ জ্যেষ্ঠ সংবাদদাতা সম্পাদক বিনীত ৰামকৃষ্ণনৰ লগত যোগাযোগ কৰিলে আৰু ভাইৰাল ভিডিঅ’খন তেঁওৰ লগত শ্বেয়াৰ কৰিলে, তেঁও আমাক এয়া নিশ্চিত কৰিলে যে এই ভিডিঅ’খন ফিফা ৱাৰ্ল্ড কাপ 2022-ৰ নহয়। বিশ্বাস নিউজে এই ফেক্ট চেকত ফিফা ৱাৰ্ল্ড কাপ 2022 ত সংঘটিত হোৱা কোনো ধৰণৰ ঘটনাৰ নিশ্চিতিকৰণ নাইবা খন্ডন নকৰে। আনকি এয়াও প্ৰমান দিব নিবিছাৰে যে এই ভিডিঅ’খন কেতিয়াৰ আৰু ক’ত সংঘটিত হোৱা ঘটনাৰ।তথাপিও এয়া স্পষ্ট যে এই ভিডিঅ’খন ফিফা ৱাৰ্ল্ড কাপ 2022 ত সংঘটিত হোৱা কোনো ঘটনাৰ নহয়, সেইহে এয়া এখনি ভ্ৰমাত্মক পোষ্ট। ভ্ৰমাত্মক পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ ছ’ছিয়াল ষ্কেনিঙত আমি জানিব পালো যে, ব্যৱহাৰকাৰীজন Calicut বাসিন্দা আৰু ফেচবুকত তেঁওৰ 5 হাজাৰ মিত্ৰ আছে। নিষ্কৰ্ষঃ কলমা পঢ়ি থকা অৱস্থাত দেখা পোৱা মানুহবোৰৰ এই ভিডিঅ’খন বিশ্বাস নিউজৰ তদন্তত 2018 ৰ পুৰণি ভিডিঅ’ বুলি প্ৰমানিত হৈছে, এই পুৰণি ভিডিঅ’খনক ফিফা ৱাৰ্ল্ড কাপৰ লগত জড়িত কৰি ভ্ৰমাত্মক দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে। - Claim Review : এতিয়ালৈকে 1000 ৰো অধিক লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে, যদিও অনুষ্ঠানটো এতিয়াও আৰম্ভ হোৱা নাই। - Claimed By : Ashiqul Islam - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.123 as of May 22 2025


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data]
OpenLink Virtuoso version 07.20.3241 as of May 22 2025, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 8 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2026 OpenLink Software