About: http://data.cimple.eu/claim-review/608add7cbdd59a94b10ae68c8c2244c78285a77a6395ea475125aeae     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • লেখক: ৰাহুল অধিকাৰী ছেপ্তেম্বৰ 27 2024 এইটো মুম্বাইৰ নহয়, বৰঞ্চ ২০২৪ চনৰ ১০ ছেপ্টেম্বৰত পোপ ফ্ৰান্সিছে তিমুৰ-লেস্তেৰ ৰাজধানী দিলি ভ্ৰমণ কৰাৰ সময়ত লোৱা ভিডিঅ হয়। কি দাবী কৰা হৈছে? ছ’চিয়েল মিডিয়াত বৃহৎ সংখ্যক মানুহৰ ভিৰৰ মাজেৰে একাধিক গাড়ীৰ এটা কনভয় পাৰ হৈ গৈ থকা এটা ভিডিঅ’ শ্বেয়াৰ কৰি এইটো মুম্বাইত মুছলমানে উলিওৱা ৰেলীৰ দৃশ্য বুলি দাবী কৰা হৈছে। ভিডিঅ’টো এক্সত শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “এয়া পাকিস্তান বা বাংলাদেশ নহয়। আনকি এয়া ইৰাক, ইৰাণ, বা আফগানিস্তানও নহয়। এইখন আমাৰ মুম্বাই, য’ত মুছলমানে ৰাজপথত সিহঁতৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰে। হিন্দুবিলাক শুই থাকা (হিন্দীৰ পৰা অনুবাদ কৰা হৈছে)।" এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব। অসমীয়াতো ভিডিঅ’টো (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰি এইটো মুম্বাইৰ বুলি দাবী কৰা হৈছে। ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) প্ৰাপ্ত তথ্য অনুসৰি ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক নিতেশ ৰানে আৰু প্ৰচাৰক ৰামগিৰি মহাৰাজক ঘৃণাসূচক মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰৰ দাবী জনাই যোৱা ২৩ ছেপ্টেম্বৰত মুম্বাইত ১২ হাজাৰৰো অধিক মুছলমান প্ৰতিবাদকাৰীয়ে সমদল উলিয়াইছিল। অৱশ্যে, মুম্বাইত মুছলমানে উলিওৱা ৰেলী হিচাপে প্ৰচাৰিত ভাইৰেল ভিডিঅ’টো আচলতে তিমুৰ-লেস্তেৰ হয়, ২০২৪ চনৰ ৯-ৰ পৰা ১১ ছেপ্টেম্বৰত পোপ ফ্ৰান্সিছে দেশখনৰ ৰাজধানী ভ্ৰমণ কৰাৰ সময়ত এই সমদল উলিওৱা হৈছিল। আমি প্ৰকৃত সত্য কেনেকৈ বিচাৰি পালোঁ? আমি ভাইৰেল ভিডিঅ’টোৰ পৰা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে ইয়াক ১২ ছেপ্টেম্বৰত টিকটক আৰু ফেচবুকত এইটো শ্বেয়াৰ কৰা হৈছিল। এজন ব্যৱহাৰকাৰীয়ে দাবী কৰিছিল যে ভিডিঅ’টো (ইয়াত আৰ্কাইভ কৰা হৈছে) পোপ ফ্ৰান্সিছৰ তিমুৰ-লেস্তে ভ্ৰমণৰ সময়ত ৰেকৰ্ড কৰা হৈছিল। ৰেই মাৰ্কেছ নামৰ এজন ব্যৱহাৰকাৰীয়েও #timor হেচটেগ ব্যৱহাৰ কৰি টিকটকত (ইয়াত আৰ্কাইভ কৰা হৈছে) ভিডিঅ’টো পোষ্ট কৰিছিল। ভিডিঅ’টোত দিয়া এটা কমেন্টত লিখা আছিল, “ৱাউ!তিমুৰ লেস্তেত ৬০০০০০ কেথলিকে পোপক আদৰণি জনাইছে, ২০২৪ চনত তিমুৰ লেস্তেৰ জনসংখ্যা ১ মিলিয়নৰ অধিক,অৰ্থাৎ পোপৰ বাবে তিমুৰ লেস্তেৰ আধা জনসংখ্যা উৎসৰ্গিত! ৱাউ! (sic)" মাৰ্কেছে উক্ত কমেন্টৰ উত্তৰত কয়, “আচলতে ৭৫০,০০০।” ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ভিডিঅ’টো সঁচাকৈয়ে পোপ ফ্ৰান্সিছৰ তিমুৰ-লেস্তে ভ্ৰমণৰ সময়ত লোৱা হৈছিল। আমি ভিডিঅ'টোৰ এটা স্পষ্ট সংস্কৰণ (ইয়াত আৰ্কাইভ কৰা হৈছে) টিকটকত লাভ কৰোঁ, যিটো NyongTimor92 নামৰ এজন ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছিল। ইণ্ডোনেছিয়ান ভাষাত লিখা এই কেপচনত নিশ্চিত কৰা হৈছে যে ইয়াত পোপ ফ্ৰান্সিছে ১০ ছেপ্টেম্বৰত তিমুৰ-লেস্তেৰ ডিলি ভ্ৰমণৰ দৃশ্য দেখুওৱা হৈছে। ইষ্ট তিমুৰৰ প্ৰায় ৬ লাখ লোকে—দেশখনৰ জনসংখ্যাৰ আধাতকৈ অলপ কম—১০ ছেপ্টেম্বৰত ডিলিৰ এস্প্লেনেড অৱ টাচিট’লুত পোপ ফ্ৰান্সিছৰ সৈতে এক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল। ৰয়টাৰৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পোপৰ অনুষ্ঠানৰ বাবে মঙলবাৰে ডিলিত কেইবা কিলোমিটাৰ ধৰি বৃহৎ সংখ্যক লোকে ভিৰ কৰিছিল। প্ৰতিবেদনটোৰ এখন ছবিৰ কেপচনত লিখা আছে, “২০২৪ চনৰ ১০ ছেপ্টেম্বৰত ইষ্ট তিমুৰৰ ডিলিৰ টাচিট’লুৰ এস্প্লেনেডত পবিত্ৰ জনসমাগমক নেতৃত্ব দিয়াৰ পিছত পোপ ফ্ৰান্সিছে কেথলিক বিশ্বাসীসকলক অভিবাদন জনায়।” টিকটক ভিডিঅ’ আৰু ৰয়টাৰে নিশ্চিত কৰিছে যে পোপে ডিলিৰ তাচিট’লু ভ্ৰমণ কৰিছিল। ভিডিঅ'টোৰ ভালদৰে চাই আমি গুগল ষ্ট্ৰীট ভিউৰ দৃশ্যৰ সৈতে মিলা এটা বিল্ডিং আৰু এজোৰা গছ দেখিবলৈ পাওঁ । টাচিট’লুৰ এস্প্লেনেডৰ চাৰিওফালে থকা ঠাইখিনি জিঅ’ল’কেট কৰি আমি ভিডিঅ’টোক গুগল মেপত পোৱা ছবিৰ সৈতে তুলনা কৰি এই সিদ্ধান্তত উপনীত হ’লোঁ যে ইয়াক ডিলিৰ উপকূলীয় অঞ্চলৰ ওচৰৰ এটা ৰাস্তাত কেমেৰাত আৱদ্ধ কৰা হৈছিল। ভাইৰেল ভিডিঅ’ আৰু গুগল ষ্ট্ৰীট ভিউৰ দৃশ্যৰ তুলনা। (উৎস: এক্স/গুগল মেপ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) আমি মন কৰিলোঁ যে ভাইৰেল ভিডিঅ' আৰু গুগল ষ্ট্ৰীট ভিউ-ত একেটা পেট্ৰ'ল পাম্প দেখা যায় ৷ পূৰ্বে উল্লেখ কৰা বিল্ডিংটোৰ ঠিক কাষেতে উক্ত পেট্ৰ’ল পাম্পটো আছে। দুয়োটা ভিজুৱেলতে হেলনীয়া ছাদ থকা এটা বিল্ডিং দেখা যায়, যাৰ দ্বাৰা ভিডিঅ’টো যে মুম্বাইৰ নহয় সেয়া নিশ্চিত হোৱা যায়। ভাইৰেল ভিডিঅ’ আৰু গুগল ষ্ট্ৰীট ভিউৰ দৃশ্যৰ তুলনা। (উৎস: এক্স/গুগল মেপ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ইয়াৰ উপৰিও ভাইৰেল ভিডিঅ’টোত আমি ষ্ট্ৰীট লাইটৰ খুঁটাত একাধিক ৰঙা পতাকা দেখা পাওঁ। ইউটিউবত উপলব্ধ ৰয়টাৰে কৰা পোপৰ প্ৰস্থানৰ লাইভ ষ্ট্ৰিম (ইয়াত আৰ্কাইভ কৰা হৈছে) চাই আমি নিশ্চিত কৰিলোঁ যে এই পতাকাসমূহ তিমুৰ-লেস্তেৰ ৰাষ্ট্ৰীয় পতাকা বুলি নিশ্চিত হ’লো। কনভয় যোৱা পথৰ কাষত ষ্ট্ৰীট লাইট আৰু ষ্টেণ্ডত একেধৰণৰ পতাকা দেখা যায়। ভাইৰেল ভিডিঅ’ আৰু ৰয়টাৰে লাইভ ষ্ট্ৰীম কৰা ভিডিঅ’টোৰ মাজত তুলনা। (উৎস: এক্স/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) আমি লাভ কৰা এই প্ৰমাণসমূহৰ পৰা এইটো নিশ্চিত হৈছে যে এই ভিডিঅ’টো তিমুৰ-লেস্তেৰ হয় আৰু পোপ ফ্ৰান্সিছে দেশখনৰ পূব অংশ ভ্ৰমণৰ সময়ত এইটো কেমেৰাত ৰেকৰ্ড কৰা হৈছিল। ২৩ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত ৰেলীৰ ভিডিঅ’ বুলি ক্লিপটো মিছাকৈ শ্বেয়াৰ কৰা হৈছে। সিদ্ধান্ত তিমুৰ-লেস্তেৰ এটা ভিডিঅ’ মুম্বাইত মুছলমানে উলিওৱা ৰেলীৰ দৃশ্য হিচাপে মিছাকৈ শ্বেয়াৰ কৰা হৈছে। পোপ ফ্ৰান্সিছে তিমুৰ-লেস্তে ভ্ৰমণৰ সময়ত ভিডিঅ’টো ৰেকৰ্ড কৰা হৈছিল। মুম্বাইত হোৱা প্ৰতিবাদৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। (অনুবাদ: চন্দন বৰগোহাঁই)
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 2 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software